ETV Bharat / bharat

Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 8:22 AM IST

স্বামীৰ সন্দেহৰ বশৱৰ্তী হৈ কথমপি ৰক্ষা পৰিল এগৰাকী মহিলা ৷ স্বামীয়ে পত্নীৰ মুখত ব্লেডেৰে অকিয়াই এটা কোঠাত বন্ধ কৰি পত্নীক প্ৰায় মৃত্যুৰ মুখলৈ টিল টিলকৈ ঠেলি দিয়ে ৷ পত্নীৰ বিস্ফোৰক ভাষ্য...

Husband attack wife face
সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে

নেশ্যনেল ডেস্ক, 29 অক্টোবৰ : স্বামী-স্ত্ৰীৰ সম্পৰ্কক পবিত্ৰ সম্পৰ্ক বুলি কোৱা হয় ৷ কিন্তু যেতিয়া স্বামী-স্ত্ৰী সম্পৰ্কত সন্দেহৰ ঘূণ লাগে তেতিয়াই এই সম্পৰ্কই মাৰাত্মক ৰূপ লয় ৷ এই সম্পৰ্কই কেতিয়া ঘাতকৰ ৰূপ ল’ব পাৰে সেয়া আপোনাৰ মোৰ কল্পনাৰো অগোচৰ ৷ এইবাৰ পুনৰ স্বামীৰ সন্দেহৰ বশৱৰ্তী হৈ কথমপি ৰক্ষা পৰিল এগৰাকী মহিলা ৷ স্বামীয়ে পত্নীৰ মুখত ব্লেডেৰে অকিয়াই এটা কোঠাত বন্ধ কৰি পত্নীক প্ৰায় মৃত্যুৰ মুখলৈ টিল টিলকৈ ঠেলি দিয়ে ৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি, তেওঁ আজিৰ পৰা 7 বছৰৰ পূৰ্বে এগৰাকী যুৱকৰ সৈতে প্ৰেম বিবাহ কৰিছিল ৷ প্ৰথমতে সকলো ঠিকেই আছিল ৷ দিন বাগৰি যোৱাৰ লগে লগে মহিলাগৰাকীয়ে কাম কৰিবলৈ বাহিৰলৈ যাবলৈ উলোৱাত স্বামীয়ে তেওঁক সন্দেহ কৰিবলৈ লয় ৷ ইফালে স্বামীয়ে কাম নকৰি নিচা কৰিয়েই ঘৰতে দিন পাৰ কৰিছিল ৷ উপায়হীন হৈ মহিলাগৰাকীয়ে অন্য লোকৰ ঘৰত কাম কৰিবলৈ গৈছিল ৷

এই কথাক লৈ দুয়োৰে মাজত প্ৰায় তুমুল কাজিয়াৰ সৃষ্টি হৈছিল ৷ ফলত পত্নীয়ে স্বামীক এৰি সন্তানসহ মাতৃগৃহলৈ গুচি যায় ৷ পত্নী যোৱাৰ পিচতে মহিলাগৰাকীৰ স্বামীয়ে তেওঁক কান্দি কান্দি ফোন কৰি ঘৰলৈ মাতে ৷ কিন্তু পত্নীয়ে আহিবলৈ মান্তি নহয় ৷ যদিও স্বামীৰ কাকুতি মিনতিৰ পিচত পত্নীয়ে স্বামীক নিচা কৰি কাম কৰিবলৈ চৰ্ত দিয়ে ৷ স্বামীয়েও এই চৰ্ত মানি লয় পত্নীক ঘূৰি আহিবলৈ অনুৰোধ জনায় ৷

অৱশেষত যোৱা 26 অক্টোবৰত মহিলাগৰাকী স্বামীগৃহলৈ ঘূৰি অহাৰ পিচতে স্বামীয়ে তেওঁক মুখত ব্লেডেৰে অকিয়াই এটা কোঠাত বন্ধ কৰি থৈ গুচি যায় ৷ মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত চুবুৰীয়াই গম পাই তেওঁক ততালিকে হাস্পতালত ভৰ্তি কৰায় ৷ মহিলাগৰাকীয়ে সুস্থ হৈ ঘূৰি অহাৰ পিচত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷

অভিযুক্তটোৰ নাম মিজান বুলি জানিব পৰা গৈছে ৷ ইফালে পত্নীয়ে আৰক্ষীক কোৱা অনুসৰি তেওঁৰ স্বামী ভাৰতীয় নহয় এজন অবৈধ বাংলাদেশী নাগৰিক ৷ এই ঘটনাৰ পিচতে পত্নীয়ে স্বামীক পৰা বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ আগবঢ়ায় ৷

লগতে পঢ়ক: JDU MLA attacked : নালন্দাত জেডি(ইউ)ৰ বিধায়কক আক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.