নিউজ ডেস্ক, 16 নৱেম্বৰ: বিয়াৰ পাচত স্বামী আৰু পত্নীৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হোৱাতো সাধাৰণ কথা (Physical relationship of Husband wife) ৷ স্বামী আৰু স্ত্ৰীৰ মাজৰ এই সম্পৰ্কক কোনেও প্ৰত্যাখান কৰিব নোৱাৰে, বা বাধা দিব নোৱাৰে ৷ কিয়নো সেয়া একান্তই ব্যক্তিগত এক বিষয় ৷ ই এক প্ৰাকৃতিক ক্ৰিয়া-কলাপ বা সৃষ্টি ৰক্ষাৰ হেতু প্ৰয়োজনীয় বুলি সমাজ স্বীকৃত ৷ কিন্তু তাৰ মাজতো কিছুমান কথা আহি পৰে ৷ যদি দুয়োজনৰ ভিতৰত কোনোবা এজনৰ অনিচ্ছা সত্বেও এনে সম্পৰ্কৰ বাবে জোৰ কৰা হয়, তেন্তে সেয়া সাধাৰণ বুলিব নোৱাৰি ৷
তথ্য অনুসৰি আমাৰ দেশৰ সৰহ সংখ্যক মহিলাই ধৰ্ষিতা হয় স্বামীৰ দ্বাৰা (Women rape in India) ৷ কিয়নো সামাজিক স্বীকৃতিৰ দোহাই দি স্বামীয়ে নিজৰ বিশেষ অধিকাৰ আদায় কৰিব বিচাৰে পত্নীৰ পৰা ৷ কিন্তু পত্নীৰ অনিচ্ছা সত্বেও তেওঁৰ সৈতে যদি জোৰ কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হয়, তেন্তে ই ধৰ্ষণৰ লেখীয়াই হয় (Wife raped by Husband) ৷
এতিয়া আঁহো মূল কাহিনীলৈ ৷ এনে এক বিষয় লৈয়েই এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে অভিযোগ তৰিলে আৰক্ষীৰ ওচৰত (Wife filed complain against husband) ৷ স্বামীৰ অস্বাভাৱিক যৌন বাসনাৰ প্ৰতি অতিষ্ঠ হৈ মহিলাগৰাকী পালেগৈ আৰক্ষীৰ কাৰ্যালয় ৷ দীৰ্ঘদিনৰ পৰা তেওঁ এই আতিশয্যৰ বলি হৈ আহিছিল যদিও মুখ লজ্জাৰ ভয়ত তেওঁ নিমাতে আছিল ৷
অৱশ্যে নিজৰ শাহু-ননদক এই বিষয়ে অৱগত কৰিছিল যদিও তেওঁলোকে মহিলাগৰাকীক সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ ওপৰত মানসিক চাপহে প্ৰয়োগ কৰা বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে (Husband family tortured woman) ৷
ইছলাম ধৰ্মাৱলম্বী মহিলাগৰাকীৰ 2021 চনত নিকাহ সম্পন্ন হৈছিল ধৰ্মীয় ৰীতি-নীতি মতেই ৷ পিতৃ গৃহৰ পৰা স্বামী গৃহলৈ ভাৰে-ভেটিয়ে আহিছিল তেওঁ ৷ যৌতুক হিচাপে বিচৰা প্ৰায় সমূহ সামগ্ৰীয়েই তেওঁ লগত লৈ আহিছিল ৷ প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল ৷ সংসাৰো ঠিকেই চলিছিল ৷ কিন্তু লাহে লাহে স্বামীৰ স্বভাৱৰ পৰিৱৰ্তন লক্ষ্য কৰিবলৈ ধৰে মহিলাগৰাকীয়ে ৷
দিন বাগৰি যোৱাৰ লগে লগে প্ৰতিদিনেই তেওঁৰ স্বামীয়ে এনে কিছুমান আচৰণ কৰিবলৈ ধৰে, যাক তেওঁ মুকলিভাৱে প্ৰকাশ কৰিবও নোৱাৰে আৰু সদায় সহি থকাটোও সম্ভৱ নহয় ৷ মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি, নিতৌ তেওঁৰ স্বামীয়ে তেওঁক বাধ্য কৰাই কিছুমান পৰ্ণ ছবি চাবলৈ ৷ সেই ছবি সমূহ চোৱাৰ পাচত অনুৰূপ ধৰণে যৌন সম্ভোগ কৰিবলৈ মহিলাগৰাকীক বাধ্য কৰে স্বামীয়ে (Husband forced wife to watch porn) ৷
প্ৰথমাৱস্থাত সকলো সহি গৈছিল মহিলাগৰাকীয়ে ৷ কিন্তু ক্ৰমান্বয়ে মহিলাগৰাকীৰ স্বামীৰ সেই আসুৰিক প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰে ৷ এক প্ৰকাৰ বৰ্বৰোচিতভাৱে মহিলাগৰাকীৰ সৈতে নিজৰ যৌন ক্ষুধা পূৰণ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ স্বামীয়ে ৷ কিন্তু তেওঁ এইবোৰ কথা কাক ক’ব ? বা ক’লেও কোনেনো বিশ্বাস কৰিব ?
কিন্তু লাজ-মান একাষৰীয়া কৰি অৱশেষত তেওঁ নিজৰ শাহু-ননদক এই কথাবোৰ কৈ পেলালে ৷ পিছে ভবা ধৰণে একো নহ’ল, তাৰ ওলোটাহে হ’ল ৷ মহিলাগৰাকীৰ এনে কথা শুনি শহুৰৰ ঘৰৰ মানুহ তেওঁৰ ওপৰত খৰ্গহস্ত হৈ পৰে ৷ কেৱল গালি-গালাজতে সীমাৱদ্ধ নাথাকি, মহিলাগৰাকীক মাৰ-পিটো কৰে ৷ কেৱল শাহুৱেই নহয়, শহুৰ আৰু দেৱৰেও তেওঁক মাৰ-ধৰ কৰা বুলি আৰক্ষীক জনাইছে মহিলাগৰাকীয়ে ৷
স্বামীগৃহৰ এনে অত্যাচাৰ সহিব নোৱাৰি অৱশেষত মহিলাগৰাকী কাষ চাপিল আৰক্ষীৰ ৷ এছ এছ পিৰ কাৰ্যালয়লৈ গৈ তেওঁ বিবৰি কয় আদ্যোপান্ত ৷ তেওঁৰ স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগতে ন্যায় দিবৰ বাবে আৰক্ষীক দাবী জনাইছে (Wife filed FIR against unnatural sex of Husband) ৷ আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীক আশ্বাস দিছে উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে ন্যায় প্ৰদানৰ ৷
এই ঘটনাটো আছিল উত্তৰ প্ৰদেশৰ আলিগড়ৰ ৷ স্বামী-স্ত্ৰীৰ মাজৰ শাৰীৰিক সম্পৰ্ক স্বাভাৱিক প্ৰক্ৰিয়া হ’লেও, এনে আসুৰিক প্ৰবৃত্তি অৱশ্যেই ঘৃণনীয় ৷ এনে ধৰণৰ প্ৰবৃত্তিয়ে থান-বান কৰি পেলাই এটা পবিত্ৰ সম্পৰ্ক ৷
লগতে পঢ়ক: Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক