ETV Bharat / bharat

General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে - চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট

দুৰ্ভাগ্যজনকভাৱে হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে ৷ সেনাৰ বাবে সেৱা আগবঢ়াই অৱশেষত শুই পৰিল ভাৰত মাতৃৰ এইগৰাকী সন্তান ৷

CDS General Bipin Rawat demised
CDS General Bipin Rawat demised
author img

By

Published : Dec 8, 2021, 6:17 PM IST

Updated : Dec 8, 2021, 6:58 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ : এটা অভিশপ্ত ক্ষণৰ সাক্ষী হৈ ৰ’ল ভাৰত তথা বিশ্ববাসী (India witnesses cursed moment ) ৷ এটা দুৰ্ঘটনাই কাঢ়ি নিলে ভাৰতৰ সেনাৰ মুৰব্বীগৰাকীক ৷ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু নাই (CDS Gen Bipin Rawat no more) ৷ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হ’ল জেনেৰেল ৰাৱাটৰ ৷ বায়ু সেনাৰ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য ৷ মাত্ৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং চিকিৎসাধীন হৈ আছে ৱেলিংটনৰ এখন চিকিৎসালয়ত ৷

  • With deep regret, it has now been ascertained that Gen Bipin Rawat, Mrs Madhulika Rawat and 11 other persons on board have died in the unfortunate accident.

    — Indian Air Force (@IAF_MCC) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰযোগে বায়ুসেনাৰ ফালৰ পৰা নিশ্চিত কৰিছে যে, জেনেৰেল বিপিন ৰাৱাট আৰু আন 12 গৰাকীৰ মৃত্যু হৈছে (Gen Bipin Rawat passed away)৷ বুধবাৰে দুপৰীয়া ভাগত তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈছিল জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ আন কেইবাজনো সেনা বিষয়াক কঢ়িয়াই অনা Mi-17V5 হেলিকপ্টাৰখন (Indian army chopper crashed in Tamilnadu)৷

  • Deeply anguished by the sudden demise of Chief of Defence Staff Gen Bipin Rawat, his wife and 11 other Armed Forces personnel in an extremely unfortunate helicopter accident today in Tamil Nadu.

    His untimely death is an irreparable loss to our Armed Forces and the country.

    — Rajnath Singh (@rajnathsingh) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে, চলুৰস্থিত ভাৰতীয় বায়ুসেনাৰ চাউনীৰ পৰা ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচ কলেজ অভিমুখে গৈ আছিল হেলিকপ্টাৰখন ৷ কিন্তু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত পতিত হয় Mi-17V5 হেলিকপ্টাৰখন ৷ ভূ-পতিত হোৱাৰ লগে লগেই জ্বলি উঠে অভিশপ্ত হেলিকপ্টাৰখন ৷ স্থানীয় লোকে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰি উদ্ধাৰৰ চেষ্টা চলায় ৷ প্ৰথমে দুটা জলন্ত শৰীৰ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷

  • I am deeply anguished by the helicopter crash in Tamil Nadu in which we have lost Gen Bipin Rawat, his wife and other personnel of the Armed Forces. They served India with utmost diligence. My thoughts are with the bereaved families.

    — Narendra Modi (@narendramodi) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সেই সময়তে ঘটনা স্থলীত উপস্থিত হয় সেনা-বাহিনীৰ লোক ৷ জুই আৰু হেলিৰকপ্টাৰৰ ভগ্নাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় 14 টা জলন্ত শৰীৰ ৷

কিন্তু মূহুৰ্ততে সকলো শেষ হৈ গ’ল ৷ দেশ সেৱাৰ অৰ্থে সেনাৰ হৈ সেৱা আগবঢ়োৱা জেনেৰেল বিপিন ৰাৱাটৰ জীৱনৰ অন্ত পৰিল সেনাৰেই হেলিকপ্টাৰতে ৷

  • I also express my deepest condolences on the sad demise of Mrs Madhulika Rawat and 11 other Armed Forces personnel. My thoughts are with the bereaved families. May God give them the strength to bear this tragic loss.

    Praying for the speedy recovery of Gp Capt Varun Singh.

    — Amit Shah (@AmitShah) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

যাত্ৰাকালত তেওঁৰ সৈতে আছিল মধুলিকা ৰাৱাট (বিপিন ৰাৱাটৰ পত্নী), ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰ্জিন্দাৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেঞ্চ নায়ক বিবেক কুমাৰ, লেঞ্চ নায়ক বি চাই তেজা আৰু হাবিলদাৰ সতপাল ৷ অভিশপ্ত এই Mi-17V5 হেলিকপ্টাৰখনৰ পাইলট আছিল উইং কামাণ্ডাৰ পৃথিৱী সিং চৌহান ৷ 109 হেলিকপ্টাৰ ইউনিটৰ কামাণ্ডিং অফিচাৰ আছিল তেওঁ ৷

  • I extend my condolences to the family of Gen Bipin Rawat and his wife.
    This is an unprecedented tragedy and our thoughts are with their family in this difficult time.
    Heartfelt condolences also to all others who lost their lives.

    India stands united in this grief.

    — Rahul Gandhi (@RahulGandhi) December 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে জেনেৰেল ৰাৱাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন জনে ৷ টুইটাৰযোগে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ শোকবাৰ্তা ৷

বৰ্তমালৈকে ভাৰতীয় বায়ুসেনাই সদৰী কৰা মতে, জেনেৰেল ৰাৱাটসহ আন 12 জনৰ মৃত্যু হৈছে ৷

Last Updated : Dec 8, 2021, 6:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.