নেশ্যনেল ডেস্ক, ১৯ জুন: শনিবাৰে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল সন্দৰ্ভত মতামত আগবঢ়ালে ভাৰতীয় বায়ু সেনা বাহিনীৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়াই(RKS Bhadauria) । ২০২২ চনৰ ভিতৰত ৩৬ খন ৰাফেল যুঁজাৰু বিমান ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।
তেওঁ কয় যে, ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত ৰাফেলৰ অন্তৰ্ভুক্তিৰ বাবে ২০২২ চনলৈকে লক্ষ্য স্থিৰ কৰা হৈছে । ক'ভিডৰ বাবে সৃষ্টি হোৱা সমস্যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও ফ্ৰান্সৰ পৰা নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰাফেল যুঁজাৰু বিমান ভাৰত আহি পাইছে বুলি তেওঁ মন্তব্য কৰে । শনিবাৰে ডুণ্ডিগালৰ বায়ু সেনা একাডেমী(Air Force Academy)ত "Combined Graduation Parade" পৰ্যালোচনা কৰাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে বায়ু সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে ।
উল্লেখ্য যে, ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯ হাজাৰ কোটি টকা ব্যয়েৰে ৩৬ ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh) যোৱা ফেব্ৰুৱাৰী মাহত কৈছিল যে, ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত আটাইকেইখন যুঁজাৰু বিমান ভাৰত পাবহি ।
ভাৰত-চীন সীমান্তৰ পূৱ লাডাখৰ পৰিস্থিতিৰ সন্দৰ্ভত আৰ কে এছ ভদৌৰিয়াই কয় যে, দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছে । তথাপিও ভাৰতৰ পক্ষৰ পৰা গ্ৰহণ কৰিবলগীয়া যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ্য যে, যোৱা ২৭ মে'ত ফ্ৰান্সৰ পৰা ষষ্ঠ পৰ্যায়ত ৩ খন ৰাফেল বিমান ভাৰত আহি পাইছিল ।
ভাৰতীয় বায়ু সেনাই ফ্ৰান্সৰ পৰা বিচৰা বিমানৰ ভিতৰত বৰ্তমানলৈকে দুই-তৃতীয়াংশ লাভ কৰিছে । আনহাতে, যোৱা ২২ এপ্ৰিলত ফ্ৰান্সৰ মেৰিগনাক বিমানঘাটিৰ পৰা ৮,০০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি চাৰিখন ৰাফেল যুঁজাৰু বিমান লৈ পঞ্চম দলটো ভাৰতত উপস্থিত হৈছিল ।
ভাৰতীয় বায়ু সেনাত ৰাফেলৰ সংযোজন প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি বিবেচিত হৈছে । দুটা ইঞ্জিনযুক্ত ৰাফেল বিমানবোৰে স্থল আৰু সামুদ্ৰিক আক্ৰমণ, বায়ু প্ৰতিৰক্ষা আৰু পাৰমাণৱিক আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে ।
লগতে পঢ়ক:চাৰণৰ গংগা নদীত ডুবিল নাও, কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