মেষ ৰাশি : কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা আশাপ্ৰদ দিন বুলিব পাৰি৷ লক্ষ্মীদেৱীৰ কৃপা থাকিব৷ ব্যবসায়ত উন্নতি হ'ব৷ ধাৰলৈ দিয়া ধন ঘূৰাই পাব৷ শৰীৰৰ যত্ন ল'ব ৷
বৃষ ৰাশি : মানসিক অশান্তিয়ে সমগ্ৰ দিন আগুৰি থাকিব৷ আপোনাৰ সন্তান, পৰিয়াল আৰু সহকৰ্মীসকলৰ ওপৰত উঠা খঙে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব৷ খৰচৰ মাত্ৰা বৃদ্ধি হ'ব আৰু নিজকে ধৰ্মীয় বা সামাজিকভাৱে অসহায় অনুভব কৰিব ৷
মিথুন ৰাশি : আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কিছু ভাগৰুৱা হৈ থাকিব ৷ পৰিয়ালৰ সদস্যৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব ৷ অতিৰিক্ত ব্যয় হ’ব পাৰে ৷ নিজৰ কথা আৰু খং নিয়ন্ত্ৰণত ৰাখক ৷
কৰ্কট ৰাশি : ধনৰ আগমন ঘটিব ৷ ভক্তিমূলক ভ্ৰমণৰ যোগ ৷ প্ৰিয়জনৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ ল'ব পাৰিব ৷ বৈবাহিক জীৱন সুখৰ হ'ব ৷ ভাল খাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ ভাল কাম কৰিবলৈ কোনো কাৰণতে পিছ হুঁহকি নাহিব ৷
সিংহ ৰাশি : নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত সময় পাৰ কৰক মুকলি লাগিব ৷ অধিক চিন্তাৰ কোনো কাৰণ নাই ৷
কন্যা ৰাশি : পানীত থকা জীৱ আৰু আৰু অচিনাকি মহিলাৰ পৰা আতৰি থাকক ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আইনী কাগজ-পত্ৰ বা মাটি-সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম হাতত ল'ব ৷
তুলা ৰাশি : গোটেই দিনটো এলাহভাৱে আপোনাৰ লগ নেৰিব ৷ মূৰৰ বিষ, উদ্বিগ্নতা আদিত ভুগিব আৰু মাতৃৰ শৰীৰক লৈ চিন্তাত পৰিব ৷ প্ৰিয়জনৰ লগত সৰু সৰু কথাতে হোৱা তৰ্ক-বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি প্ৰদান কৰিব ৷
বৃশ্চিক ৰাশি : স্বাভাৱিকভাৱে দিনটো পাৰ হ'লেও তাৰ মাজতে কিছু পৰিৱৰ্তন আহিব ৷ অপ্ৰত্যাশিত কোনো ঘটনা ঘটাৰ সম্ভাৱনা নাই যদিও সচেতন হৈ থাকিব ৷ দিনটোত শান্তভাৱে সিদ্ধান্ত লওক ৷ মাতৃৰ স্বাস্থ্যৰ কাৰণে অলপ কষ্ট হ'ব পাৰে ৷
ধনু ৰাশি : বিবাহিতসকলৰ বাবে দিনটো শুভ ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত ভ্ৰমণৰ যোগ ৷ নিজক সময় দিব ৷ সচেতন হৈ থাকিব ৷ মাতৃৰ যত্ন ল'ব ৷
মকৰ ৰাশি : বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ যিজনে ধৈৰ্যশীল হ'ব তেওঁ লাভৱান হ’ব ৷ আপুনি নিজৰ জীৱন প্ৰণালী সৰল কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতৰ বাবে দিনটো শুভ ৷ নিজৰ ওপৰত আশ্বাস ৰাখক ৷
কুম্ভ ৰাশি : ভ্ৰমণৰ যোগ৷ পৰিয়াল তথা আপোনজনৰ লগত সময় পাৰ কৰিব৷ নিজৰ ব্যৱসায় তথা কর্মস্থানত অধিক ব্যস্ত হ'বলগীয়া হʼব পাৰে৷ বাহিৰত খাদ্য গ্ৰহণ পৰা বিৰত থাকক৷
মীন ৰাশি : নতুন প্ৰতিষ্ঠানত শিক্ষা লাভৰ সুযোগ লাভ কৰিব পাৰে৷ ভাল কামৰ বাবে আনৰ পৰা প্ৰশংসা লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত শান্ত হৈ থাকিব৷ বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব৷ বিয়া আৰু সংযোগত সফল হʼব ৷