ETV Bharat / bharat

Himachal Ragging Case: টাণ্ডা চিকিৎসা মহাবিদ্যালয়ত ৰেগিঙৰ অভিযোগত ১২ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:56 PM IST

হিমাচল প্ৰদেশৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিঙৰ দৰে ঘটনা । এইবাৰ কাংগৰা জিলাৰ টাণ্ডা চিকিৎসা মহাবিদ্যালয়ত ৰেগিং কৰা অভিযোগত ১২ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক ৩ মাহৰ বাবে মহাবিদ্যালয়ৰ পৰা নিলম্বন কৰা হৈছে

Himachal Ragging Case
হিমাচল প্ৰদেশৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিঙৰ দৰে ঘটনা

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : হিমাচল প্ৰদেশৰ প্ৰায় শিক্ষানুষ্ঠানত সংঘটিত হৈছে ৰেগিঙৰ দৰে ঘটনা । প্ৰথমে IIT Mandi ত আৰু তাৰ পিচত Shri Lal Bahadur Shastri Government Hospital Nerchowk ত ৰেগিং সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

শেহতীয়াকