ETV Bharat / bharat

ক'ৰণিল বিতৰ্ক : আইএমএ য়ে বিচাৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বাখ্যা - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্দ্ধন

বাবা ৰামদেৱৰ ক'ৰণিল নামৰ আয়ুৰ্বেদিক ঔষধবিধে WHO স্বীকৃতি লাভ কৰা বুলি কৰা দাবী নস্যাৎ বিশ্ব স্বাস্থ্য সংস্থাটোৰ ৷ অবৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰী ক'ৰণিলৰ প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্দ্ধনৰ পৰা বাখ্যা বিচাৰিলে ইণ্ডিয়ান মেডিকেল এচ'চিয়েশ্যনে ৷ কৰ্পৰেট বজাৰ দখলৰ খাতিৰত মানৱ সমাজলৈ দুৰ্যোগ মাতি নানিবলৈ আহ্বান ইণ্ডিয়ান মেডিকেল এচ'চিয়েশ্যনৰ ৷

IMA seeks explanation from Union Health Minister for promoting Patanjali's Coronil

author img

By

Published : Feb 22, 2021, 9:02 PM IST

নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰী: ক'ভিড-19 ক প্ৰতিহত কৰাৰ উদ্দেশ্যে পতঞ্জলিয়ে প্ৰস্তুত কৰি উলিওৱা ক'ৰণিলৰ প্ৰচাৰ কৰাৰ বাবে ইণ্ডিয়ান মেডিকেল এচ'চিয়েশ্যন (আইএমএ) এ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ পৰা এক বাখ্যাৰ দাবী কৰিছে ৷ সোমবাৰে আইএমএ য়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্দ্ধনৰ পৰা পতঞ্জলিৰ আযুৰ্বেদিক ঔষধ বিধক প্ৰচাৰ কৰাৰ বাবে বাখ্যা বিচাৰে ৷

আইএমএ ৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ জয়ালালে এইবুলি মন্তব্য কৰে, "দেশৰ স্বাস্থ্যমন্ত্ৰী হৈও অবৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰি উলিওৱা এটা প্ৰডাক্ট সমগ্ৰ দেশবাসীৰ বাবে আগবঢ়াই দিয়াটো কিমান দূৰ যুক্তিসংগত আৰু মিছা তথা ভূল উপায়েৰে এবিধ প্ৰডাক্টৰ প্ৰচাৰ চলোৱাটো কিমান নৈতিক ৷ "

কৰ্পৰেট বজাৰ দখলৰ খাতিৰত মানৱ সমাজলৈ দুৰ্যোগ মাতি নানিবলৈ আহ্বান জনোৱাৰ লগতে আইএমএ য়ে আয়ুৰ্বেদক ভেজাল নকৰিবলৈও আহ্বান জনায় ৷ এক বিবৃতিত আইএমএ য়ে উল্লেখ কৰে যে, মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ আচৰণ বিধিক চৰম অৱমাননা কৰাৰ বাবে আইএমএ য়ে চ্যু ম'ট' বাখ্যা বিচাৰি ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগলৈও এখন পত্ৰ প্ৰেৰণ কৰিব ৷

মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ আচৰণ বিধি অনুযায়ী কোনো ঔষধ কি কি উপাদানেৰে কেনেকৈ তৈয়াৰ কৰা হৈছে সেই কথা নজনাকৈ সেই ঔষধৰ প্ৰচাৰ কৰা ৰাইজক সেই ঔষধ গ্ৰহণ কৰিবলৈ কোৱাটো অনৈতিক ৷

আইএমএৰ বিবৃতিটোত কোৱা হৈছে যে, "কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীৰ সৈতে বাবা ৰামদেৱে দাবী কৰিছিল যে, ক'ৰণিল নামৰ আয়ুৰ্বেদিক ঔষধবিধে WHO (বিশ্ব স্বাস্থ্য সংস্থা) ৰ স্বীকৃতি লাভ কৰিছে ৷ কিন্তু টুইটযোগে WHO য়ে এই দাবী অস্বীকাৰ কৰিছে ৷ " WHO য়ে আগবঢ়োৱা এই স্পষ্টীকৰণ আৰু অবৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰা এবিধ ঔষধ দেশৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সমগ্ৰ দেশবাসীৰ আগত উপস্থাপন কৰাটো দেশবাসীৰ বাবে লাজৰ বিষয় বুলিও আইএমএ য়ে বিবৃতিটোত উল্লেখ কৰে ৷

কোনোধৰণৰ ট্ৰেডিশ্যনেল ঔষধৰ কাৰ্যকাৰিতা সম্পৰ্কে WHO য়ে অধ্যয়ন কৰা নাই বুলিও দক্ষিণ-পূব এচিয়াস্থিত WHO কাৰ্যালয়ে টুইটযোগে স্পষ্ট কৰি দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা আইএমএ য়ে ক'ৰণিলৰ পৰীক্ষাগাৰৰ পৰীক্ষণ সন্দৰ্ভতো এক স্পষ্টীকৰণ বিচাৰিছে ৷

উল্লেখ্য যে, পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে ক'ৰণিল আগবঢ়াই দি এই কথা উল্লেখ কৰিছিল যে, ক'ভিড-19 ক প্ৰতিহত কৰাৰ লগতে চিকিৎসা চলি থকাৰ সময়ত আৰু পাছৰ পৰ্যায়তো ক'ভিড-19 ত আক্ৰান্ত ৰোগীয়ে এই ঔষধ গ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক: মংগল অভিযানৰ সফলতাৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.