ETV Bharat / bharat

Mountaineer Baljeet Kaur missing : টুইটযোগে মন্ত্ৰীৰ শোক প্ৰকাশ, কিন্তু মৃত্যু হোৱা নাই বলজিৎ কৌৰৰ - মাউণ্ট অন্নপূৰ্ণাৰ চতুৰ্থ শিবিৰৰ পৰা নিৰুদ্দেশ

হিমাচলৰ স্বাস্থ্যমন্ত্ৰীয়ে পৰ্বতাৰোহী বলজিৎ কৌৰৰ মৃত্যু হোৱা বুলি টুইট কৰিছিল । কিন্তু মৃত্যু হোৱা নাই কৌৰৰ । অভিযানকাৰী দলে কৌৰৰ অৱস্থান ধৰা পেলাইছে (Mountaineer Baljeet Kaur was found alive)। জীৱিত অৱস্থাত আছে পৰ্বতাৰোহী বলজিৎ ।

Mountaineer Baljeet Kaur missing
টুইটযোগে মন্ত্ৰীৰ শোক প্ৰকাশ কিন্তু মৃত্যু হোৱা বলজিৎ কৌৰৰ
author img

By

Published : Apr 18, 2023, 4:26 PM IST

Updated : Apr 18, 2023, 5:24 PM IST

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল : এগৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু হোৱা বুলি টুইট কৰি বিপদত হিমাচল প্ৰদেশৰ এগৰাকী মন্ত্ৰী । টুইটৰ কেইঘণ্টামান পাচতে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে পৰ্বতাৰোহীগৰাকী । মন্ত্ৰীগৰাকীৰ টুইটক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Himachal minister on woman mountaineer missing)।

উল্লেখ্য যে, পৰ্বতাৰোহণৰ সময়ত মাউণ্ট অন্নপূৰ্ণাৰ চতুৰ্থ শিবিৰৰ পৰা নিৰুদ্দেশ হৈছিল ভাৰতীয় পৰ্বতাৰোহী বলজিৎ কৌৰ । অভিলেখ সৃষ্টিকাৰী পৰ্বতাৰোহীগৰাকী নিৰুদ্দেশ হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । প্ৰায় ২৭ বছৰীয়া ভাৰতীয় মহিলা পৰ্বতাৰোহীগৰাকীৰ নিৰুদ্দেশে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে হিমাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী কৰ্ণেল ড০ ধনী ৰাম শণ্ডিলে এটা টুইট কৰিছিল ।

টুইটযোগে তেওঁ মহিলা পৰ্বতাৰোহী বলজিৎ কৌৰৰ মৃত্যু হোৱা বুলি কৈছিল আৰু শোক প্ৰকাশ কৰিছিল (Baljeet Kaur died controversy)। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বলজিৎ কৌৰৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, "মই নিৰ্বাক । মোৰ সমষ্টিৰ পৰ্বতাৰোহী বলজিৎ কৌৰৰ কৰুণ মৃত্যুৰ বিষয়ে শুনি বৰ দুখ লাগিছে । কৌৰে কেৱল নিজৰ ৰাজ্যখনকে নহয় সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছিল’’ । এই টুইটটোৰ পাচত বহুতে কৌৰৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছিল । কিন্তু মন্ত্ৰীগৰাকীৰ টুইটৰ কেইঘণ্টামানৰ পাচতে উদ্ধাৰকাৰী দলে জীৱিত অৱস্থাত কৌৰক উদ্ধাৰ কৰে (Himachal Health minister tweet on Baljeet Kaur)।

Mountaineer Baljeet Kaur missing
সুস্থ আছে বলজিৎ কৌৰ

হিমালয়ান টাইমছৰ বাতৰি অনুসৰি, সোমবাৰে পৰিপূৰক অক্সিজেন ব্যৱহাৰ নকৰাকৈ বিশ্বৰ দশম সৰ্বোচ্চ শৃংগ আৰোহণ কৰা কৌৰক আকাশী অনুসন্ধান দলে পায়োনিয়াৰ এডভেঞ্চাৰ পাচাং শ্বেৰ্পাৰ অধ্যক্ষ কেম্প চতুৰ্থৰ ওপৰত উদ্ধাৰ কৰে (Mountaineer Baljeet Kaur was found alive)। শ্বেৰ্পাৰ মতে, কৌৰক আকাশী অভিযানকাৰী দলে চতুৰ্থ শিবিৰৰ ফালে অকলে নামি অহা দেখিছে । শীৰ্ষ স্থানত অকলে থকা আগশাৰীৰ ভাৰতীয় মহিলা পৰ্বতাৰোহীগৰাকী পুৱালৈকে ৰেডিঅ'ৰ যোগাযোগৰ বাহিৰত আছিল (Mountaineer Baljeet Kaur missing)।

অৱশ্যে তাৎক্ষণিক সহায় বিচাৰি ৰেডিঅ' সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম হোৱাৰ পাচতহে মঙলবাৰে পুৱা এক অভিযান আৰম্ভ কৰা হয় । শ্বেৰ্পাৰ মতে, তেওঁৰ জিপিএছ অৱস্থানটোৱে ৭,৩৭৫ মিটাৰ উচ্চতা দেখুৱাইছে । কৌৰে সোমবাৰে সন্ধিয়া প্ৰায় ৫.১৫ বজাত দুজন শ্বেৰ্পা গাইডৰ সৈতে মাউণ্ট অন্নপূৰ্ণা আৰোহণ কৰিছিল । তেওঁক উদ্ধাৰৰ বাবে প্ৰায় তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল ।

ইফালে, ট্ৰেকিং গ্ৰুপটোৰ অন্যতম সদস্য অনুৰাগ মালুৰ ক্ৰেভাছত পৰি মৃত্যু হয় (Mountaineer Anurag Malu died)। কৌৰ হিমাচল প্ৰদেশৰ চোলান জিলাৰ মামলিঘ অঞ্চলৰ বাসিন্দা আৰু তেওঁ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টকে ধৰি কেইবাটাও শৃংগ জয় কৰিছে । ৰাজস্থানৰ কিষাংগাধৰ বাসিন্দা অনুৰাগ মালু কৌৰৰ সৈতে এই অভিযানত গৈছিল ।

মালুৱেও মাউণ্ট অন্নপূৰ্ণাৰ তৃতীয় শিবিৰৰ পৰা নামি অহাৰ সময়ত সন্ধানহীন হৈছিল । পাচত, দেখা গৈছিল যে সোমবাৰে কেম্প চতুৰ্থৰ পৰা নামি অহাৰ সময়তে হিমস্খলনৰ ফলত মালুৰ মৃত্যু হয় । মাউণ্ট অন্নপূৰ্ণা হৈছে পৃথিৱীৰ দশম সৰ্বোচ্চ শৃংগ । যি সাগৰ পৃষ্ঠৰ পৰা ৮,০৯১ মিটাৰ উচ্চতাত আছে ।

লগতে পঢ়ক : Shooter Lavlesh Tiwari : আতিক হত্যাকাৰী লাভলেশ তিৱাৰীৰ পৰিয়ালে এৰিলে ঘৰ

Last Updated : Apr 18, 2023, 5:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.