ETV Bharat / bharat

TMC Raj Bhawan abhiyan: প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰী প্ৰায় চাৰিশ তৃণমূল কৰ্মীক আটক - TMC Raj Bhawan abhiyan

তৃণমূল কংগ্ৰেছৰ নেতা মজিবুৰ ইছলাম মজুমদাৰৰ মৃত্যুৰ পাছতে ত্ৰিপুৰাত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ (Raj Bhawan Abhiyan of TMC in Tripura)। ৰাজভৱনলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে তৃণমূল কংগ্ৰেছে । মজিবুৰ ইছলাম মজুমদাৰক বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ । আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবীত তৃণমূলৰ প্ৰতিবাদ ।

TMC Raj Bhawan abhiyan
প্ৰায় ৪০০ তৃণমূল কৰ্মীক আটক
author img

By

Published : Jan 5, 2022, 8:43 PM IST

আগৰতলা,৫ জানুৱাৰী : ক্ৰমে তুংগত উঠিছে ত্ৰিপুৰাৰ ভাৰতীয় জনতা দল নেতৃত্বাধীন চৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাত । বুধবাৰে পুৱা কলকাতাৰ এক চিকিৎসালয়ত ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ নেতা মজিবুৰ ইছলাম মজুমদাৰৰ মৃত্যু হোৱাৰ পাছতেই ৰাজ্য়খনৰ ৰাজভৱন অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাবলৈ যোৱা প্ৰায় চাৰিশ তৃণমূল কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় ।

যোৱা বছৰ ২৮ আগষ্টত একাংশ বিজেপিৰ গুণ্ডা বাহিনীয়ে মজিবুৰ ইছলাম মজুমদাৰক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল । তেতিয়াৰে পৰা বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিছিল নেতাগৰাকীক । অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে নেতাগৰাকীয়ে । তেওঁৰ মৃত্যুৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । নেতাগৰাকীৰ আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবী উঠিছে ।

উল্লেখ্য যে, অহা ২০২৩ চনত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে এতিয়া ৰাজ্যখনত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত দলীয় সংঘাত বৃদ্ধি পাইছে ৷ ইপিনে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাৰ মচনদ দখলৰ বাবে ৰণ-কৌশল প্ৰস্তুত কৰাৱ পৰিলক্ষিত হৈছে ৷

মজিবুৰ ইছলাম মজুমদাৰৰ আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বুধবাৰে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে ৰাজভৱনলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে (TMC protest rally at Raj Bhawan)। ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিকৰ লগতে দলৰ বহু কৰ্মীয়ে প্ৰতিবাদত অংশ লয় ৷ সাংবাদিকৰ সন্মুখত টিএমচি নেতা ভৌমিকে কয় যে, চাৰি মাহৰো অধিক সময় ধৰি নিজৰ জীৱনৰ বাবে যুঁজ দিয়াৰ পাছত বুধবাৰে পুৱা নেতাগৰাকীৰ মৃত্যু হয় ।

ভৌমিকে কয় যে, নেতাগৰাকীৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ৰাজ্যখনৰ আইন শৃংখলা ব্যৱস্থা, বৰ্ধিত নিবনুৱা সমস্যাকে আদিকে ধৰি প্ৰায় ১৫ টা দাবীৰে এক স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । ভৌমিকৰ মতে শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে ৰাজ্যখনৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এতিয়ালৈ সমস্যা সমাধান হোৱা নাই ।

ইয়াৰ পৰিৱৰ্তে, ৰাজ্যত বিজেপিয়ে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ কৰিছে টিএমচিয়ে । ভৌমিকে লগতে কয় যে, দেশৰ আন কোনো ৰাজ্যত এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই । শাসকীয় দল বিজেপিয়ে অগণতান্ত্ৰিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কৰিছে ভৌমিকে । তৃণমূল কংগ্ৰেছে ৰাজ্যপালক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যই তৃণমূলৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰে ।

ৰাজ্যপাল অসুস্থ হোৱা বুলি তেওঁলোকে জানিব পাৰিছে । ৰাজ্যপালে বিৰোধীক সাক্ষাৎ নকৰাৰ অভিযোগ তুলিছে । যাৰ বাবে তৃণমূল কংগ্ৰেছ প্ৰতিবাদী সমদলৰ আয়োজন কৰে (Raj Bhawan Abhiyan of TMC in Tripura)। অৱশ্যে সুবল ভৌমিককে ধৰি তৃণমূলৰ শ শ কৰ্মীক আৰক্ষীয়ে বাধা দিয়াৰ লগতে আটক কৰে ।

লগতে পঢ়ক :AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.