ETV Bharat / bharat

হিন্দী দিৱস : কি আছে ইয়াৰ অন্তৰালত ?

দেশ বিভাজনৰ পূৰ্বে আৰু পাছত ভাষাকলৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক বিতৰ্ক হৈ আহিছে । ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দী ভাষাক ভাৰতত চৰকাৰী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয় । সেয়েহে এই দিনটো হিন্দী দিৱস হিচাপে দেশজুৰি পালন কৰা হয় । ভাৰতৰ বহুতো ৰাজ্যত হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে গঢ়ি তোলাক লৈ সৰ্বাধিক প্ৰতিবাদ হৈছে । এই প্ৰতিবাদ এতিয়াও অব্যাহত আছে ।

hindi diwas
হিন্দী দিৱস
author img

By

Published : Sep 14, 2021, 3:42 PM IST

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯২৫ চনত কৰাচী অধিৱেশনত সিদ্ধান্ত লৈছিল যে 'হিন্দী' দেশৰ এক সাধাৰণ ভাষা হ'ব । হিন্দুস্তানী ভাষা হিন্দী আৰু উৰ্দুৰ এক জনপ্ৰিয় অবিভাজ্য মিশ্ৰণ হ'ব ।

চৰকাৰী ভাষা হিন্দী

১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয় । যাৰ বাবে এই দিনটো হিন্দী দিৱস (Hindi Diwas) হিচাপে পালন কৰা হয় । হিন্দী আৰু ইংৰাজী হৈছে কেন্দ্ৰীয় চৰকাৰৰ বাবে ভাৰতৰ দুটা চৰকাৰী ভাষা ।

আনহাতে, সংবিধানে ২২ টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে । ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰে হিন্দীক বহুলভাৱে ব্যৱহৃত ভাষা হিচাপে মৰ্যাদা দিয়াৰ পোষকতা কৰে যাক হিন্দী চলচ্চিত্ৰই প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ইতিহাস

ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯২৫ চনৰ কৰাচী অধিৱেশনত সিদ্ধান্ত লৈছিল যে হিন্দুস্তানৰ উমৈহতীয়া ভাষা থকাটো প্ৰয়োজন । সেয়া হৈছে হিন্দী আৰু উৰ্দুৰ এক জনপ্ৰিয় অবিভাজ্য মিশ্ৰণ । অৱশ্যে হিন্দী সাহিত্য সন্মিলনৰ প্ৰভাৱৰ বাবে কেইবছৰমান পাছত প্ৰস্তাৱটো সংশোধন কৰাৰ পৰামৰ্শ দিয়া হৈছিল ।

পৰামৰ্শটোত কোৱা হৈছিল যে হিন্দী এক ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে । প্ৰস্তাৱটোত মুছলমানকে ধৰি বহুতো কংগ্ৰেছ সদস্য হতাশ হৈছিল, যাৰ ফলত সাম্প্ৰদায়িক বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । আনহাতে, ১৯০৬ চনত মুছলিম লীগ গঠন কৰা হৈছিল ।

উৰ্দু মুছলমানসকলৰ পৰিচয়ৰ প্ৰতীক হৈ পৰিছিল । ১৯৪৬ চনত ভাৰত বিভাজনৰ সময়ত উৰ্দু পাকিস্তানৰ সৈতে সংযুক্ত কৰা হৈছিল । যাৰ বাবে নতুন স্বাধীন ভাৰতৰ বাবে ৰাষ্ট্ৰীয় ভাষাৰ নিবিদা তালিকাৰ পৰা উৰ্দু ভাষাক আঁতৰোৱা হৈছিল ।

হিন্দী ভাষাৰ সমৰ্থনত থকা হিন্দুস্তানী গোটত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী যেতিয়া যোগদান কৰিছিল দুয়োটা ভাষাৰ যিকোনো এটাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবে যুক্তি দিয়া হৈছিল । হিন্দী বিৰোধী গোটে ইয়াৰ বিৰোধিতা কৰিছিল আৰু ইংৰাজীক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাত সমৰ্থন জনাইছিল । ১৯৪৯ চনত ভাৰতৰ সংবিধান সমিতিয়ে সমস্যাটো সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে, যাক মুন্সি-আয়েংগাৰ সূত্ৰ বুলি কোৱা হয় ।

