ETV Bharat / bharat

সীমান্তত জালনোটৰ প্ৰচলন বন্ধৰ বাবে ভাৰত-বাংলাদেশৰ পদক্ষেপ গ্ৰহণ

author img

By

Published : Feb 27, 2021, 5:10 PM IST

ভাৰত-বাংলা সীমান্তত জালনোটৰ প্ৰচলন নিষিদ্ধ কৰাৰ বাবে দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ । ১৯ তম গৃহ সচিবৰ পৰ্যায়ৰ আলোচনাত দুয়োখন দেশৰ মাজত ভাৰতীয় জালনোটৰ অবৈধ চোৰাং চক্ৰ বন্ধ কৰি সহযোগিতাৰ স্তৰ বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ ।

ভাৰত-বাংলাদেশৰ সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাৰ্চ মাহত বাংলাদেশ ভ্ৰমণ কৰিব । মোডীৰ ভ্ৰমণৰ পূৰ্বে শনিবাৰে ভাৰত-বাংলা সীমান্তত জালনোটৰ প্ৰচলন নিষিদ্ধ কৰাৰ বাবে দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১৯ তম গৃহ সচিবৰ পৰ্যায়ৰ আলোচনাত দুয়োখন দেশৰ মাজত ভাৰতীয় জালনোটৰ অবৈধ চোৰাং চক্ৰ বন্ধ কৰি সহযোগিতাৰ স্তৰ বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।

উল্লেখ্য যে, শনিবাৰে বাংলাদেশ মুক্তিযোদ্ধাৰ ৫০ তম বৰ্ষপূতি উপলক্ষে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পটভূমিত ১৯ তম গৃহ সচিবৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল । এই আলোচনাত ভাৰতীয় প্ৰতিনিধি দলৰ হৈ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ ৰাজহুৱা নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ সচিব মুস্তাফা কমল উদ্দিনে বাংলাদেশৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে ।

উক্ত আলোচনাত দুয়োপক্ষই দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মতি অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তত স্থগিত থকা নিৰাপত্তা বেষ্টনী অতি সোনকালে সম্পূৰ্ণ কৰাৰ বিষয়ে আলোচনা কৰে । লগতে দুয়ো দেশৰ মাজত সহযোগিতা, সন্ত্ৰাসবাদ আৰু উগ্রবাদৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰাৰ বাবে লোৱা পদক্ষেপক দুয়োপক্ষই ভূয়সী প্ৰশংসা কৰে । এই আলোচনাতে জালনোটৰ অবৈধ চোৰাং চক্ৰ বন্ধ কৰি সহযোগিতাৰ স্তৰ বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।

লগতে পঢ়ক: পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.