ETV Bharat / bharat

BBC documentary on PM Modi : বিবিচিক ভাৰতত নিষিদ্ধ কৰাৰ দাবী হিন্দু সেনাৰ - Hindu Sena demands ban of BBC

প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোডীৰ আধাৰত বিবিচিয়ে নিৰ্মান কৰা তথ্যচিত্ৰৰ প্ৰদৰ্শনক লৈ বৃদ্ধি পাইছে বিতৰ্কৰ ৷ দেওবাৰে হিন্দু সেনাই দিল্লীৰ বিবিচি কাৰ্যালয়ৰ সন্মুখত এখন বেনাৰ লগোৱা পৰিলক্ষিত হ’ল (Hindu Sena placard against BBC) ৷ বেনাৰখনৰ জৰিয়তে হিন্দু সেনাই ভাৰতত বিবিচিৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাৰ আহ্বান জনায় ৷ হিন্দু সেনাই তথ্যচিত্ৰখনক দেশৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি হিচাবে বৰ্ণনা কৰে ৷

BBC documentary on PM Modi
বিবিচিক ভাৰতত নিষিদ্ধ কৰাৰ দাবী হিন্দু সেনাৰ
author img

By

Published : Jan 29, 2023, 8:20 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰী : বিগত কিছুদিনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ ৰাজধানী দিল্লীৰ জেএনইউ, জামিয়া, ডিইউ আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (BBC documentary on PM Modi)৷ মহাবিদ্যালয় প্ৰশাসনৰ পৰা অনুমতি অবিহনেই বাওপন্থী ছাত্ৰ সংগঠনসমূহে বিবিচিৰ তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিবলৈ মোবাইল ফোন আৰু লেপটপ ব্যৱহাৰ ব্যৱহাৰ কৰাৰ উপৰিও জেএনইউত শিল নিক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিশ্ববিদ্যালয়ত 144 ধাৰা জাৰি কৰা হয় (Section 144 at Delhi University)৷

এইসমূহ ঘটনা অব্যাহত থকাৰ সময়তে বিবিচিৰ তথ্যচিত্ৰখন চাব নে নাচায় তাক লৈ সামাজিক মাধ্যমতো এক ডাঙৰ বিতৰ্কৰ সূচনা হ’ল ৷ অৱশ্যে, ভাৰত চৰকাৰে ইতিমধ্যে বিবিচিৰ তথ্যচিত্ৰখন নিষিদ্ধ কৰিছে ৷ সমান্তৰালকৈ হিন্দু সেনাই বিবিচিক দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি আৰু বিবিচিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে (Hindu Sena demands ban of BBC)৷

বিবিচিৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে হিন্দু সেনাই কনাট প্লেছৰ কস্তুৰবা গান্ধী মাৰ্গৰ বিবিচি কাৰ্যালয়ৰ বাহিৰত এখন বেনাৰ ওলোমায় (Hindu Sena placard against BBC)। উক্ত বেনাৰত লিখা আছে যে বিবিচিয়ে প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তি বিনষ্ট কৰিছে ৷ সেয়েহে বিবিচিয়ে ভাৰত ত্যাগ কৰাৰ দাবী জনায় হিন্দু সেনাই ৷

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে হিতে বিপৰীত হোৱাহে পৰিলক্ষিত হৈছে ৷ হিন্দু সেনাৰ উক্ত বেনাৰৰ প্ৰত্যক্ষ কৰি সাধাৰণ লোকৰ মাজত তথ্যচিত্ৰখনৰ প্ৰতি উৎসুকতাহে বৃদ্ধি কৰিলে ৷ সাধাৰণ জনতাই ইতিমধ্যে মন্তব্য কৰিছে যে, তেওঁলোকে তথ্যচিত্ৰখনৰ লিংক লাভ কৰিলে চাবলৈ আগ্ৰহী ৷

হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই কয় যে বিবিচি দেশৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আৰু বিবিচিক তৎক্ষণিকভাৱে নিষিদ্ধ কৰা উচিত ৷ বিবিচিয়ে ভাৰতত এক আন্তৰ্জাতিক ষড়যন্ত্ৰৰ অধীনত কাম কৰি আহিছে আৰু ই আৰম্ভণিৰে পৰা ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ কাম কৰি আহিছে ৷

বিবিচিয়ে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাবমূৰ্তি বিনষ্ট কৰিছে বুলি মন্তব্য কৰে বিষ্ণু গুপ্তাই ৷ তেওঁ কয় যে অতীততো ইন্দিৰা গান্ধীয়ে বিবিচিক নিষিদ্ধ কৰিছিল, কিন্তু বিবিচিয়ে ক্ষমা বিচৰাৰ পিছত, নিষেধাজ্ঞা উঠাই লোৱা হৈছিল ৷

লগতে পঢ়ক: HC verdict on Garukhuti Eviction: গৰুখুঁটি উচ্ছেদক লৈ ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.