ভাষাটোৰ নাম হিন্দীত (দেৱনাগৰী লিপি) আছিল, কিন্তু হিন্দুস্তানীৰ সমৰ্থকসকলক এক নিৰ্দেশনাৰ দ্বাৰা সান্ত্বনা দিয়া হৈছিল যিয়ে সংস্কৃতক হিন্দী শব্দ ভাণ্ডাৰৰ মূল আধাৰ হিচাপে নিৰ্দেশনা দিছিল । ই স্পষ্টভাৱে আন ভাষাৰ কথা বৰ্জন কৰা নাছিল । ইয়াত 'ৰাষ্ট্ৰীয় ভাষা'ৰ কথা উল্লেখ নকৰি ভাৰতীয় সংঘৰ দুটা চৰকাৰী ভাষা হিচাপে বৰ্ণনা কৰা হৈছিল । সংবিধান কাৰ্যকৰী হোৱাৰ ১৫ বছৰ পাছত অৰ্থাৎ ১৯৬৫ চনৰ ২৬ জানুৱাৰীত ইংৰাজী ভাষাক চৰকাৰীভাৱে ব্যৱহাৰ কৰাৰ ম্যাদ উকলি গৈছিল ।

প্ৰাৰম্ভিক সংঘৰ্ষ

বালকৃষ্ণ শৰ্মা আৰু পুৰুষোত্তম দাস টণ্ডনৰ দৰে ৰাজনীতিবিদসকলৰ হিন্দী পন্থী লবীয়ে ইংৰাজী ভাষাক গ্ৰহণৰ বিৰোধিতা কৰিছিল । তেওঁলোকৰ মতে ইংৰাজী চৰকাৰী ভাষা হিচাপে সাম্ৰাজ্যবাদৰ অৱশিষ্টৰ দৰে । সেয়ে তেওঁলোকে হিন্দীক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিবাদো সাব্যস্ত কৰিছিল ।

তেওঁলোকে হিন্দী ভাষা ব্যৱহাৰৰ সংশোধনৰ বাবে কেইবাটাও প্ৰয়াস কৰিছিল । কিন্তু ই কাৰ্যকৰী হোৱাত ব্যৰ্থ হৈছিল । কাৰণ আধাতকৈও অধিক ভাৰতীয়ই হিন্দী ভাষাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । বিশেষকৈ দেশৰ দক্ষিণ আৰু পূবৰ ৰাজ্যসমূহত হিন্দী ভাষাক আদৰিবলৈ অস্বীকাৰ কৰিছিল সেই ৰাজ্যসমূহৰ ৰাইজে । ১৯৬৫ চনত তামিলনাডুত হিন্দী কাৰ্যকৰীভাৱে বাধ্যতামূলক কৰাৰ পাছত হিংসাত্মক প্ৰতিবাদ আৰম্ভ হৈছিল ।

ফলস্বৰূপে, ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ ১৫ বছৰ পাছত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এক প্ৰস্তাৱত সন্মতি দিয়ে আৰু কয় যে, সকলো ৰাজ্যই সন্মত নোহোৱালৈকে চৰকাৰী ভাষা হিচাপে ইংৰাজীৰ স্থিতি সলনি নহ'ব । অৱশেষত, ১৯৬৭ চনৰ চৰকাৰী ভাষা আইনৰ জৰিয়তে, চৰকাৰে দ্বিভাষিকতাৰ নীতি গ্ৰহণ কৰে । ইয়াৰ দ্বাৰা ভাৰতত অনিৰ্দিষ্ট কালৰ বাবে ইংৰাজী আৰু হিন্দীক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ নিশ্চয়তা প্ৰদান কৰা হয় ।

