ETV Bharat / bharat

World Sustainable Gastronomy Day: দেশত বছৰি অপচয় হোৱা খাদ্যৰে ২৬ কোটি জনসাধাৰণক ছমাহ যোগান ধৰিব পৰা যাব আহাৰ

author img

By

Published : Jun 17, 2023, 12:43 PM IST

Updated : Jun 18, 2023, 6:27 AM IST

আজি WORLD GASTRONOMY DAY, খাদ্য অপচয়ৰ পৰা ৰক্ষা কৰিবলৈ সমগ্ৰ বিশ্বতে পালন কৰা হয় এই দিৱস । প্ৰতি বছৰে ভাৰতত ৬৭০০ কোটি কিলোগ্ৰাম খাদ্য সামগ্ৰী অপচয় হয় । ইয়াৰ ব্যয় প্ৰায় ৯০ হাজাৰ কোটি । ইয়াৰ পৰিমাণ ইমানেই অধিক যে ছমাহ ধৰি খাদ্য লাভ নকৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেশৰ ২৬ কোটি জনসাধাৰণক এই খাদ্য যোগান ধৰিব পৰা যাব ।

HOW TO OBSERVE WORLD SUSTAINABLE GASTRONOMY DAY
খাদ্যৰ অপচয় ৰোধ কৰাৰ বিকল্প কি ?

আজি World Sustainable Gastronomy Day, খাদ্য অপচয় ৰক্ষা কৰিবলৈ সমগ্ৰ বিশ্বতে এই দিন পালন কৰা হয় । আজিৰ দিনটোত এইটোও মনত ৰখাটো উচিত যে খাদ্য সামগ্ৰীসমূহ কৃষক, গুদাম, খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট আৰু বিক্ৰেতাৰ পৰা অপচয় কৰিব নালাগে ।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ১.৩০ লাখ কোটি কিলোগ্ৰাম খাদ্য সামগ্ৰী অপচয় হয় ।

আনহাতে, ভাৰতত প্ৰতি বছৰে ৬৭০০ কোটি কেজি খাদ্য সামগ্ৰী অপচয় হয় । ইয়াৰ ব্যয় প্ৰায় ৯০ হাজাৰ কোটি । এইয়া ইমান খাদ্য যে ছমাহ ধৰি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেশৰ ২৬ কোটি জনসাধাৰণক খাদ্য যোগান ধৰিব পাৰে ।

প্ৰতি বছৰে দেশত প্ৰায় ২১০০ কোটি কিলোগ্ৰাম ঘেঁহু নষ্ট হয় । আনুমানিকভাৱে অষ্ট্ৰেলিয়াই প্ৰতি বছৰে একে পৰিমাণৰ ঘেঁহু উৎপাদন কৰে । মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি মুম্বাইত প্ৰতিদিনে ৯৪ লাখ কেজি কঠিন আৱৰ্জনা উৎপন্ন হয় । ইয়াত ৭৩ শতাংশ (অৰ্থাৎ ৬৮.৬২ লাখ কেজি) খাদ্য সামগ্ৰী থাকে। প্ৰতি বছৰে ভাৰতত ৬৭০০ কোটি কিলোগ্ৰাম খাদ্য সামগ্ৰী অপচয় হয় । ইয়াৰ ব্যয় প্ৰায় ৯০ হাজাৰ কোটি। অৰ্থাৎ ২৪৪ কোটি টকাৰ খাদ্য প্ৰতিদিনে অপচয় হয় ।

