ETV Bharat / bharat

MoU between IGNOU and UNICEF : আগৰতলাত শিশু শিক্ষাৰ নতুন কাৰ্যসূচী

ইগনু (IGNOU) আগৰতলাৰ আঞ্চলিক সঞ্চালক ডঃ অৰবিন্দ মাহাতোৱে জানিবলৈ দিয়ে যে প্ৰয়োজনীয়তা ভিত্তিত গুণগত মানৰ শিক্ষা আৰু দক্ষ জনশক্তিৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু এখোজ আগুৱাই গৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (ইউনিচেফ) এক প্ৰমাণ-পত্ৰ কাৰ্যসূচী গ্ৰহণত সহযোগিতা আগবঢ়াইছে (IGNOU Agartala Branch) ।

author img

By

Published : Oct 12, 2022, 1:07 PM IST

Agartala
Agartala

আগৰতলা, ১২ অক্টোবৰ : আগৰতলাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi National Open University) আঞ্চলিক কেন্দ্ৰই শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে ইউনিচেফৰ (UNICEF) সৈতে সহযোগিতা কৰিছে ।

এক প্ৰেছ বিজ্ঞপ্তিত ইগনু (IGNOU) আগৰতলাৰ আঞ্চলিক সঞ্চালক ডঃ অৰবিন্দ মাহাতোৱে জানিবলৈ দিয়ে যে প্ৰয়োজনীয়তা ভিত্তিত গুণগত মানৰ শিক্ষা আৰু দক্ষ জনশক্তিৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু এখোজ আগুৱাই গৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (ইউনিচেফ) এক প্ৰমাণ-পত্ৰ কাৰ্যসূচী গ্ৰহণত সহযোগিতা আগবঢ়াইছে (IGNOU Agartala Branch) ।

শিশুৰ আৰম্ভণিৰ সময়ছোৱাৰ যতন আৰু শিক্ষাৰ (Early Childhood Care And Education) বাবে অংগনৱাড়ী কৰ্মী/শিক্ষকসকলৰ (Anganwadi workers) বাবে ৩-৬ বছৰৰ ভিতৰত প্ৰাক-বিদ্যালয় শিশু আৰু বিশেষভাৱে ৫-৬ বছৰীয়া শিশুৰ বাবে 'বাল ভাটিকা শ্ৰেণী' (Bal Vatika class) পঢ়াবৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।

এই সন্দৰ্ভত নতুন দিল্লী ইগনু মুখ্য কাৰ্যালয়ত 7 অক্টোবৰ তাৰিখে কাৰ্যসূচী বিকাশ আৰু ৰূপায়ণৰ বাবে ইগনু আৰু ইউনিচেফৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয় (MoU between IGNOU and UNICEF) । ডঃ অৰবিন্দ মাহাতোৱে লগতে কয় যে ত্ৰিপুৰাৰ দৰে এখন ৰাজ্যৰ বাবে এই পাঠ্যক্ৰমটো বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি যথেষ্ট সহায় কৰিব । উল্লেখ্য, ত্ৰিপুৰাত প্ৰাৰম্ভিক শৈশৱৰ যতন আৰু শিক্ষাত দক্ষ জনশক্তিৰ অভাৱ আছে আৰু এই পাঠ্যক্ৰমে কেৱল ত্ৰিপুৰাতে নহয়, সমগ্ৰ দেশতে সংশ্লিষ্ট ক্ষেত্ৰত জনশক্তিৰ অভাৱ আৰু দক্ষতাৰ খালী ঠাই পূৰণ কৰিব বুলি মত প্ৰকাশ কৰে ।

তেওঁ লগতে এইটো কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে গুণগত মানদণ্ডৰ প্ৰাৰম্ভিক শৈশৱৰ যতন এতিয়া অবিচ্ছেদ্য হৈ পৰিছে । বিশেষকৈ সময়ৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন বাধাৰ কথা বিবেচনা কৰি শিশুৰ সঠিক যত্ন আৰু প্ৰতিপালনৰ প্ৰয়োজন হৈ পৰিছে । যিহেতু খেল ভিত্তিক শিক্ষাবিজ্ঞানে এই ক্ষেত্ৰখনৰ বিশেষজ্ঞসকলৰ দ্বাৰা শিশুৰ সঠিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে এই ক্ষেত্ৰখনত বিশেষজ্ঞসকলৰ অত্যন্ত প্ৰয়োজনীয়তা আহি পৰিছে ।

এই পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ (National Education Policy 2020) সৈতে সংগতি ৰাখি ছপা আৰু ভিডিঅ' ভিত্তিক বিতৰণ প্ৰণালীৰ সৈতে সংগতি ৰাখি বিকশিত কৰা হৈছে আৰু শীঘ্ৰেই শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়োৱা হ'ব ।

লগতে পঢ়ক :President Murmu to visit Tripura : ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.