ETV Bharat / bharat

BSF-BGBৰ সম্পৰ্কই সীমান্ত সমস্যাৰ সমাধান কৰিব - মৈত্ৰী ফুটবল খেল

সোমবাৰে ত্ৰিপুৰাৰ বেল’নিয়াত বিএচএফ আৰু বিজিবিৰ মাজৰ মৈত্ৰী ফুটবল খেলৰ শুভাৰম্ভ কৰি সাংবাদিকৰে হোৱা মত বিনিময় কৰে আইজি সুশান্ত কুমাৰ নাথে ৷ তেওঁ কয় যে, 15 ঠাইত এনে উন্মুক্ত সীমান্ত আছে য’ত ফেঞ্চিং লগোৱাৰ বাবে বিজিবিৰ সন্মতিৰ প্ৰয়োজন বিএচএফক ৷ ইতিমধ্যে বিজিপি তিনি ঠাইৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ বিজিবিয়ে অতি শীঘ্ৰে বাকী থকা ঠাইখিনিৰ বাবে অনুমতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সুশান্ত কুমাৰ নাথে ৷

Improved BSF-BGB relations resolves fencing impasse: IG Tripura frontier
BSF-BGBৰ সম্পৰ্কই সীমান্ত সমস্যাৰ সমাধান কৰিব
author img

By

Published : Mar 16, 2021, 9:32 AM IST

আগৰতলা, 16 মাৰ্চ: ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ বিজিবিৰ মাজৰ সম্পৰ্ক বিগত সময়ছোৱাত বহুখিনি উন্নত হৈছে ৷ ইয়াৰ উপৰিও কিছু নিৰ্বাচিত অংশত ফেঞ্চিঙৰ ব্যৱস্থা কৰাৰ বাবে দীৰ্ঘ সময় ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰো এক সৌহাৰ্যপূৰ্ণ সমাধান পৰিলক্ষিত হৈছে ৷ এই মন্তব্য বিএচএফৰ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ আইজি সুশান্ত কুমাৰ নাথৰ ৷

সোমবাৰে ত্ৰিপুৰাৰ বেল’নিয়াত বিএচএফ আৰু বিজিবিৰ মাজৰ মৈত্ৰী ফুটবল ৰেলীৰৱ শুভাৰম্ভ কৰি সাংবাদিকৰে হোৱা মত বিনিময় কৰে আইজি সুশান্ত কুমাৰ নাথে ৷ তেওঁ কয় যে, 15 ঠাইত এনে উন্মুক্ত সীমান্ত আছে য’ত ফেঞ্চিং লগোৱাৰ বাবে বিজিবিৰ সন্মতিৰ প্ৰয়োজন বিএচএফক ৷ ইতিমধ্যে বিজিপি তিনি ঠাইৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ বিজিবিয়ে অতি শীঘ্ৰে বাকী থকা ঠাইখিনিৰ বাবে অনুমতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সুশান্ত কুমাৰ নাথে ৷

BSF-BGBৰ সম্পৰ্কই সীমান্ত সমস্যাৰ সমাধান কৰিব

সুশান্ত কুমাৰ নাথে জনোৱা অনুসৰি, ভাৰত-বাংলা সীমান্তত প্ৰায় 40 কিলোমিটাৰ অঞ্চলত কোনোধৰণৰ ফেঞ্চিঙৰ ব্যৱস্থা নাই ৷ এই ফেঞ্চিং সমূহ আন্তৰ্জাতিক সীমান্তৰ পৰা 150 কিলোমিটাৰ আঁতৰত স্থাপন কৰা হৈছে যাতে সেই অঞ্চলত বিজিবিৰ কোনো ভূমিকা নাথাকে ৷ ইয়াৰ উপৰিও 15 টাকৈ বিভিন্ন ঠাইত মুঠ 14 কিলোমিটা চিংগেল ৰ’ ফেঞ্চিঙৰ প্ৰয়োজনীয়তা থকাৰ কথাও সদৰি কৰে ৷

ইয়াৰ উপৰিও ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত সন্ত্ৰাসবাদীৰ বিচৰণ সন্দৰ্ভত তেওঁ কয় যে, বিএচএফে সীমান্তত পহৰা বৃদ্ধি কৰাৰ উপৰিও সকলো ধৰণৰ অপৰাধ জনিত কাৰ্যকলাপ ৰোধৰ বাবে চিচিটিভি স্থাপন কৰিছে ৷ উল্লেখ্য যে, বাংলাদেশৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে পোন প্ৰথমবাৰৰ বাবে পশ্চিম বংগৰ বিএচএফৰ মুখ্য কাৰ্যালয়ৰ ইষ্টাৰ্ণ কামাণ্ডে এই মৈত্ৰী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ এই ফুটবল প্ৰতিযোগিতাখিনত বিএচএফৰ সৈতে প্ৰতিযোগিতা কৰিব বিজিবিয়ে ৷

ছয়খন খেলৰ এই শৃংখলা বেলনিয়াৰ উপৰিও বৰহমপুৰ, কৰিমগঞ্জ, টুৰা, সোণামাটি আৰু গুৱাহাটীতো অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক-বিমল বৰাক পুনৰ বিধায়ক হিচাপে বিচাৰি টিংখাঙত ৰাইজৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.