ETV Bharat / bharat

লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

author img

By

Published : Mar 20, 2022, 11:56 AM IST

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বাসগৃহত পূৰ্বতে উলহ মালহেৰে পালন কৰা হৈছিল হোলী । দলীয় কৰ্মী, নেতা তথা সমৰ্থেকে ভৰি আছিল লালুৰ বাসগৃহ । কিন্তু এইবাৰ সেই পৰিৱেশ নাই । সকলোৰে বাবে যেন এলাগী হ'ল এসময়ৰ জনপ্ৰিয় নেতাজন । বিশেষ দিনটোত কাৰাবন্দী লালুক সাক্ষাৎ কৰাটো দূৰৰে কথা কোনেও শুভেচ্ছা জনোৱা দেখা নগ'ল (No one greeted Holi Lalu Prasad Yadav)।

Holi
লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : ৰঙৰ উৎসৱ হোলীৰ লালু প্ৰসাদ যাদৱৰ জীৱনত এক বিশেষ গুৰুত্ব আছে । যাৰ বাবে তেওঁ প্ৰতিবছৰে পৰিয়াল, দলীয় কৰ্মী আৰু শুভাকাংক্ষীৰ লগত বিশাল ৰূপত হোলী উদযাপন কৰে । কিন্তু আৰজেদি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এতিয়া আৰু সেই দিন নাই (Holi turns out to be gloomy day for Lalu)। সকলোৰে বাবে যেন এলাগী হ'ল জ্যেষ্ঠ নেতাগৰাকী ।

যিগৰাকী নেতাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে হোলী উদযাপন কৰে, সেইজন নেতাৰ ওচৰত আজি এজনো সমৰ্থক নাই । কেৱল এয়াই নহয় বৰ্তমান কাৰাবন্দী হিচাপে RIMS ত ভৰ্তি হৈ থকা নেতাগৰাকীক আনকি কোনেও হোলীৰ শুভেচ্ছা জনোৱাও দেখা নগ'ল (No one wish Lalu Prasad Yadav on Holi)। পূৰ্বে দলৰ নেতা-কৰ্মীয়ে তেওঁৰ বাসগৃহত ভিৰ কৰিছিল ৷ কিন্তু আজি সেই ৰং, আনন্দ যেন হেৰাই গ'ল লালুৰ জীৱনত ।

উল্লেখ্য যে পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হোৱাৰ পাছত নেতাগৰাকী কাৰাবন্দী হৈ আছে । শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক আৰআইএমএছত (RIMS) ভৰ্তি কৰোৱা হৈছে (Lalu Prasad Yadav has been admitted to RIMS)। কিন্তু হোলীৰ দিনটোত এসময়ৰ জনপ্ৰিয় নেতাগৰাকীৰ এজনো সমৰ্থকক দেখা নগ'ল RIMSৰ বাহিৰত ।

বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হামিদ আখতাৰে ইটিভি ভাৰতক ফোনযোগে জনোৱা মতে লালু প্ৰসাদ যাদৱক ফোন কৰাৰ অনুমতি বিচৰা দৰ্শনাৰ্থীৰ পৰাও কোনো আবেদন পোৱা হোৱা নাই । আচলতে যিসকল দৰ্শনাৰ্থীয়ে লালু প্ৰসাদ যাদৱক সাক্ষাৎ বা ফোন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব লাগে । তেওঁলোকৰ আৱেদন লালু প্ৰসাদ যাদৱৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষী দলৰ ওচৰত দাখিল কৰা হয় ।

আবেদনসমূহৰ ভিতৰত, লালু প্ৰসাদ যাদৱৰ অনুমোদনৰ পাছত প্ৰতি সপ্তাহত মাত্ৰ দুজন লোকক তেওঁক লগ কৰিবলৈ অনুমতি দিয়া হয় । এই তথ্য কাৰাগাৰ কৰ্তৃপক্ষৰ হাতত থাকে । কিন্তু হোলীৰ দিনা কাৰো নাম অনুমোদন হোৱা নাই । কাৰাগাৰ অধীক্ষকে জনোৱা মতে যদি তেওঁলোকে কোনো আৱেদন লাভ কৰে, তেওঁলোকে নিশ্চিতভাৱে লালুক লগ কৰিবলৈ অনুমতি দিয়ে ।

লক্ষণীয়ভাৱে, এতিয়ালৈকে কোনেও তেওঁক শুভেচ্ছা জনোৱা নাই আৰু হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ চিকিৎসালয়তো তেওঁক সাক্ষাৎ কৰিবলৈ অহা নাই । লালু প্ৰসাদ যাদৱৰ যে পূৰ্বৰ জনপ্ৰিয়তা নাই সেই কথাই যেন প্ৰমাণ কৰিছে এই খবৰে ।

লগতে পঢ়ক :Fodder Scam : পুনৰ কাৰাগাৰ যাত্ৰাৰ দিশে লালু প্ৰসাদ যাদৱ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.