ETV Bharat / bharat

Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীৰ - National Crime Records Bureau

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই মৰিয়াই মৰিয়াই পত্নীৰ হাত ভাঙিলে স্বামীয়ে ৷ সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত-পত্নী ৷

Indiscriminate assault by husband
সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীক
author img

By

Published : Dec 28, 2022, 12:09 PM IST

Updated : Dec 28, 2022, 2:19 PM IST

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ: এগৰাকী পাষাণ স্বামীৰ অমানুষিক অত্যাচাৰ আৰু অকথ্য নিৰ্যাতনৰ বলি এগৰাকী মহিলা(Indiscriminate assault by husband) ৷ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক মৰিয়াই মৰিয়াই হাত-ভৰি ভাঙিলে পশুতুল্য স্বামীয়ে (husband broke wife's hand and a leg) ৷ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত পত্নী সম্প্ৰতি জীৱন-মৃত্যুৰে যুঁজিছে চিকিৎসালয়ৰ বিচনাত ৷

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাৰ ডন মণ্ডলৰ চানুগণ্ডলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা(Kurnool district incident) ৷ গাঁওখনৰ এগৰাকী মহিলাই তিনি বছৰ ধৰি সন্তান জন্ম দিব নোৱাৰাৰ বাবেই স্বামীয়ে চলালে ভয়ংকৰ নিৰ্যাতন(husband assaulted wife for not having baby) ৷

উল্লেখ্য যে, ভৱানী নামৰ মহিলাগৰাকী তিনিবছৰ পূৰ্বে ৰাম নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আবদ্ধৈ হৈছিল ৷ কিন্তু দিন বাগৰাৰ লগে লগে পত্নীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নথকাৰ কথা অৱগত হৈ স্বামীয়ে প্ৰায়ে চলাবলৈ ধৰিলে নিৰ্যাতন ৷ যি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

কিন্তু মঙলবাৰে সেই অত্যাচাৰ পালেগৈ চূড়ান্ত পৰ্যায় ৷ এক প্ৰকাৰৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাই পত্নীক নিৰ্বিচাৰে প্ৰহাৰ কৰাৰ লগতে পাষাণ স্বামীয়ে মৰিয়াই মৰিয়াই হাত-ভৰি ভাঙি পেলাই ৷ ফলত অচেতন হৈ পৰে মহিলাগৰাকী ৷ ঘটনা পোহৰলৈ অহাৰ পিছতে মহিলাগৰাকীক পৰিয়ালৰ লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ লৈ যায় পট্টিকোণ্ডা অসামৰিক চিকিৎসালয়লৈ ৷

সম্প্ৰতি অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ জীৱন-মৃত্যুৰে যুঁজি আছে মহিলাগৰাকী(The woman in critical condition) ৷ ইফালে, মানৱৰূপী দানৱ লম্পট স্বামীৰ বিৰুদ্ধে মহিলাগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰকাশ পোৱা NCRBৰ(National Crime Records Bureau) প্ৰতিবেদন অনুসৰি দেশত ব্যাপকভাৱে বৃদ্ধি পাইছে মহিলা নিৰ্যাতন আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনা ৷ যি সাম্প্ৰতিক সময়ত এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক: Cybercrimes: অনলাইন জগতত অভ্যস্ত হৈ পৰিছে নেকি ? সাৱধান! ক্ষুধাতুৰ হৈ পৰিছে হেকাৰ

Last Updated : Dec 28, 2022, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.