তেজপুৰ, ১০ জুন : উত্তৰ ছিক্কিমৰ নগা গাঁৱৰ সমীপত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ উদ্ধাৰ অভিযান (ITBP rescue operation in Sikkim)। ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ১১ নং বাহিনীয়ে উত্তৰ চিক্কিমৰ ৰিত-চু নামৰ এখন দলঙৰ কাষত বৃস্পতিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে ৷ লোকজন আছিল পৰ্যটক কঢ়িওৱা এখন বাহনৰ চালক । এটা জলপ্ৰপাতৰ ফটো তুলি থকা অৱস্থাতে তললৈ বাগৰি পৰে পৰ্যটকজন আৰু টেক্সি চালকজন (Sikkim tourist accident news) ৷
পৰৱৰ্তী সময়ত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে যদিও পৰ্যটকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ১১ নং বাহিনীৰ দলটোৱে ।
ঘটনা অনুসৰি, চালক কৰ্ণ বাহাদুৰ টামাঙে পৰ্যটকৰ উদয় কুমাৰ সিঙৰ লগত উত্তৰ চিক্কিমৰ এটা জলপ্ৰপাতৰ কাষত সৌন্দৰ্য উপভোগ কৰি ফটো তুলি আছিল । কিন্ত দুৰ্ভাগ্যজনকভাৱে হঠাৎ ভৰি পিচলি পৰে পৰ্যটকজন ৷ তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে চালকজনে নিজেই প্ৰচণ্ড পানীৰ সোঁতত পৰি মৃত্যুক সাৱটি লয় (Tourist fall in river at Sikkim)।
ঘটনাৰ পিচত আজিও ভাৰত-তিব্বত সীমান্ত আৰক্ষী আৰু অন্যান্য উদ্ধৰকাৰী দলে পৰ্যটক উদয় কুমাৰ সিঙক বিচাৰি অভিযান অব্যাহত ৰাখিছে । কিন্তু বৰ্তমানলৈকে পৰ্যটকজনৰ উদ্ধাৰৰ কোনো তথ্য উপলব্ধ হোৱা নাই ।
লগতে পঢ়ক: ব্ৰডগজ লৈ কেন্দ্ৰ ৰেলব’ৰ্ড আৰু ৰেলৰ নিৰ্মাণ শাখাক জাননী উচ্চ ন্যায়ালয়ৰ