ETV Bharat / bharat

জনসংখ্যা বৃদ্ধিকলৈ ত্ৰিপুৰাৰ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা - সীমান্তত ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিবলৈ আহ্বান

কিহৰ বাবে ত্ৰিপুৰাৰ জনসংখ্যা দিনক দিনে বৃদ্ধি হৈছে ? মুখ্যমন্ত্ৰীৰ মতে জনসংখ্যা বৃদ্ধি হৈছে নে ? বিধায়কসকলৰ মতে জনসংখ্যা ৰোধৰ উপায় কি হ'ব ?

Assembly
জনসংখ্যা বৃদ্ধিকলৈ ত্ৰিপুৰাৰ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা
author img

By

Published : Sep 29, 2021, 6:52 PM IST

আগৰতলা, ২৯ ছেপ্টেম্বৰ : দ্বাদশ ৰাজ্যিক বিধানসভাৰ দশম অধিৱেশনত যোৱা দশকত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিতং আলোচনা কৰা হয় । শাসকীয় দলৰ বিধায়কসকলে অবৈধ অনুপ্ৰৱেশৰ পৰা আৰম্ভ কৰি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ আন্তৰ্জাতিক বিকাশলৈকে কেইবাটাও বিষয় উত্থাপন কৰে । তেলিয়ামূৰাৰ বিজেপি বিধায়ক আৰু মুখ্য হুইপ কল্যাণী ৰয়ে বিষয়টো প্ৰসংগলৈ আনিছিল আৰু কৈছিল যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আগতীয়া পদক্ষেপ গ্ৰহণ নকৰিলে ত্ৰিপুৰা অনাগত বছৰবোৰত বৃহৎ জনসংখ্যা বিস্ফোৰণৰ সন্মুখীন হ'ব পাৰে ।

তেওঁৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে কয় যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিভাগৰ অনুসন্ধান অনুসৰি ত্ৰিপুৰাত কন্যা সন্তাৰ জন্মৰ হাৰ প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে ১.৭ । তথ্য অনুসৰি, প্ৰতি দম্পতিৰ বিপৰীতে আছে ২ টাকৈ সন্তান । সেয়েহে, বৰ্তমান জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা এই মূহুৰ্তত নাই বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে, কল্যাণী ৰয়ে স্পষ্টীকৰণৰ এটা বিষয় উত্থাপন কৰি কয় যে ২০১১ চনৰ লোকপিয়ল অনুসৰি ত্ৰিপুৰাৰ মুঠ জনসংখ্যা আছিল ৩৬ লাখ ।

কিন্তু, শেহতীয়াকৈ ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণৰ মতে, ত্ৰিপুৰাৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৪১ লাখ । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বিধানসভা সদনক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে ৰাজ্যখনত জনসংখ্যাৰ অত্যাধিক বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহৰ মোকাবিলা কৰিবলৈ সমন্বিত আৰু সময়মতে পদক্ষেপ গ্ৰহণ কৰিব ।

অৰ্থাৎ এই তথ্য অনুসৰি পাঁচ লাখ জনসংখ্যা বৃদ্ধি হৈছে । অনুমান কৰা ধৰণে শতাংশৰ হিচাপত ১৩.৫ শতাংশ বৃদ্ধি হৈছে । ৰয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, যদি এই হাৰত জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে তেনেহ'লে ই নিয়ন্ত্ৰণৰ বাহিৰত যাব । তেওঁ সদনত কোৱা মতে যদি এই হাৰত জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে তেনেহ'লে ২০২১ চনৰ ভিতৰত ত্ৰিপুৰাৰ জনসংখ্যা এক কোটি অতিক্ৰম কৰিব ।

ত্ৰিপুৰাৰ দৰে এখন সৰু ৰাজ্যৰ বাবে ই এক বৃহৎ বোজা হ'ব । ৰয়ৰ মন্তব্য শুনি ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে স্পষ্টীকৰণ বিচাৰিছে যে তেওঁ ৰাজ্য চৰকাৰে এক সন্তান নীতি প্ৰস্তুত কৰাটো বিচাৰে নেকি । অৱশ্যে, তেওঁ এটা সন্তান নীতিৰ বাবে হেঁচা দিয়া নাছিল কিন্তু কৈছিল যে দুটা সন্তানৰ নীতি সকলোৰে বাবে বাধ্যতামূলক কৰিব লাগে ।

বিধায়ক সুধাংচু দাসেও তেওঁৰ বক্তব্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল এক নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছিল । বিশ্বব্যাপী সেই সম্প্ৰদায়ৰ ষড়যন্ত্ৰ অনুসৰি এটা অংশই বিভিন্ন ৰূপত জিহাদৰ সৃষ্টি কৰে । তেনে শক্তিক প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে বিধায়কগৰাকীয়ে । বিধায়ক অতুল দেববৰ্মাইও নিৰাপত্তাৰ বিষয়টোত মন্তব্য কৰে ।

বিধায়কগৰাকীৰ মতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু মুখ্য হুইপ কল্যাণী ৰয়ে উপস্থাপন কৰা পৰিসংখ্যাত যথেষ্ট অমিল আছে । যিহেতু ৰাজ্যখন তিনিফালে বাংলাদেশৰ দ্বাৰা আৱৰি আছে, সেয়ে এইটো অবৈধ অনুপ্ৰৱেশৰ ফলত হ'ব পাৰে বুলি সন্দেহ কৰে বিধায়কগৰাকীয়ে । সেয়ে সীমান্তত ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.