ETV Bharat / bharat

Hit and run : সুৰামত্ত চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, এজন গুৰুতভাৱে আহত

author img

By

Published : Aug 7, 2023, 10:34 PM IST

সুৰামত্ত যুৱকৰ উদ্ভণ্ডালিয়ে অমানিশা নমাই আনিলে এটা পৰিয়ালৰ জীৱনলৈ ৷ সুৰামত্ত চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, জোৱাঁয়েক গুৰুতৰভআৱে আহত হৈছে ৷ অভিযুক্ত চালকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

Father and son died on spot
সুৰামত্ত চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

নেশ্যনেল ডেস্ক, 7 আগষ্ট: বেংগালুৰুত দেওবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ চহৰখনৰ ইছৰো চক্ৰৰ সমীপতে দেওবাৰে নিশা পিতা-পুত্ৰই মৃত্যুক আকোৱালি লোৱাৰ লগতে তেওঁলোকৰ জোৱায়েকজন গুৰুতৰভাৱে আহত হয় ৷ ৰঘু (৬৫) আৰু তেওঁৰ পুত্ৰ চিৰঞ্জীৱী (২৫) ঘটনাস্থলীতেই মৃত্যু হয় আৰু জোৱায়েঁক ৱাসুৰ অৱস্থা গুৰুতৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, কুভেম্পুনগৰৰ বাসিন্দা ৰঘু, চিৰঞ্জীৱী আৰু ৱাচু কিতাপৰ ব্যৱসায়ী আছিল ৷ যোৱা নিশা কামৰ পৰা উভতি অহাৰ সময়ত এম এছ ৰামাইয়া চিকিৎসালয়ৰ ফালৰ পৰা অহা এখন মাৰুতি ইকো বাহনৰ চালকে প্ৰথমে এখন ৰৈ থকা গাড়ী আৰু আন এখন অট’ত খুন্দা মাৰে ৷ তাৰ পিচতে বাহনখনে পথৰ কাষত থিয় হৈ থকা ৱাসুক খুন্দিয়াই, পিচমুহূৰ্ততে বাহনখনে চিৰঞ্জীৱী আৰু ৰঘু বহি থকা স্কুটাৰখনত খুন্দা মাৰে ৷ এই ঘটনাত থিতাতে নিহত হয় পিতা-পুত্ৰ ৷

ইটোৰ পিচত সিটোকৈ ধাৰাবাহিক দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকজনে পলাই যাবলৈ চেষ্টা কৰোঁতেই, সেই স্থানত থকা স্থানীয় লোক আৰু অট’ চালক এজনে দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখন ধৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে স্থানীয় লোকৰ তৎপৰতাত বাহনখনৰ চালক আকাশক জিম্মাত লৈ সদাশিৱনগৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷

জানিব পৰামতে বাহনখনত কেইবাজনো লোক আছিল যদিও বাকীকেইজন পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জিম্মাত থকা আকাশ মাগাদি জিলা পঞ্চায়তৰ এজন সদস্যৰ পুত্ৰ ৷ আকাশসহ কেইবাজনো বন্ধুৱে সুৰাপান কৰি বাহনখন চলোৱাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে সদীশিৱনগৰ যান বাহন আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে ৷

এই সন্দৰ্ভত মহানগৰ যান-বাহন বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত এম এন অনুচেথে কয় যে " দেওবাৰে নিশা প্ৰায় 11.30 বজাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল৷ গাড়ীখনত পাঁচগৰাকী লোক আছিল ৷ এখন পাবত সুৰাপান কৰাৰ পিচত, বাহনখনে প্ৰথমে এখন অট’ত খুন্দিয়াই আৰু তাৰ পিচত এই স্কুটাৰখনক খুন্দিয়াই ৷ আৰক্ষীয়ে অভিযুক্তক পৰীক্ষা কৰোঁতে সুৰাপান কৰা বুলি ধৰা পৰে ৷ এই সমগ্ৰ ঘটনাটোৰ চিচিটিভি ফুটেজ জব্দ কৰা হৈছে ৷ আৰক্ষীয়ে পলাতক বাকী চাৰি অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷" অচিৰেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে যান-বাহন বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: Unique love: "মই মোৰ পত্নীক বহুত ভাল পাঁও"- প্ৰয়াত পত্নীৰ স্মৃতিত প্ৰতিমূৰ্তি স্থাপন কৰি উপাসনা স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.