ভাৰতত প্ৰতি বছৰে প্ৰায় ১৯ কোটি লোক অনাহাৰে থাকিবলগীয়া হয়

দেশত প্ৰতি বছৰে প্ৰায় ১৯.৪০ কোটি লোক অনাহাৰে থাকিবলগীয়া হয় । মধ্য দিনৰ আহাৰ আঁচনিৰ অধীনত প্ৰতিদিনে প্ৰায় ১ কোটি ২০ লাখ শিশুক খাদ্য খুওৱা হয় । কোটি কোটি চৰকাৰী ধন প্ৰতিজন ব্যক্তিক খাদ্য আৰু কৰ্মসংস্থাপনৰ নামত ব্যয় কৰা হয়, তথাপিও ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি দেশত প্ৰতি বছৰে ভোক বা পুষ্টিহীনতাৰ বাবে প্ৰায় দহ লাখ শিশুৰ মৃত্যু হয় । ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচনৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত বিতৰণ ব্যৱস্থাৰ ত্ৰুটিৰ বাবে প্ৰতি বছৰে ২.৩ কোটি টন দালি, ১ কোটি ২০ লাখ টন ফলমূল আৰু ২ কোটি ১০ লাখ টন শাক-পাচলি নষ্ট হৈ যায় ।

লগতে পঢ়ক: Benefits of Pranayama: সুস্বাস্থ্য তথা দীৰ্ঘায়ু লাভৰ বাবে নিতৌ কৰক প্ৰাণায়াম

২০৩০ চনৰ ভিতৰত বিশ্বত অপচয় হ’ব বছৰি ২.১ বিলিয়ন টন খাদ্য

এইবাৰ ৰাষ্ট্ৰসংঘই এক্ট নাও অভিযান চলাইছে যাতে খাদ্যৰ অপচয় বন্ধ কৰিব পৰা যায় । ইয়াৰ বাবে ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বৰ চেফসকলক এই অভিযানত যোগদান কৰিবলৈ কয় । কাৰণ সমগ্ৰ বিশ্বতে যিদৰে খাদ্যৰ অপচয় হৈছে, আমি যদি একে গতিৰে আগবাঢ়ি যাওঁ তেন্তে ২০৩০ চনৰ ভিতৰত বিশ্বই বছৰি ২.১ বিলিয়ন টন খাদ্য অপচয় কৰিব ।

৫৩খন দেশত ১১.৩ কোটি লোক ভোকৰ সন্মুখীন হৈছে

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে চৰম ভোকৰ সন্মুখীন হোৱা ১১.৩ কোটিতকৈ অধিক লোকৰ সংখ্যা বিশ্বৰ ৫৩খন দেশত বিয়পি পৰিছে । আফ্ৰিকা মহাদেশখনে এই সমস্যাৰ সৈতে আটাইতকৈ বেছি যুঁজিবলগীয়া হৈছে । যুদ্ধবিধ্বস্ত য়েমেন, ছিৰিয়া, আফগানিস্তান আৰু গণতান্ত্ৰিক ৰিপাব্লিক অৱ কংগো বিশ্বৰ আঠখন দেশৰ ভিতৰত অন্যতম য’ত দুই তৃতীয়াংশই লোকেই অনাহাৰে জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হয় ।

WORLD GASTRONOMY DAY কেনেকৈ পালন কৰিব পাৰি

  • প্ৰয়োজনতকৈ অধিক খাদ্য ক্ৰয় কৰিব নালাগে
  • অব্যৱহৃত খাদ্যক পচন সাৰ তৈয়াৰ কৰি কৰি অথবা জাম বা চচলৈ ৰূপান্তৰিত কৰি খাদ্য পুনঃব্যৱহাৰ কৰক ।
  • স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি আৰু ফল-মূলৰ বজাৰ কৰক ।
  • বহনক্ষম কৃষি কৌশল ব্যৱহাৰ কৰা বা প্ৰচাৰ কৰা সৰু আৰু স্থানীয় যোগানকাৰীৰ পৰা ক্ৰয় কৰিব লাগে ।
  • ঘৰত থকা সকলো খাদ্য ব্যৱহাৰ কৰক । খাদ্য অপচয় কৰাতকৈ যাক খাদ্যৰ প্ৰয়োজন তেওঁক দিয়ক ৷
  • আপোনাৰ শাক-পাচলিৰ ড্ৰয়াৰত কি আছে সেই বিষয়ে সচেতন হওক আৰু ই মৰহি পচি যোৱাৰ আগতে ব্যৱহাৰ কৰক ।

লগতে পঢ়ক: Foreign Trip: কম খৰচত বিদেশ ভ্ৰমণ কৰিব বিচাৰে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

Last Updated : Jun 18, 2023, 6:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.