1. পশ্চিমবংগত জনসভা সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই
পশ্চিমবংগত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ বাবে সাজু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ৷ 11:30 বজাত শ্ৰীৰামপুৰ, 1 বজাত টোল্লীগঞ্জ আৰু 2:45 বজাত চিনচুৰাত উপস্থিত থাকিব নাড্ডা ৷
2. ভাৰতত উপস্থিত হ'ব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ'ভ
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ'ভ ৷ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হ'ব লাভৰ'ভ ৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, বৈদেশিক মন্ত্ৰী গৰাকীৰ ভ্ৰমণ দ্বিপাক্ষিক বিষয় সমূহ আলোচনা কৰাৰ বাবে এক অন্যতম সুযোগ হিছাপে বিবেচিত হ'ব ৷
3. সমগ্ৰ ভাৰতৰ এফচিআই কাৰ্যালয়ৰ সন্মুখত কৃষকৰ প্ৰতিবাদ
"এফচিআই বচাও দিৱস" হিছাপে সমগ্ৰ ৰাষ্ট্ৰতে ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান সংযুক্ত কিষাণ মৰ্চা (এচকেএম) ৰ ৷
4. বস্তৰত শ্বহীদ হোৱা সৈনিকলৈ শ্ৰদ্ধাঞ্জলি
বিজাপুৰ এনকাউন্টাৰত 22 গৰাকী সৈনিক শ্বহীদ হোৱাৰ পৰিৱৰ্তে 31 গৰাকী সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷ আঘাতপ্ৰাপ্ত সকলক ৰায়পুৰ আৰু বিজাপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বস্তৰত 5 এপ্ৰিলত শ্বহীদ সৈনিক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ৷