ETV Bharat / bharat

Husband killed his wife in Jharkhand: প্ৰথম পত্নীৰে মিলি দ্বিতীয় পত্নীক হত্যা

প্ৰথমা পত্নীৰে মিলি দ্বিতীয় পত্নীক হত্যা স্বামীৰ (Husband killed his wife in Chaibasa) ৷ ৫ হাজাৰ টকা চুপাৰী দি হত্যা কৰাইছিল মহিলাগৰাকীক ৷ হত্যাৰ পিছত পৰিচয় লুকুৱাবলৈ শিলেৰে কোবাই চিনিব নোৱাৰা কৰি পেলাইছিল মহিলাগৰাকীৰ মুখ ৷ এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত ৷

author img

By

Published : Jan 10, 2023, 12:55 PM IST

Husband killed his wife in chaibasa Jharkhand
ঝাৰখণ্ডত এগৰাকী মহিলা নিৰ্মম হত্যা

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: নিৰ্মম ৷ অমানৱীয় ৷ শিলেৰে কোবাই মুখ চিনিব নোৱাৰা কৰি এগৰাকী মহিলাক নিৰ্মম হত্যা ৷ ঝাৰখণ্ডত চৈবাছা জিলাপ মুফাছিল থানাৰ ওচৰত সংঘটিত হৈছে এই ঘটনা (Husband killed his wife in Chaibasa)। নিহত মহিলাগৰাকী চৈবাছাৰ সমীপৰ বাছাটোন্টো গাঁৱৰ সোমবাৰী বানৰা (২৮) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। অৱশেষত কাৰ্লাজোদী গাঁৱৰ সমীপৰ এটা পৰিত্যক্ত বাংলোৰ সমীপৰ এটা কুঁৱাৰ পৰা উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

সন্ধানহীন হোৱাৰ পিছতে মৃত মহিলাগৰাকীৰ মাতৃ সুখমতী হেমব্ৰমে দেওবাৰে মুফাছিল আৰক্ষী থানাত কন্যাৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰিছিল এখন এজাহাৰ । মুফাছিল আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতে আৰম্ভ কৰিছিল অভিযান ৷ অভিযানকালত সন্দেহৰ আঙুলি উঠা মৃত মহিলাগৰাকীৰ স্বামী চোক্ৰো বানৰা আৰু তেওঁৰ প্ৰথমা পত্নী সুনীতা বানৰাৰ লগতে আন দুগৰাকী সহযোগী কাৰ্লাজোডিৰ নিবাসী ৰবি ৰোশন পুৰ্তি (১৯ বছৰ) আৰু মোজোডিম্বা গাঁৱৰ নিবাসী কমলেশ বুটিয়া (২১)ক গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্তক ন্যায়ালয়ত হাজিৰ কৰি প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ ।

জানিব পৰা মতে, কাৰ্লাজোদী গাঁৱত কোনো ম’হ পালকে গাঁওখনৰে এটি নিৰ্জন ঠাইত পৰিত্যক্ত অৱস্থাত থকা এটা বাংলোৰ সমীপৰ এটা কুঁৱাত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ৷ তাৰ পিছত গাঁওবাসীয়ে মুফাছিল আৰক্ষীক খবৰ দিয়ে । ইফালে পৰিচয় লুকুৱাবলৈ শিলেৰে কোবাই চিনিব নোৱাৰা কৰি পেলাইছিল মহিলাগৰাকীৰ মুখ ৷ । সদৰ মহকুমা আৰক্ষী বিষয়া দিলীপ খালখোৱে কয় যে মৃত্যু হোৱা মহিলাগৰাকী চোক্ৰো বানৰাৰ দ্বিতীয় পত্নী আছিল আৰু প্ৰথমা পত্নী হৈছে সুনীতা বানৰা ৷

তেওঁ লগতে কয় যে প্ৰথমা পত্নী আৰু স্বামীয়ে মিলি প্ৰায়ে অত্যাচাৰ কৰি আহিছিল দ্বিতীয় পত্নী সোমবাৰী বানৰাক ৷ সন্ধানহীন হোৱা দিনটোতো মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল । এই সকলো কথা নিজ মুখেৰে স্বীকাৰ কৰিছে হত্যাকাৰী স্বামীয়ে ৷ এই স্বীকাৰোক্তিৰ ভিত্তিতে প্ৰথম পত্নী সুনীতা বানৰা আৰু এই কাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

চাৰিওজন অভিযুক্তই ইতিমধ্যেই নিজৰ অপৰাধ আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে ৷ মহিলাগৰাকীৰ স্বামী চোক্ৰো বানৰা আৰু তেওঁৰ প্ৰথমা পত্নী সুনীতা বানৰাই প্ৰথমে ষড়যন্ত্ৰ ৰচনা কৰিছিল মহিলাগৰাকীক প্ৰাণে মৰাৰ (Husband along with first wife got second wife murdered) ৷

তাৰ পিছত সোমবাৰে ৫ হাজাৰ টকাৰ চুপাৰী দি হত্যা কৰাইছিল সোমবাৰী বানৰাক ৷ আৰক্ষীয়ে অভিযুক্তৰ পৰা জব্দ কৰিছিল তিনিটা মোবাইল ফোন । অভিযানকাৰী দলটোত আছিল মুফাছিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন চন্দ্ৰ পাঠক, মহিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মীন কুমাৰী, আৰক্ষী উপ পৰিদৰ্শক অভিষেক কুমাৰ, আৰক্ষী উপ পৰিদৰ্শক দশৰথ মাহাতো আৰু মুফাছিল থানাৰ আৰক্ষীসকল ।

লগতে পঢ়ক: Jalebi Baba: 120 গৰাকী মহিলাক ধৰ্ষণ কৰা জেলেবী বাবাৰ শাস্তি ঘোষণা হ’ব সোমবাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.