ETV Bharat / bharat

French national cremated as per Hindu rituals : প্ৰথমবাৰৰ বাবে কাশীত হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ ফৰাচী নাগৰিকক

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:37 PM IST

মুক্তি পালে মাইকেল ৷ বাৰাণসীত প্ৰথমবাৰৰ বাবে হিন্দু ৰীতি-নীতি অনুযায়ী ফৰাচী নাগৰিক মাইকেলক সৎকাৰ কৰা হয় ৷

French national cremated as per Hindu rituals
মুক্তি পালে মাইকেলে

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ : কিছুদিন পূৰ্বে কাশীলৈ আহিছিল ফ্ৰান্সৰ নাগৰিক মাইকেল । কাৰণ তেওঁ কাশীতে মোক্ষ লাভ কৰিব বিচাৰিছিল । তথ্য অনুসৰি, তিনিদিন পূৰ্বে মৃত্যু হয় এইগৰাকী ফ্ৰান্সৰ নাগৰিক মাইকেলৰ । তেওঁৰ মৃতদেহ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ ট্ৰমা চেণ্টাৰৰ মৰ্চাৰীত ৰখা হৈছে ।

শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুপৰীয়া প্ৰায় 2 বজাত মৃতদেহটো হৰিশচন্দ্ৰ ঘাটলৈ অনা হয় । ইয়াতে তেওঁক সৎকাৰ কৰা হয় । বাৰাণসীৰ উপায়ুক্ত কৌশল ৰাজ শৰ্মাই এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে যিমান ধনৰ প্ৰয়োজন, তেওঁ সকলো খৰচ বহন কৰিছে বুলি জানিব পৰা গৈছে । কাশীত এইটোৱেই প্ৰথম ঘটনা, যি হিন্দু ৰীতি-নীতি আৰু পৰম্পৰাৰে ফৰাচী নাগৰিকৰ শেষকৃত্য কৰা হৈছে ৷

French national cremated as per Hindu rituals
মুক্তি পালে মাইকেল
উল্লেখ্য যে, প্ৰতিজন ব্যক্তিয়ে কাশীত মোক্ষ লাভৰ কামনা কৰে । আধ্যাত্মিতাত বিশ্বাসী সকলো লোকেই জীৱনৰ শেষৰ সময়চোৱা কাশীত কটাব বিচাৰে । ফ্ৰান্সৰ নাগৰিক মাইকেলৰো এনেকুৱা এটাই সৌভাগ্য হৈছিল । তেওঁ নিজৰ অসুস্থতাৰ বিষয়ে গম পোৱাৰ পিচত আহিছিল কাশীলৈ, জীৱনৰ শেষ সময়খিনি কটাবলৈ ।

কথিত আছে যে, কাশীত মোক্ষ লাভ কৰাটো সহজ নহয় । ইয়াত থাকিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয় । মাইকেলো ব্যতিক্ৰম নহয় ৷ বহুত কষ্টৰ অন্তত তেওঁ থাকিবলৈ এটা কোঠা পালে । জীৱনৰ শেষৰ কেইটামান দিন ভালদৰেই পাৰ কৰিছিল কাশীত ৷ মৃত্যুৰ পূৰ্বে তেওঁ প্ৰায় 20 দিন কাশীত কটাবলৈ পাৰিছিল ।

মাইকেল এটা অতিথিশালাত অচেতন হৈ পৰিছিল :

বাৰাণসীত সৎকাৰ ফৰাচী নাগৰিকক

অসুস্থতাৰ কথা গম পাই মাইকেলে কাশীলৈ অহাৰ সিদ্ধান্ত লৈছিল । তেওঁ কাশীত মোক্ষ বিচাৰিছিল । মাইকেলে কৈছিল যে তেওঁ অধ্যয়ন কৰি জানিব পাৰিছিল যে ‘‘কাশীত মৃত্যু হ’লে স্বৰ্গলৈ গতি কৰিব পাৰি’’ । সেয়ে তেওঁ পৰিয়াল এৰি বাৰাণসীলৈ আহে ।

অৱশ্যে মাইকেল বিবাহিত পুৰুষ নাছিল । মাইকেল যেতিয়া বাৰাণসীলৈ আহিছিল, তেতিয়া তেওঁ থাকিবলৈ ঠাই বিচাৰি পোৱা নাছিল । যিহেতু মাইকেল বিদেশী নাগৰিক আছিল, সেয়েহে মুমুক্ষু ভৱনত থাকিবলৈ ঠাই নাপালে । ইয়াৰ পিচত মাইকেলে দুঃখিত হৈ অতিথিশালাত থাকিবলৈ ধৰিলে । প্ৰায় ১০ দিনৰ পাচত আৰু অধিক অসুস্থ হৈ পৰে মাইকেল ৷ তাৰ পাচত তেওঁ এদিন কোঠাটোৰ ভিতৰতে অচেতন হৈ পৰে।

প্ৰায় ১০ দিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল মাইকেল

মাইকেল অচেতন হোৱাৰ পিচত তেওঁক কবিৰচৌৰা সংমণ্ডল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰ পিচতো তেওঁ উপযুক্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম নহ’ল ৷ তথ্য অনুসৰি, মাইকেল 10 দিন চিকিৎসালয়ৰ বিচনাত আছিল । এই কথা উল্লেখ কৰিছে এগৰাকী সমাজকৰ্মীয়ে ৷

ইয়াৰ পিচত তেওঁ এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰে । তাৰ পিচত জিলা প্ৰশাসনৰ তৎপৰতাত ঘাটত অৱস্থিত ‘‘আপনা ঘৰ’’ আশ্ৰমত তেওঁক থাকিবলৈ ঠাই দিয়া হয় । এই আশ্ৰমতে তৎকালীনভাৱে মাইকেলক চিকিৎসা প্ৰদান কৰা হয় যদিও তিনিদিন পূৰ্বে তেওঁৰ মৃত্যু হয় ৷

হিন্দু ৰীতি-নীতি অনুসৰি শেষ ৰীতি-নীতি সম্পন্ন

শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দিনৰ প্ৰায় 2 বজাত তেওঁৰ মৃতদেহ হৰিশচন্দ্ৰ ঘাটলৈ লৈ যোৱা হয় । য'ত তেওঁক সৎকাৰ কৰা হয় ৷ এই সময়ছোৱাত জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে । জিলা প্ৰশাসনৰ লোকে জনোৱা মতে, মাইকেলৰ শেষকৃত্য সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা হয় ।

লগতে পঢ়ক : Removal of duplicate entries in electoral rolls : ভোটাৰ তালিকাৰ নকল প্ৰৱেশ সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণত সন্মত উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.