ETV Bharat / bharat

কলকাতাত BSF আৰু BGBৰ মাজত উচ্চস্তৰীয় বৈঠক আৰম্ভ

author img

By

Published : Dec 9, 2020, 9:11 PM IST

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতৰ সীমা সুৰক্ষা বল আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ তিনি দিনীয়া সন্মিলন । সীমা সুৰক্ষা বলৰ কলকাতাস্থিত মুখ্য কাৰ্যালয় ছাউথ বেংগল ফ্ৰন্টিয়াৰত সন্মিলনখন অনুষ্ঠিত হৈছে ।

Breaking News

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হৈছে ভাৰত আৰু বাংলাদেশৰ সীমা সুৰক্ষা কৰ্মীৰ সমন্বয় সন্মিলন । আজিৰে পৰা আৰম্ভ হোৱা ইন্সপেক্টৰছ জেনেৰেল পৰ্যায়ৰ সন্মিলনখন অহা ১১ ডিচেম্বৰত অন্ত পৰিব । ভাৰতৰ সীমা সুৰক্ষা বলৰ কলকাতাস্থিত মুখ্য কাৰ্যালয় ছাউথ বেংগল ফ্ৰন্টিয়াৰত অনুষ্ঠিত সন্মিলনত অংশ লৈছে ভাৰতৰ সীমা সুৰক্ষা বল আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ প্ৰতিনিধিয়ে ।

সীমা সুৰক্ষা বলে এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে যে, দক্ষিণ-পশ্চিম আঞ্চলিকৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেছ'ৰ মহম্মদ হুছেইনৰ নেতৃত্বত অহা ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ৬ জনীয়া প্ৰতিনিধিৰ দলে সন্মিলনত অংশগ্ৰহণ কৰিছে । লগতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিয়েও সন্মিলনত ভাগ লৈছে ।

ভাৰতৰ সীমা সুৰক্ষা বলৰ প্ৰতিনিধিক নেতৃত্ব দিয়ে ছাউথ বেংগল ফ্ৰন্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল অস্বিনী কুমাৰ সিঙে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ প্ৰতিনিধিয়েও সন্মিলনত অংশগ্ৰহণ কৰে । সীমা সুৰক্ষা বলৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, এই সন্মিলনত দুয়োখনৰ দেশৰ হিত সাধনকাৰী বিষয় আৰু সীমা পৰিচালনাৰ বিষয়ে আলোচনা কৰা হ'ব ।

লগতে পঢ়ক:অপহৰণকাৰীৰ কৱলৰ পৰা পলাই হাৰিল উত্তৰ প্ৰদেশৰ কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.