ETV Bharat / bharat

Food delivery boy died in Hyderabad : কুকুৰৰ ভয়ত তিনিমহলাৰ পৰা জপিয়াই মৃত্যু হ’ল ৰিজৱানৰ - German Shepherd

কুকুৰৰ পৰা হাত সাৰিবলৈ তিনিমহলাৰ পৰা জপিয়াইছিল এজন ফুড ডেলিভাৰী বয়ে (Hyderabad Delivery boy died who jumped from a building) ৷ শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ফুড ডেলিভাৰী বয়জনৰ (Hyderabad Delivery boy died)।

Hyderabad Delivery boy died
ফুড ডেলিভাৰী দিবলৈ গৈ মৃত্যু হ’ল এজন ফুড ডেলিভাৰী বয়ৰ
author img

By

Published : Jan 15, 2023, 6:39 PM IST

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : হায়দৰাবাদৰ ইউছুফগুড়াত অঘটন ৷ ফুড ডেলিভাৰী দিবলৈ গৈ মৃত্যু হ’ল এজন ফুড ডেলিভাৰী বয়ৰ (Hyderabad Delivery boy died who jumped from a building) ৷ নাম ৰিজৱান ৷

হায়দৰাবাদ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা আছিল চলিত মাহৰ 10 তাৰিখে নিশা প্ৰায় 10 বজাৰ ৷ সোভানা নগানী নামৰ মহিলাগৰাকীৰ অৰ্ডাৰ অনুসৰি ইউছুফগুড়াৰ শ্ৰীৰামনগৰ নিবাসী ৰিজৱানে নিশা লুম্বিনী ৰক কেছল এপাৰ্টমেণ্টৰ 6 নং বঞ্জাৰা হিলছ ৰোডৰ এটা অট্টাল্লিকাৰ তৃতীয় মহলালৈ মহিলাগৰাকীক খাদ্য যোগান ধৰাৰ উদ্দেশ্যে গৈছিল ৷ যথা সময়ত নিৰ্দিষ্ট স্থানত উপস্থিত হৈ ৰিজৱানে সোভানা নগানীৰ দুৱাৰত টুকুৰিয়াই ৷

Hyderabad Delivery boy died
ফুড ডেলিভাৰী দিবলৈ গৈ মৃত্যু হ’ল এজন ফুড ডেলিভাৰী বয়ৰ

দুৱাৰমুখত কোনো লোক অহাৰ সম্ভেদ পাই সোভানা নগানীৰ পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰটো (German Shepherd) দৌৰি যায় ৷ গৰাকীয়ে দুৱাৰ খোলাৰ লগে লগেই কুকুৰটোৱে ৰিজৱানাৰ গাত জপিয়াই পৰে ৷ ফলত ভয়ত বিতত হৈ থৰকাছুটি হেৰুৱাই ৰিজৱানে প্ৰাণৰ মমতাত অট্টাল্লিকাটোৰ তৃতীয় মহলাৰ পৰা জপিয়াই দিয়ে ৷

লগতে পঢ়ক : Burj Khalifa SRK on top : বুৰ্জ খলিফাত কিং খানৰ পাঠান ট্ৰেইলাৰ

তৃতীয় মহলাৰ ওপৰৰ পৰা জপিয়াই দিয়াৰ ফলতে গুৰুতৰভাৱে আহত হয় ফুড ডেলিভাৰী বয় ৰিজৱান ৷ ৰিজৱানৰ এই অৱস্থা দেখি কুকুৰটোৰ গৰাকী সোভানা নগানীয়ে তেওঁক পাঞ্জাগুট্টা নিমছ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আনকি ৰিজৱানৰ সকলো চিকিৎসাৰ খৰচ বহন কৰিছিল কুকুৰৰ গৰাকী সোভানাই ৷

কিন্তু চিকিৎসকে যৎপোৰনাস্তি চেষ্টা কৰাৰ পাচতো শনিবাৰে মৃত্যু হয় ৰিজৱানৰ (Food delivery boy died in Hyderabad) ৷ ইতিমধ্যে সোভানা নগানীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই সন্দৰ্ভত কৰি সিদ্ধান্তত উপনীত হয় সেয়াহে লক্ষণীয় হ’ব ৷

উল্লেখ্য যে, ৰিজৱানৰ চাৰিজন ভাতৃৰ মাজত তেওঁৱে আছিল একমাত্ৰ উপাৰ্জনকৰী ৷ তেওঁ পিতৃ মানসিকভাৱে অসুস্থ ৷ আনকি কিছুদিন পূৰ্বে মৃত্যু হৈছিল ৰিজৱানৰ মাতৃৰ ৷ এতিয়া ৰিজৱানৰ মৃত্যুত দিগবিদিগ হেৰুৱাইছে পৰিয়ালটোৱে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে ৰিজৱানৰ আত্মীয়ই ৷

লগতে পঢ়ক : Many Food for new son in law : নতুন জোঁৱাইক আদৰিবলৈ ১৭৩ বিধ খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.