ETV Bharat / bharat

হায়দৰাবাদত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বিজেপিৰ লক্ষ্য...!

author img

By

Published : Jul 3, 2022, 1:12 PM IST

শনিবাৰৰ পৰা তেলংগানাৰ হায়দৰাবাদ চহৰত অনুষ্ঠিত হৈছে বিজেপি দলৰ ৰাষ্ট্ৰয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive meeting)। কেইবাখনো ৰাজ্যত আহি থকা নিৰ্বাচনৰ বাবে এই বৈঠক অতি গুৰুত্বপূৰ্ণ । বৈঠক হায়দৰাবাদত অনুষ্ঠিত কৰাৰো কেইবাটাও উদ্দেশ্য আছে বিজেপিৰ ।

BJP National Executive
হায়দৰাবাদত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বিজেপিৰ লক্ষ্য

নেশ্যনেল ডেস্ক,৩ জুলাই : হায়দৰাবাদত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা (BJP National Executive meeting)। হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে এই সভা (BJP National Executive meeting at Hyderabad)। প্ৰধানমন্ত্ৰী মোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ১৯ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতা উপস্থিত এই সভাত ।

বৈঠকৰ পূৰ্বেই দলৰ উপ-সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে কয় যে বৈঠকত দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । এটা ৰাজনৈতিক প্ৰস্তাৱ আৰু আনটো হৈছে অৰ্থনীতি আৰু দৰিদ্ৰ লোকৰ কল্যাণ । একে সময়তে, হায়দৰাবাদত 'হৰ ঘৰ তিৰঙ্গা'ৰ অনুশীলনৰ বিষয়েও আলোচনা কৰিবলৈ বিজেপিৰ বৈঠক অনুষ্ঠিত হৈছে । দলীয়া স্থিতি শক্তিশালী কৰাৰ লগতে আন কেইবাটাও বিষয় এই বৈঠকত আলোচনা কৰা হৈছে (Important issues of BJP National Executive meeting)। ইয়াৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ মুখ্য বিষয়সমূহ তলত উল্লেখ কৰা হ'ল-

১) মোডী চৰকাৰে অহা ডেৰ বছৰত ১০ লাখ চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে ।

২) তেলেংগানা সন্দৰ্ভত বিজেপিৰ বিবৃতি জাৰি কৰা হ'ব পাৰে ।

৩) উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নতুন ৰাজ্যিক সভাপতিসকলৰ ওপৰত আলোচনা হ'ব পাৰে ।

৪) তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ বিৰুদ্ধে দলৰ পৰিকল্পনা ।

৫) আন ৰাজ্যৰ নেতাসকল কেই দিনমানলৈ তেলেংগানাতে থাকিব ।

হায়দৰাবাদত এই বৈঠক অনুষ্ঠিত কৰাৰ বিজেপিৰ লক্ষ্যৰ বিষয়ে সম্ভৱত দেশবাসী বা তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰয়ে ভালদৰে অনুমান কৰিব পাৰিছে । বৈঠক অনুষ্ঠিত কৰাকলৈ ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেচিআৰয়ে বিজেপিক বিভিন্ন ধৰণে আক্ৰমণ কৰা দেখা গৈছে । কিন্তু বিজেপিয়েও নিজৰ স্থিতিত অটল ।

সম্ভৱতঃ অবিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী কেচিআৰক তীব্ৰ প্ৰত্যাহ্বানৰ বাবেই এই বৈঠক বিজেপিৰ (Strategy of BJP against Telangana government)। লক্ষণীয়ভাৱে বৈঠক সমাপ্ত হোৱাৰ পাছত বিজেপি নেতাসকলে হায়দৰাবাদ ত্যাগ নকৰে ।

ইতিমধ্যে সংবাদমেলযোগে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্য চৰকাৰৰ বক্তব্য আৰু কাৰ্যকলাপৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে । বহুতো বিজেপি নেতা এসপ্তাহৰ বাবে তেলেংগানাতে থাকিব বুলি জ্যেষ্ঠ নেতাসকলে উল্লেখ কৰিছে । বসুন্ধৰা ৰাজেৰ সংবাদমেলতো স্পষ্ট হৈছিল যে বিজেপিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ ওচৰলৈ যাব আৰু সাধাৰণ কৰ্মীসকলক সাক্ষাৎ কৰিব ।

মনোজ তিৱাৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ তেলেংগানাত এসপ্তাহৰ বাবে থাকিব । জানিব পৰা মতে বিহাৰ, ঝাৰখণ্ডকে ধৰি বহুতো ৰাজ্যৰ বেছিভাগ নেতাক খণ্ড পৰ্যায়লৈ গৈ দলীয় কাৰ্যালয়ৰ বিষয়া আৰু স্থানীয় লোকসকলক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে । মুঠতে বিজেপিয়ে তেলেংগানা ৰাজ্যত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে ।

তেলেংগানাকে ধৰি বহুতো ৰাজ্যত অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু বিজেপিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে । কেৱল সেয়াই নহয়, এই মাহত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ৰাজ্যিক সভাপতিসকলৰ কাৰ্যকাল সমাপ্ত হ'ব । দলটোৱে নতুন ৰাজ্যিক সভাপতিৰ নতুন নামৰ ওপৰতো মোহৰ মাৰিব পাৰে । সেয়েহে, হায়দৰাবাদৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :CM Yogi at Hyderabad : পুৱাই হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন যোগী আদিত্যনাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.