ETV Bharat / bharat

Husband Wife die together : মৃত্যুয়েও বিচ্ছেদ কৰাব নোৱাৰিলে ৰাম লখন আৰু গিৰিজাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:16 PM IST

স্বামীৰ মৃত্যুৰ কেইঘণ্টামানৰ ভিতৰতে মৃত্যু ঘটিল পত্নীৰ ৷ এই ঘটনা বিহাৰৰ বৈশালীৰ । 75 বছৰ সম্পন্ন কৰিছিল দুয়োৰে দাম্পত্য জীৱনে ।

Husband Wife die together
মৃত্যুয়েও বিচ্ছেদ কৰিব নোৱাৰিলে ৰাম লখন আৰু গিৰিজাক

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ: স্বামী-স্ত্ৰীৰ মৃত্যু সঁচা প্ৰেমৰ নিদৰ্শন হৈ পৰিল বিহাৰৰ বৈশালীৰ এটা দম্পতি ৷ স্বামীৰ মৃত্যুৰ কেইঘণ্টামানৰ ভিতৰতে ইহ সংসাৰ ত্যাগ কৰিলে সহধৰ্মিনীয়ে ৷ উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা পত্নী গিৰিজা দেৱী অসুস্থ হৈ হাজীপুৰৰ এখন নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল । পত্নীৰ অসুস্থতাৰ বাবে চিন্তা তথা গভীৰভাৱে আঘাত পাইছিল ৰাম লখন পাছোৱানে ।

পত্নী অসুস্থ হৈ থকা অৱস্থাত যেতিয়াই কোনোৱে পত্নীৰ খবৰ সুধিছিল, তেতিয়াই পাছোৱানে "আমি দুয়ো একেলগে গ’লে আমি ইতিহাস হৈ পৰিলোহেঁতেন" বুলি ইচ্ছা প্ৰকাশ কৰিছিল । ইচ্ছা প্ৰকাশ কৰাৰ দুই-তিনি দিনৰ ভিতৰত সেয়া দিঠকত পৰিণত হ’ব বুলি অৱশ্যে কোনেও ভবা নাছিল । বুধবাৰে চিন্তাক্লিষ্ট অৱস্থাতে পাছোৱানৰ মৃত্যু ঘটে । নিশা মৃত্যু ঘটা পাছোৱানক শেষকৃত্য গাঁৱৰ ৰাইজে ৰাতিপুৱালৈ সমাপন কৰিম বুলি ভাবি আছিল যদিও পুৱা হোৱাৰ আগতেই পাছোৱানৰ পত্নী গিৰিজা দেৱীৰ মৃত্যু ঘটে ।

হাজীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে সদ্য প্ৰয়াত পাছোৱানৰ পত্নী গিৰিজা দেৱীৰ । ইয়াৰ পিছত গিৰিজা দেৱীৰ মৃতদেহ গাঁৱলৈ অনা হয় আৰু দুয়োৰে শেষ যাত্ৰা গাওঁবাসীয়ে একেলগে উলিয়ায় ।

স্থানীয় দেৱেন্দ্ৰ পাছৱানে এই সন্দৰ্ভত কয় যে "মাষ্টৰ চাহেবে কৈছিল যে আমি দুয়ো একেলগে গ'লে ইতিহাস সৃষ্টি হ'ব । তিনিদিন আগতে তেওঁ এই কথা কৈছিল ।"

লগতে পাছৱানৰ কোনো শাৰিৰীক সমস্যা নাছিল বুলিও স্থানীয় লোকে জনায় ।

উল্লেখ্য যে, 90 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক ৰাম লখন পাছোৱান আৰু তেওঁৰ 85 বছৰীয়া পত্নী গিৰিজা দেৱীৰ শেষ যাত্ৰা স্বামীয়ে ইচ্ছা কৰা অনুসৰি একেলগেই হ’ল । দুয়োৰে বিবাহে 75 বছৰ পূৰ্ণ কৰিছিল ।

লগতে পঢ়ক: Protest rally demanding manikpur as sub district:গণতান্ত্ৰিক দেশত নাগৰিকে কৰিব নোৱাৰে গণতান্ত্ৰিক আন্দোলন!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.