ETV Bharat / bharat

Teachers hunger strike in Tripura: ত্ৰিপুৰাত পুনৰ মকৰলৰ দাবীত শিক্ষকৰ অনশন

author img

By

Published : Oct 20, 2022, 6:41 PM IST

ত্ৰিপুৰাত ২০১৭ চনত বৰ্খাস্ত কৰা ১০,৩২৩ গৰাকী (terminated teachers of Tripura protest) শিক্ষকৰ পুনৰ মকৰলৰ দাবীত অনিৰ্দিষ্টকালীন আমৰণ অনশন । এইসকল শিক্ষকে চাকৰি হেৰুওৱা নাই বুলি দাবী কৰিছে ।

Teachers hunger strike in Tripura
ত্ৰিপুৰাত পুনৰ মকৰলৰ দাবীত শিক্ষকৰ অনশন

আগৰতলা, ২০অক্টোবৰ: ত্ৰিপুৰা চৰকাৰে পাঁচ বছৰ পূৰ্বে বৰ্খাস্ত কৰা ১০,৩২৩ গৰাকী (terminated teachers of Tripura protest) শিক্ষকে তেওঁলোকক পুনৰ মকৰলৰ দাবী জনাই বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন আমৰণ অনশন (terminated teacher indefinite hunger) আৰম্ভ কৰিছে । এইসকল শিক্ষকে দাবী জনাই কয় যে তেওঁলোকে চাকৰি হেৰুওৱা নাই । এজন বৰ্খাস্ত হোৱা শিক্ষকে কয় যে কিছুমান নিবনুৱা যুৱকে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত (High Court of Tripura) এখন পিআইএল দাখিল কৰাৰ পিছত উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ দিছিল ।

বৰ্খাস্ত হোৱা শিক্ষকগৰাকীয় এই সন্দৰ্ভত কয়, "উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানৰ পূৰ্বে তদানীন্তন বাওঁমৰ্চা চৰকাৰে ১০,৩২৩ গৰাকী শিক্ষকে চাকৰি হেৰুৱাইছিল বুলি ঘোষণা কৰিছিল । পিছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছিল আৰু শীৰ্ষ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বহাল ৰাখিছিল । কিয়নো ২০১৭ চনত শিক্ষা বিভাগে ১০,৩২৩ গৰাকী শিক্ষকক বৰ্খাস্ত কৰিছিল ।" শিক্ষকগৰাকীয় পুনৰ কয় যে তদানীন্তন চৰকাৰে তেওঁলোকক অবৈধভাৱে বৰ্খাস্ত কৰিছিল ।

ক্ষুব্ধ শিক্ষকসকলে কয় যে সেই সময়ছোৱাত তদানীন্তন বাওঁমৰ্চা চৰকাৰে তেওঁলোকৰ কথা শুনা নাছিল । অৱশ্যে পিছত এইসকল শিক্ষকক পুনৰ অস্থায়ী ভিত্তিত নিযুক্তি দিয়া হৈছিল আৰু ২০২০ চনলৈকে কাম কৰিছিল । ২০১৮ চনত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি দলটো শাসনলৈ আহে তেন্তে তেওঁলোকে এইসকল শিক্ষকৰ সমস্যা সমাধান কৰিব । অৱশ্যে এতিয়ালৈকে একো কৰা হোৱা নাই বুলি কয় শিক্ষকসকলে ।

পিছত তেওঁলোকে তেওঁলোকৰ সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত (Supreme Court of India) এক আৰটিআই দাখিল (RTI at Supreme Court) কৰিছিল । উক্ত আৰটিআইত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে তেওঁলোক গোচৰটোৰ অংশ নাছিল আৰু তেওঁলোকৰ চাকৰি হেৰুওৱা নাছিল ।

ইপিনে,অনশনত বহা শিক্ষকসকলে কয়, "বাৰে বাৰে আমি কৈছো যে আমি আমাৰ চাকৰি হেৰুওৱা নাছিলো । কিয়নো গোচৰটো মাত্ৰ ৩৮ গৰাকী শিক্ষকৰ বিৰুদ্ধেহে আছিল । আমি শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে বহুবাৰ দাবী জনাইছো যদিও কোনেও পুনৰ সিদ্ধান্ত লোৱা নাই ।"সেয়েহে সমস্যাটো সমাধানৰ দাবীত অনিৰ্দিষ্টকালৰ বাবে অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি শিক্ষকসকলে কয় ।

লগতে পঢ়ক:English medium college in Tripura: ত্ৰিপুৰাত ইংৰাজী মাধ্যমৰ মহাবিদ্যালয় মুকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.