ETV Bharat / bharat

IAFs MiG 21 : ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান, তিনিজনৰ মৃত্যু - দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান

বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু তিনিজনকৈ নাগৰিকৰ ৷ নিৰাপদে উদ্ধাৰ কৰা হৈছে বিমানখনৰ পাইলটগৰাকীক (3 killed in IAFs MiG 21 crash) ৷

IAFs MiG 21
দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান
author img

By

Published : May 8, 2023, 12:32 PM IST

Updated : May 8, 2023, 1:03 PM IST

নেশ্যনেল ডেস্ক, 8 মে’ : ভাৰতীয় বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হ’ল তিনিজনকৈ নাগৰিকৰ ৷ সোমবাৰে ৰাজস্থানৰ হনুনগড় জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় যুদ্ধবিমানখন (IAFs MiG 21 crashes in Rajasthan) ৷ দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা আৰু এজন লোক মৃত্যুমুখত পৰে ৷

চুৰাটগড়ৰ পৰা বিমানখন উৰা মাৰিছিল বুলি জানিবলৈ পৰা গৈছে আৰু তাৰ পিচতেই হনুমানগড়ৰ ডাবলি অঞ্চলৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক জছাৰাম বসুৱে দুৰ্ঘটনাটোৰ ফলত কমেও তিনিজন নাগৰিকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে (3 killed in IAFs MiG 21 crash) ।

উল্লেখ্য যে, সোমবাৰে পুৱা জিলাখনৰ বাহলোল নগৰত দুৰ্ঘটনাগ্ৰস্ত হয় মিগ 21 যুদ্ধ বিমানখন । এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । তথ্য অনুসৰি দুৰ্ঘটনাৰ ফলত মিগ 21 বিমানখন বতাহৰ ফলত এটা ঘৰৰ ওপৰত বাগৰি পৰে । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই উক্ত স্থানত উপস্থিত হয় পিলিবাংগা আৰক্ষী থানা (iafs mig 21 fighter aircraft crashes) ।

উল্লেখ্য যে, যুদ্ধবিমানখনৰ দুয়োগৰাকী পাইলটৰ জীৱন ৰক্ষা পৰে ৷ বিমান দুৰ্ঘটনাটোত আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে 2021 চনৰ জানুৱাৰী মাহত ৰাজ্যখনৰ শ্ৰীগংগনগৰৰ চুৰাটগড়ত এখন মিগ-21 বাইছন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল । কাৰিকৰী বিজুটিৰ বাবে বিমান দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিবলৈ পৰা গৈছিল ৷ উক্ত বিমান দুৰ্ঘটনাটোত নিৰাপদে উদ্ধাৰ হৈছিল পাইলটজন ।

স্মৰ্তব্য যে, ৰাছিয়া আৰু চীনৰ পিচত ভাৰত মিগ-21 ৰ তৃতীয় বৃহত্তম অপাৰেটৰ দেশ । 1964 চনত এই বিমানখনক প্ৰথম ছুপাৰছনিক যুঁজাৰু বিমান হিচাপে বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হয় । একে সময়তে প্ৰাৰম্ভিক জেট বিমানসমূহ ৰাছিয়াত নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পিচত ভাৰতে এই বিমানখন একত্ৰিত কৰাৰ অধিকাৰ আৰু প্ৰযুক্তি আহৰণ কৰিছিল । তেতিয়াৰ পৰাই 1971 চনৰ ভাৰত-পাক যুদ্ধ, 1999 চনৰ কাৰ্গিল যুদ্ধকে ধৰি বহু সময়ত মিগ-21 য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

কিন্তু ৰাছিয়াই 1985 চনত নিজেই এই বিমানৰ নিৰ্মাণ বন্ধ কৰি দিছিল । কিন্তু ভাৰতে ইয়াৰ উন্নীতকৃত ভেৰিয়েন্ট ব্যৱহাৰ কৰি আহিছে ।

লগতে পঢ়ক : SCERT Scam : SCERT কেলেংকাৰীৰ অভিযুক্ত শেৱালি দেৱী শৰ্মাক গ্ৰেপ্তাৰ

Last Updated : May 8, 2023, 1:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.