ETV Bharat / bharat

Manipur violence : 2 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী উঠাই লোৱাৰ আহ্বান অমিত শ্বাহৰ - Amit Shah appeal to lift blockades

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথ অৱৰোধ কাৰ্যসূচী উঠাই ল’বলৈ আহ্বান জনায় ৷ যাতে খাদ্য, ঔষধ আৰু ইন্ধনৰ দৰে মৌলিক আৰু অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যখনলৈ সৰবৰাহ কৰিব (Amit Shah appeal to lift blockades)৷

Home Minister Amit Shah appeals to lift blockades of NH-2 in Manipur
2 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কাৰ্যসূচী উঠাই লোৱাৰ আহ্বান অমিত শ্বাহৰ
author img

By

Published : Jun 4, 2023, 7:35 PM IST

নিউজ ডেস্ক, 4 জুন: ক্ৰমাৎ শান্ত হৈছে মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনত পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত হৈছিলহি (Amit Shah appeal to lift blockades) ৷ ইয়াৰ পিচতে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথ অৱৰোধ কাৰ্যসূচী উঠাই ল’বলৈ আহ্বান জনায় ৷ খাদ্য, ঔষধ আৰু ইন্ধনৰ দৰে মৌলিক আৰু অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যখনলৈ যাতে সৰবৰাহ কৰিব পাৰে তাৰবাবে শ্বাহে এক টুইটযোগে ৰাজ্যখনৰ নাগৰিকৰ সুবিধাৰ্থে এই পদক্ষেপ ল’বলৈ আহ্বান জনায় (Union Minister Amit Shah) ৷

শ্বাহে লগতে কয়, "মণিপুৰৰ জনসাধাৰণৰ ওচৰত মোৰ অনুৰোধ আপোনালোকে ইম্ফল-ডিমাপুৰ সংযোগী 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথ অৱৰোধ কাৰ্যসূচী উঠাই লওক, যাতে খাদ্য, ঔষধ, পেট্ৰ'ল/ডিজেল আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৰাইজৰ ওচৰলৈ নিব পাৰে । মই লগতে অনুৰোধ জনাইছো যে নাগৰিক সমাজ সংগঠনসমূহে ৰাইতৰ সুবিধাৰ্থে সহমত পোষণ কৰি আমাক সহায় সহযোগিতা আগবঢ়াব ৷"

  • My sincerest appeal to the people of Manipur is to lift the blockades at the Imphal-Dimapur, NH-2 Highway, so that food, medicines, Petrol/Diesel, and other necessary items can reach the people.

    I also request that Civil Society Organisations do the needful in bringing…

    — Amit Shah (@AmitShah) June 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্বাহে লগতে টুইটত উল্লেখ কৰে, "আমি একলগ হৈ সহযোগিতা আগবঢ়ালেহে ৰাজ্যখনত পুনৰ স্বাভাৱিক পৰিস্থিতি উভতাই অনাত সফল হ’বলৈ পাৰিম ৷"

উল্লেখ্য যে, মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 3 মে'ত 'জনজাতীয় সংহতি মাৰ্চ' আয়োজন কৰাৰ পিচতেই মণিপুৰত জাতিগত হিংসাৰ ঘটনাৰ সৃষ্টি হৈছিল (Tribal Solidarity March)। ইফালে, গৃহ মন্ত্ৰালয়ে দেওবাৰে উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত জাতিগত হিংসাৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত তিনিজনীয়া তদন্ত আয়োগ নিযুক্ত কৰে ৷

কেন্দ্ৰীয় গৃহবিভাগৰ অধিসূচনা অনুসৰি, আয়োগে যিমান সম্ভৱ সোনকালে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই আয়োগৰ আন দুজন সদস্য হৈছে অসম-মেঘালয় কেডাৰৰ 1982 চনৰ বেছৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হিমাংশু শ্বেখৰ দাস আৰু তেলেংগানা কেডাৰৰ 1986 বেছৰ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া আলোক প্ৰভাকৰ (MHA appoints 3 member Commission of Inquiry)।

যোৱা 29 মে’ত মণিপুৰ চৰকাৰে তদন্ত আয়োগ প্ৰতিষ্ঠানটোক মণিপুৰৰ ঘটনাৰ সৈতে সম্পৰ্কিত কাৰকসমূহ লগতে ৰাজ্যখনত সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল ৷ আনহাতে, মণিপুৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি, মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এক নিৰ্দিষ্ট বিষয়ৰ তদন্ত কৰাৰ উদ্দেশ্যে তদন্ত আয়োগ নিয়োগ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কেন্দ্ৰীয় চৰকাৰে মত প্ৰকাশ কৰিছিল ৷

আয়োগৰ চৰ্তাৱলীত কোৱা হৈছে যে, ই বিভিন্ন সম্প্ৰদায়ৰ সদস্যসকলক লক্ষ্য কৰি হিংসা আৰু সংঘাতৰ কাৰণ আৰু ঘটনাক্ৰম আৰু কোনো দায়িত্বশীল কৰ্তৃপক্ষ আৰু ব্যক্তিৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ত্ৰুটি বা কৰ্তব্যত অৱহেলা হৈছে নেকি সেই বিষয়ে অনুসন্ধান কৰিব । আয়োগে লগতে অনুসন্ধানৰ সময়ত হিংসা আৰু সংঘাতৰ প্ৰতিৰোধ আৰু মোকাবিলা কৰাৰ বাবে পৰ্যাপ্ত প্ৰশাসনিক ব্যৱস্থা লোৱা হৈছে নাই সেইসমূহো বিবেচনা কৰা হ’ব ৷ আয়োগে যদি উপযুক্ত বুলি ভাবে, চূড়ান্ত সময়সীমাৰ আগতে কেন্দ্ৰীয় চৰকাৰক অন্তৱৰ্তীকালীন প্ৰতিবেদন দিব পাৰে বুলিও উল্লেখ কৰা আছে ৷

লগতে পঢ়ক: Amit Shah Manipur Visit : অমিত শ্বাহৰ আবেদনৰ প্ৰতি সঁহাৰি; মণিপুৰত আৰক্ষীক হস্তান্তৰ ১৪০ অস্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.