ETV Bharat / bharat

Drugs Seized at Indo-Myanmar border : মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

author img

By

Published : Dec 8, 2021, 10:09 AM IST

ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সফলতা ৷ মণিপুৰ-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে মঙলবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs Seized at Indo-Myanmar border) ৷ মোৰে অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় 500 কোটি টকা মূল্যৰ ড্ৰাগছ ৷

huge-quantity-of-drugs-seized-at-indo-myanmar-border
অসম ৰাইফলছৰ বৃহৎ সফলতা

তেজপুৰ, 8 ডিচেম্বৰ : মঙলবাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰে অসম ৰাইফলছে(Assam Rifles against Drugs) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেত মণিপুৰ আৰক্ষীৰ সৈতে ড্ৰাগছৰ বিৰুদ্ধে যুটীয়া অভিযান চলাইছিল অসম ৰাইফলছে ৷ উক্ত অভিযানতে অভিযানকাৰী দলে জব্দ কৰে প্ৰায় ৫০০ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী(Drugs Seized at Indo-Myanmar border) ৷

এই চোৰাং বেহাত জড়িত থকাৰ অভিযোগত অভিযানকাৰী দলটোৱে কৰায়ত্ত কৰে ম্যানমাৰ মূলৰ এজন চোৰাং ব্যৱসায়ীক ৷ মণিপুৰ আৰক্ষী-অসম ৰাইফলছে এই অভিযানৰ জৰিয়তে জব্দ কৰা নিচাজাতীয় সামগ্ৰীবোৰৰ ভিতৰত আছে প্ৰায় 54 কিল’গ্ৰাম ব্ৰাউন চুগাৰ আৰু 154 কিল’গ্ৰাম মেথাম্ফেটামিন(আইচ মেথ) ৷

প্ৰায় 500 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

প্ৰকৃততে ভাৰত, ম্যানমাৰ আৰু চীনৰ সীমান্তত চলি অহা এই ড্ৰাগছ ব্যৱসায় সন্ত্ৰাসবাদী তথা উগ্ৰপন্থীৰ বিত্তীয় সমস্যা সমাধানৰ মূল ঘাটি হিচাপে পৰিচিত হৈ পৰিছে ৷ ভাৰতৰ যুৱ প্ৰজন্ম বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ ঘাটি সম্প্ৰসাৰণ হোৱাৰ ই এক মুখ্য কাৰণ ৷ যাৰ বাবে সন্ত্ৰাসবাদ বিয়পোৱাৰ ক্ষেত্ৰতো পৰোক্ষভাৱে সহায় কৰি আহিছে এই ত্ৰিভূজে ৷

মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

লগতে চাওক: স্বামী গ’ল জেললৈ: ড্ৰাগছৰ ব্যৱসায় চলাই নিয়াৰ দায়িত্ব ল’লে পত্নীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.