ETV Bharat / bharat

জয়ছেলমেৰত হেলিকপ্টাৰৰ পৰা পৰিল সন্দেহজনক সামগ্ৰী

হেলিকপ্টাৰৰ পৰা তললৈ পৰি যোৱা সন্দেহজনক সামগ্ৰী বিচাৰি ৰাজস্থানৰ জয়ছেলমেৰত ভাৰতীয় বায়ু সেনাৰ অনুসন্ধান আৰম্ভ । ভানিয়ানা অঞ্চলত হেলিকপ্টাৰৰ পৰা সেউজীয়া ৰঙৰ সন্দেহজনক সামগ্ৰী তললৈ পৰিছিল ।

জয়ছেলমাৰত হেলিকপ্টাৰৰ পৰা পৰিল সন্দেহজনক সামগ্ৰী

author img

By

Published : Apr 10, 2021, 6:01 PM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: শুক্ৰবাৰে নিয়মীয়া গুলীচালনাৰ অনুশীলনৰ বাবে ভাৰতীয় বায়ু সেনাই ৰাজস্থানৰ জয়ছেলমেৰৰ পোখৰাণ ফায়াৰিং ৰেঞ্জলৈ গৈ থকা অৱস্থাতে হেলিকপ্টাৰৰ পৰা সন্দেহজনক সামগ্ৰী তললৈ পৰি যায় । এখন উন্নত লঘু হেলিকপ্টাৰেৰে যোধপুৰৰ পৰা পোখৰাণ ফায়াৰিং ৰেঞ্জলৈ যাত্ৰা কৰিছিল বায়ু সেনাৰ জোৱানসকলে ।

হেলিকপ্টাৰৰ পৰা পৰি যোৱা সামগ্ৰী বিচাৰি শনিবাৰে অনুসন্ধান চলায় ভাৰতীয় বায়ু সেনা বাহিনীয়ে । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে, ভানিয়ানা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত হেলিকপ্টাৰৰ পৰা সেউজীয়া ৰঙৰ এক ফুট দীঘল সামগ্ৰী তললৈ পৰি গৈছিল ।

এই খবৰ লাভ কৰাৰ পিছতে ভাৰতীয় বায়ু সেনাৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু তালাচী অভিযান আৰম্ভ কৰে । লগতে ভানিয়ানা আৰক্ষী, স্থানীয় লোক আৰু ছৰপঞ্চক অৱগত কৰে বায়ু সেনাই । আনহাতে, উক্ত সামগ্ৰী বিস্ফোৰক হ'ব পাৰে বুলি বিষয়াসকলে সকীয়াই দিছে ।

এনে সামগ্ৰী প্ৰত্যক্ষ কৰিলে আৰক্ষী আৰু বায়ু সেনাৰ বিষয়াসকলক অৱগত কৰিবলৈ গাঁওবাসীক নিৰ্দেশ দিয়া হৈছে । এই ঘটনাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু আৰক্ষী বিষয়াসকলে অধিক তথ্য সংগ্ৰহ কৰিবলৈ স্থানীয় লোকসকলক সোধা-পোছা কৰিছে । অৱশ্যে, আৰক্ষী আৰু ভাৰতীয় বায়ু সেনাই এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক:ভোটাৰক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.