স্প'ৰ্টছ ডেস্ক, ১১ ছেপ্টেম্বৰ: ইউ এছ অ’পেনৰ (US Open tournament) ফাইনেলত বিশ্বৰ এক নম্বৰ ইগা চুয়াটেকে (IGA SWIATEK) টিউনিছিয়াৰ অন্স জাবেউৰৰ (Ons Jabeur) বিৰুদ্ধে ৬-২ ৭-৬(৫)ত জয়লাভ কৰি ফ্লাশিং মেডোজত (Flushing Meadows) তেওঁৰ প্ৰথমটো খিতাপ অৰ্জন কৰে । পোলেণ্ডৰ ইগা চুয়াটেকে টিউনিছিয়াৰ অন্স জাবেউৰক পোনপটীয়া ছেটত পৰাস্ত কৰি শনিবাৰে মহিলাৰ একক খিতাপ ইউএছ অপেন ২০২২ জয় কৰে (iga swiatek wins us open)।
২১ বছৰীয়া বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে নিউয়ৰ্কৰ আৰ্থাৰ এশ্বে ষ্টেডিয়ামত এক ঘণ্টা ৫২ মিনিটত ৬-২, ৭-৬ (৭/৫) জয় লাভ কৰে । এইটো তেওঁৰ তৃতীয় গ্ৰেণ্ড শ্লেম খিতাপ আছিল । তেওঁ ইতিমধ্যে দুবাৰ ফ্ৰেঞ্চ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে (২০২০ আৰু ২০২২)। জাবেউৰে গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা আফ্ৰিকাৰ প্ৰথম গৰাকী মহিলা হোৱাৰ দিশে আগবাঢ়িছিল যদিও ইগা চুয়াটেকৰ গতিত থমকি ৰ'বলৈ বাধ্য় হয় ।
ইপিনে,চুয়াটেকে ইয়াৰ পূৰ্বে কেতিয়াও ইউএছ অপেনত চতুৰ্থ ৰাউণ্ড অতিক্ৰম কৰা নাছিল । এইবাৰো বিশ্বৰ এক নম্বৰ খেলুৱৈ হোৱা স্বত্বেও খিতাপৰ দাবীদাৰসকলৰ মাজত ক্ৰীড়া সমালোচকসকলে তেওঁক অন্তৰ্ভুক্ত কৰা নাছিল ।
-
Lift it up, Iga! 😗🏆#USOpen | @iga_swiatek pic.twitter.com/cBwcXhaxYs
— US Open Tennis (@usopen) September 10, 2022 " class="align-text-top noRightClick twitterSection" data="
">Lift it up, Iga! 😗🏆#USOpen | @iga_swiatek pic.twitter.com/cBwcXhaxYs
— US Open Tennis (@usopen) September 10, 2022Lift it up, Iga! 😗🏆#USOpen | @iga_swiatek pic.twitter.com/cBwcXhaxYs
— US Open Tennis (@usopen) September 10, 2022
আৰ্থাৰ এছ ষ্টেডিয়ামত বিশ্বৰ পাঁচ নম্বৰ জাবেউৰক পৰাস্ত কৰাৰ পিছত চুয়াটেকে কয়,"মই অধিক আশা কৰা নাছিলো । বিশেষকৈ এই প্ৰতিযোগিতাৰ আগতে মই যি ধৰণৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে পাৰ হ'ব লগা হৈছিল সেই বাবে খিতাপ দখলৰ কথা ভবা নাছিলো।"
চুয়াটেকে এই বছৰৰ জুনত ফ্ৰেঞ্চ অপেনৰ খিতাপ দখল কৰছিল । উল্লেখ্য় যে ২০১৬ চনত এঞ্জেলিক কেৰ্বাৰৰ পিছত তেওঁ এটা ছিজনত দুটা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা প্ৰথম গৰাকী মহিলা হিচাপে স্বীকৃতি লাভ কৰে । আমেৰিকাৰ ছোফিয়া কেনিনক পৰাস্ত কৰি ফ্ৰেন্স অপেনত ইতিহাস ৰছিছিল তাৰকা ইগা ছুৱাটেকে ৷ উক্ত ফাইনেলখেলখনত কেনিনক ৬-৪, ৬-১ ছেটত পৰাস্ত কৰি গ্ৰেণ্ডশ্লামৰ ছিংগলছ খিতাপ দখল কৰা প্ৰথমগৰাকী পোলিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ইগা ৷
লগতে পঢ়ক:বিশ্বজনীন ক্ৰীড়া এথলেটিকছত ইংৰাজী ভাষা জনাটোৱে সহায় কৰে: নীৰজ চোপ্ৰা