ETV Bharat / bharat

ৰেমডেচিবিৰ বেজীৰ ক'লা বেহাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ - ৰেমডেচিবিৰ বেজীৰ ক'লা বেহা

ৰেমডেচিবিৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক । ধৃত তিনিওজনে ৰেমডেচিবিৰ বেজীৰ অবৈধভাৱে ২৫,০০০ টকাত বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে ৷

Remdisiver injection
Remdisiver injection
author img

By

Published : Apr 24, 2021, 8:41 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল : এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীৰ প্ৰতিষেধকৰ ক'লা বেহা । ৰেমডেচিবিৰ বেজীৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত কৰ্ণাটক আৰক্ষীয়ে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ৰেমডেচিবিৰ ১৪ টা বেজী জব্দ কৰে আৰক্ষীয়ে । তিনিওজনৰ বিৰুদ্ধে ব্ৰহ্মপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ।

ধৃত তিনিওজনে ৰেমডেচিবিৰ বেজী অবৈধভাৱে ২৫,০০০ টকাত বিক্ৰী কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় বুলি জানিবলৈ দিয়ে কৰ্ণাটক আৰক্ষীয়ে । ধৃত তিনিওজনে বেলাগাভি আৰু বাংগালুৰুৰ পৰা ৰেমডেচিবিৰ বেজী সমূহ লৈ আহিছিল ।

গ্ৰেপ্তাৰ কৰা লোককেইজন য়াভাৰাগি তালুকৰ ভীমাশংকৰ আৰাবোলা (২৭), আফজলপুৰ তালুকৰ আংকলাগা গাঁৱৰ লক্ষ্মীকান্ত (২০) আৰু কালাবুৰাগীৰ খামেৰ কলনিৰ বাসিন্দা জিলানি খান (৩২) বুলি চিনাক্ত কৰা হৈছে । ভীমাশংকৰ এটা প্ৰসূতি বিভাগৰ পৰীক্ষাগাৰত কৰ্মৰত আছিল । আনহাতে, লক্ষ্মীকান্তই এখন ঔষদৰ দোকানত কাম কৰিছিল আৰু জিলানি খানে ষ্টাফ নাৰ্ছ হিচাপে কাম কৰিছিল ।

লগতে পঢ়ক: অক্সিজেনৰ নাটনিৰ বাবে পঞ্জাৱত ৬ গৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.