ETV Bharat / bharat

2024 Lok Sabha polls: অহা লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ৯৯৭ গৰাকী যৌনকৰ্মীয়ে

প্ৰথমবাৰৰ বাবে 2024 ৰ লোকসভা নিৰ্বাচনত কানপুৰৰ পৰা ভোট দিব ৯৯৭ গৰাকী যৌনকৰ্মীয়ে ৷ কানপুৰৰ জিলা দণ্ডাধীশ বিশাখ জিয়ে কয় যে, গণতন্ত্ৰৰ দৃষ্টিকোণৰ পৰা এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব ।

Sex workers of Kanpur to vote in 2024
লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব যৌনকৰ্মীয়ে
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:50 AM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : যৌনকৰ্মীৰ ভোটাধিকাৰক লৈ উত্তৰ প্ৰদেশৰ ঐতিহাসিক সিদ্ধান্ত ৷ 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কানপুৰৰ পৰা ভোট দিব ৯৯৭ গৰাকী যৌনকৰ্মীয়ে ৷ উত্তৰ প্ৰদেশত এতিয়ালৈকে নিৰ্বাচনী তালিকাত তিনিটা শ্ৰেণীৰ ভোটাৰ আছে পুৰুষ, মহিলা আৰু তৃতীয় লিংগ ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এই তালিকাত এতিয়া যোগ হৈছে যৌনকৰ্মীৰ নাম ৷ বুদ্ধদেৱ কৰ্মকাৰ বনাম পশ্চিম বংগ ৰাজ্য আৰু অন্যান্য ৰাজ্যৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ২০২২ চনৰ ১০ জানুৱাৰীত যৌনকৰ্মীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ এই ঐতিহাসিক নিৰ্দেশ দিয়ে ৷

কানপুৰৰ জিলা দণ্ডাধীশ বিশাখ জিয়ে কয় যে, গণতন্ত্ৰৰ দৃষ্টিকোণৰ পৰা এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব ৷ এতিয়ালৈকে প্ৰান্তীয়কৃত হোৱা অধিকৰ পৰা অধিক সংখ্যক যৌনকৰ্মীক সমাজৰ মূলসুঁতিৰ সৈতে একত্ৰিত কৰা হ’ব ৷

লগতে পঢ়ক : Womens Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক কেতিয়াও গৃহীত কৰাৰ উদ্দেশ্য নাছিল ইউ পি এ চৰকাৰৰ; অনুৰাগ ঠাকুৰ

জিলা দণ্ডাধীশগৰাকীয়ে কয় যে, যৌনকৰ্মীৰ উপৰিও অনুসূচিত জাতি আৰু জনজাতিৰ দৰে আন কিছু শ্ৰেণীৰ লোককো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব ৷ ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত নিৰ্বাচন আয়োগে যৌনকৰ্মীৰ নাম ভোটাৰ তালিকাত যোগ কৰাৰ কাম আৰম্ভ কৰিছিল ৷

একে সময়তে ২০২২ চনৰ ১৫ জুলাইত তেতিয়াৰ বিত্ত বিভাগৰ অতিৰিক্ত জিলা দণ্ডাধীশ তথা উপ-জিলা নিৰ্বাচনী বিষয়া দয়ানন্দ প্ৰসাদে উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ লিখি ভোটাৰ পঞ্জীয়ন বিষয়াই পৰীক্ষা কৰাৰ পিছত ভোটাৰ তালিকাত যৌনকৰ্মীসকলৰ নাম তালিকাভুক্ত কৰা বুলি পত্ৰ লিখিছিল ।

লগতে পঢ়ক : Trudeaus allegations against India: ভাৰতৰ বিৰুদ্ধে ট্ৰুডোৰ অভিযোগৰ পিছত কানাডাৰ ৰাজনীতিক উদ্ভট আখ্যা গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.