ETV Bharat / bharat

পঞ্জাৱৰ মোগাত মিগ-২১ দুৰ্ঘটনা, নিহত বৈমানিক

author img

By

Published : May 21, 2021, 1:41 PM IST

পঞ্জাৱৰ মোগাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান । এই দুৰ্ঘটনাত নিহত হয় এগৰাকী বৈমানিক । নিয়মীয়া প্ৰশিক্ষণৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰে বায়ু সেনা বাহিনীয়ে ।

fighter aircraft crashes
পঞ্জাৱৰ মোগাত বিমান দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ২১ মে': পঞ্জাৱৰ মোগাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । মোগাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান । এই দুৰ্ঘটনাত নিহত হয় এগৰাকী বৈমানিক ।

fighter aircraft crashes
পঞ্জাৱৰ মোগাত বিমান দুৰ্ঘটনা

বায়ু সেনা কতৃপক্ষই টুইটযোগে জনোৱা মতে পশ্চিমখণ্ডত নিশা বাইচন বিমানৰ দুৰ্ঘটনা হৈছিল । য'ত বৈমানিক স্কুৱেন এলডিআৰ অভিনৱ চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে ।

এই ঘটনাকলৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদন জ্ঞাপন কৰে বায়ু সেনা কতৃপক্ষই । নিয়মীয়া প্ৰশিক্ষণৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলিও উল্লেখ কৰে বায়ু সেনা বাহিনীয়ে । লগতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:ধৰ্ষণৰ গোচৰৰ পৰা মুক্ত হ'ল সাংবাদিক তৰুণ তেজপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.