ETV Bharat / bharat

ত্ৰিপুৰাত ধনেশ পক্ষীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ বন বিভাগৰ - বন বিভাগ

প্ৰজননৰ সময়ত ধনেশ পক্ষীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছ ত্ৰিপুৰা বন বিভাগে । তেলীয়ামুৰা আৰু কল্যাণপুৰৰ বহু স্থানত জনাঞ্চলত থকা গছতে বাহ সাজিছে ধনেশ পক্ষীয়ে(HORNBILL) । সেয়ে পক্ষীবোৰৰ সুৰক্ষাৰ বাবে বন বিভাগে পৰ্যবেক্ষক হিচাপে কেইবাগৰাকীও স্বেচ্ছাসেৱকক নিয়োজিত কৰিছে ।

Save hornbill
ত্ৰিপুৰাত ধনেশ পক্ষীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ বন বিভাগৰ
author img

By

Published : Jun 1, 2021, 10:20 AM IST

Updated : Jun 1, 2021, 1:25 PM IST

নেশ্যনেল ডেস্ক, ১ জুন: ত্ৰিপুৰাৰ বন বিভাগে ধনেশ পক্ষীৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । কেইবাগৰাকীও পৰ্যবেক্ষকো নিয়োগ কৰিছে বন বিভাগে । দৰাচলতে, তেলীয়ামুৰা আৰু কল্যাণপুৰৰ বহু স্থানত জনাঞ্চলত থকা গছতে ধনেশ পক্ষীয়ে(HORNBILL) বাহ সাজিছে । জিলা বন বিষয়া খোৱাই নীৰজ চঞ্চলে জানিবলৈ দিয়া মতে, ধনেশ পক্ষীৰ বাবে খাদ্যৰ বাবে কিছুমান বিশেষ ফলৰ গছ ৰোপণ কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত আছে ।

বৰ্তমান প্ৰজননৰ বাবে মাইকী ধনেশ পক্ষীয়ে নিজকে বাহৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে । পক্ষী বিশেষজ্ঞসকলৰ মতে, ধনেশ পক্ষীয়ে সাধাৰণতে তিনি মাহৰ বাবে গছৰ খোৰোংবোৰত থাকে আৰু এই সময়খিনি এই পক্ষীৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় । ধনেশ পক্ষীয়ে আজীৱন একেগৰাকী সংগীৰ সৈতে থাকে । এই তিনি মাহত, মাইকী পক্ষীজনীয়ে গছৰ খোৰোঙৰ ভিতৰত থাকি কণী আৰু নতুন চৰাই পোৱালিবোৰৰ যত্ন লয় ।

এই সময়খিনিত আনজন সংগীয়ে মাইকী চৰাইজনীক খাদ্যৰ যোগান ধৰাৰ বাবে দায়বদ্ধ । চৰাইটোৱে খাদ্য বিচাৰি আনে আৰু সেই খাদ্য নিজৰ দীঘল ঠোঁটেৰে গছৰ খোৰোঙৰ মাজেৰে ভিতৰলৈ পাৰ কৰে । এতিয়া ধণেশ পক্ষীয়ে বাহ সাজি থকা গছবোৰ ত্ৰিপুৰাৰ বন বিভাগে(FOREST DEPARTMENT) চিহ্নিত কৰিছে আৰু স্বেচ্ছাসেৱকসকলক নিৰীক্ষণ কৰিবলৈ নিয়োজিত কৰিছে । মানুহে যাতে এই চৰাইবোৰৰ ক্ষতিসাধন কৰিব নোৱাৰে, তাৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হৈছে বুলি মন্তব্য কৰে বন বিষয়াগৰাকীয়ে ।

যুটীয়া বন ব্যৱস্থাপনা সমিতিৰ সদস্যৰ উপৰিও স্থানীয় লোকেও এই কামৰ বাবে আগবাঢ়ি আহিছে । জিলা বন বিষয়াগৰাকীৰ মতে, বাৰামুৰা পাহাৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত মানুুহে বাস কৰা ঠাইৰ সমীপতে ধনেশ পক্ষীয়ে আশ্ৰয় লোৱা প্ৰায় ১০ জোপা গছ আছে । পূৰ্বে এই অঞ্চলবোৰত ধনেশ পক্ষী দেখিবলৈ পোৱা নগৈছিল । বন বিভাগে বৰ্তমান ধনেশ পক্ষীৰ সংৰক্ষণৰ বাবে দুটা পদক্ষেপ হাতত লৈছে ।

সেয়া হৈছে, পৰ্যবেক্ষক নিয়োগ কৰি চৰাইবোৰক সুৰক্ষিত কৰা আৰু চৰাইৰ খাদ্যৰ বাবে গোল আকৃতিৰ ফল দিয়া গছ ৰোপণ কৰা(PLANTATION)। এই অঞ্চলবোৰত ইতিমধ্যে জামু, অমিতা, ডিমৰু আদিৰ দৰে ফলৰ গছ ৰোপণ কৰা হৈছে । জিলা বন বিষয়া খোৱাই নীৰজ চঞ্চলে জানিবলৈ দিয়া মতে, বন বিভাগে ধনেশ পক্ষীৰ প্ৰকৃতি আৰু ইয়াৰ পাৰিপাৰ্শ্বিক গুৰুত্বৰ বিষয়ে স্থানীয় লোকক সজাগ কৰাৰ পিছৰে পৰা ধনেশ পক্ষীৰ আগমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:ক'ভিড অনাথৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ আঁচনি ঘোষণা

Last Updated : Jun 1, 2021, 1:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.