ETV Bharat / bharat

নিজৰেই তিনি ভাতৃৰ হাতত যুৱকৰ মৃত্যু - হাৰিয়ানাৰ পানিপথত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ড

হাৰিয়ানাৰ পানিপথত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ড ৷ ভাতৃৰ প্ৰেম বিবাহত অসন্তুষ্ট হৈ তিনি ভাতৃয়ে মিলি হত্যা কৰিলে সদ্য বিবাহিত ভাতৃক ৷ ছুৰীৰে হানি খুচি যুৱক জনক হত্যা ৷ ডেৰ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন ৷

horror killing in panipat
নিজৰেই তিনি ভাতৃৰ হাতত যুৱকৰ মৃত্যু
author img

By

Published : Jan 2, 2021, 9:20 AM IST

নেচনেল ডেস্ক, 2 জানুৱাৰী: হাৰিয়ানাত নিজ ভাতৃৰ হাততে এগৰাকী যুৱকে মৃত্যুক সাৱটি লোৱাৰ এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ হাৰিয়ানাৰ পানিপথ অঞ্চলৰ ভাৱনা চকত তিনি ভাতৃৰ বিৰুদ্ধে ছুৰীৰে হানি খুচি নিজ ভাতৃ নিৰজ পুত্ৰ গুলচন কুমাৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি ভাতৃ গুলচন কুমাৰৰ প্ৰেম বিবাহত অসন্তুষ্ট আছিল অন্য তিনি ভাতৃ ক্ৰমে অজয়, বিজয় আৰু পৱন ৷ ভাতৃৰ প্ৰেম বিবাহক লৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ পৰিণতিতেই তিনিওগৰাকী ভাতৃয়ে মিলি গুলচনক ছুৰীৰে আক্ৰমণ কৰাৰ ফলত সদ্য বিবাহিত যুৱক গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷

তিনি ভাতৃৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত যুৱক গৰাকীক পানিপথৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱক গৰাকীক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ পাছতে যুৱক গৰাকীৰ মৃতদেহ আৰক্ষীয়ে নিজ জিম্মাত লৈ পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰে ৷

জানিব পৰা মতে প্ৰায় ডেৰমাহ পূৰ্বে কোমল নামৰ এগৰাকী যুৱতীৰ সৈতে পানিপথৰ ভাৱনা চকৰ বাসিন্দা গুলচন প্ৰেম বিবাহত আৱদ্ধ হৈছিল ৷

লগতে পঢ়ক:গাজিয়াবাদৰ ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.