ETV Bharat / bharat

Amit Khare: প্ৰাক্তন আমোলা অমিত খাৰেৰ কৰ্মজীৱনৰ ম্যাদ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 3:49 PM IST

বৃদ্ধি কৰা হ’ল এ এছ বিষয়া প্ৰাক্তন আমোলা অমিত খাৰেৰ চাকৰি কাল ৷ ঝাৰখণ্ড কেডাৰৰ 1985 বৰ্ষৰ আই এ এছ বিষয়া প্ৰাক্তন আমোলা অমিত খাৰে 2021 চনৰ 30 ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল ।

former bureaucrat
প্ৰাক্তন আমোলা অমিত খাৰে

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: প্ৰাক্তন আমোলা অমিত খাৰেকৰ চাকৰি জীৱনৰ ম্যাদ বৃদ্ধি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপদেষ্টা হিচাপে নিযুক্ত প্রাক্তন আমোলা অমিত খাৰেকৰ ম্যাদ বৃদ্ধিৰ সময়সীমা প্রদান কৰা হৈছে বুলি প্রতিষ্ঠান মন্ত্রণালয়ৰ এক নিৰ্দেশত প্রকাশ কৰা হৈছে ৷

2021 চনৰ অক্টোবৰ মাহত দুবছৰৰ বাবে এই পদত নিযুক্তি দিয়া হৈছিল প্রাক্তন আমোলা অমিত খাৰেকক । ঝাৰখণ্ড কেডাৰৰ 1985 চনৰ (অৱসৰপ্ৰাপ্ত) ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) বিষয়া খাৰে 2021 চনৰ 30 ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল । প্ৰাক্তন আমোলা অমিত খাৰেক উচ্চ শিক্ষা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ পুনৰ নিযুক্তিপ্ৰাপ্ত বিষয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা সাধাৰণ চৰ্ত আৰু নিয়মৰ আধাৰত চুক্তিৰ ভিত্তিত খাৰেৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাইছে ৷ সোমবাৰে এক আদেশযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সৈতে একেলগে প্ৰাক্তন আমোলা অমিত খাৰেকৰ চাকৰি জীৱনৰ ম্যাদ উকলিব বুলি কোৱা হৈছে ।

আন এটা আদেশত কেবিনেটৰ নিযুক্তি সমিতিয়ে জৈৱ প্ৰযুক্তি বিভাগৰ সচিব হিচাপে ৰাজেশ এছ গোখলেৰ কাৰ্যকাল দুবছৰৰ বাবে বৃদ্ধিৰ বাবে অনুমোদন জনাইছে ৷ PTI ৰ প্ৰতিবেদন অনুসৰি 2023 চনৰ 1 নৱেম্বৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব ।

2021 চনত অৱসৰ লোৱাৰ পিছত অমিত খাৰেক প্ৰধানমন্ত্ৰী মোদীৰ উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰা হয় । সেই সময়ত কেবিনেটৰ নিযুক্তি সমিতিয়ে খাৰেক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভাৰত চৰকাৰৰ সচিব পদ আৰু চুক্তিবদ্ধ ভিত্তিত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে । দুবছৰৰ বাবে উক্ত পদত নিযুক্তি দিয়া হৈছে খাৰেকক ।

লগতে পঢ়ক: India and Canada conflict : কানাডাস্থিত ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বনৰ আহ্বান কানাডা চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.