১৯৭১ চনৰ পাছত ভাৰতৰ ভাষা নীতিয়ে আঞ্চলিক ভাষাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত আঞ্চলিক ভাষাসমূহক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ উদ্দেশ্য আছিল ভাষাসমূহক ৰাজ্যভাষা আয়োগৰ সন্মুখত প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ দিয়া । বহুভাষিক জনসাধাৰণৰ ভাষিক অসন্তুষ্টি প্ৰতিহত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল । স্বাধীনতাৰ সময়ত, তালিকাখনত ১৪ টা ভাষা আছিল আৰু ২০০৭ চনত এই সংখ্যা ২২ লৈ বৃদ্ধি হয় ।

এন ডি এ চৰকাৰৰ (NDA) অধীনত হিন্দী ভাষা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA) চৰকাৰে তিনি বছৰীয়া কাৰ্যকালত হিন্দী ভাষাৰ প্ৰচাৰৰ চেষ্টা চলাইছিল । অৱশ্যে, চৰকাৰ সমালোচকসকলৰ লক্ষ্য হৈ পৰিছিল । সমালোচকসকলৰ মতে সংখ্যাগৰিষ্ঠ হোৱাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা হৈছে অ-হিন্দী ভাষী লোকসকলৰ ওপৰত ভাষা জাপি দিয়া ।

২০১৪ চনত চৰকাৰে বিষয়াসকলক সামাজিক মাধ্যমৰ একাউণ্ট (Social Media Account) আৰু চৰকাৰী পত্ৰত হিন্দী ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল । প্ৰধানমন্ত্ৰী মোডীয়ে নিজেও সৰল ইংৰাজী ক'বলৈ সক্ষম হোৱা স্বত্বেও কূটনৈতিক কাৰ্যকলাপত হিন্দী ব্যৱহাৰ কৰিছিল । তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে আন্তৰ্জাতিক পৰ্যায়ৰ মঞ্চত হিন্দীতে ভাষণ প্ৰদান কৰে । যোৱা বছৰৰ আৰম্ভণিতে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিল যে সকলো গণ্যমান্য ব্যক্তি আৰু মন্ত্ৰীয়ে হিন্দীতে ভাষণ উচিত ।

বেছিভাগ জাতীয়তাবাদী দেশত ক'বলৈ ব্যৱহাৰ কৰা ভাষাই একত্ৰিত হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু চৰকাৰীভাৱে ভাষা জাপি দিয়াটোৱে সদায় সমস্যা আৰু ব্যৱধানৰ সৃষ্টি কৰে । বাংলাদেশ ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ । ইতিহাসতো বহুতো উদাহৰণ আছে য'ত অন্ধবিশ্বাস আৰু মানুহক বিভাজন কৰিবলৈ একে ভাষাৰ ব্যৱহাৰৰ আশ্ৰয় লোৱা হৈছিল । বিজেপি আৰু ইয়াৰ উত্তৰসূৰী জনসংঘই দীৰ্ঘদিন ধৰি ভাৰতৰ সংহতিৰ বাবে হিন্দী ব্যৱহাৰৰ পোষকতা কৰি আহিছে । এই ক্ষেত্ৰত মেৰুকৰণে উত্তৰ ভাৰতত দলটোৰ হিন্দী ভাষী গণ আধাৰ শক্তিশালী কৰাত সহায় কৰিব ।

অৱশ্যে, যোৱা বছৰ বেংগালুৰু চহৰত হিন্দী সূচক স্থাপন আৰু তামিলনাডুৰ ঘাইপথত লগোৱা ফলকত হিন্দী ভাষাৰ ব্যৱহাৰক লৈ প্ৰতিবাদ হৈছিল । এনে পৰিস্থিতিত, মানুহৰ অসন্তুষ্টি আৰু হিন্দী বিৰোধী ৰাজনীতিয়ে ভাষাৰ বিষয়ে লোৱা যিকোনো গোপন সিদ্ধান্তৰ বিৰুদ্ধে মূৰ দাঙি উঠিব পাৰে ।

লগতে পঢ়ক :দিল্লী উচ্চ ন্যায়ালয়ত মেহবুবা মুফতীৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.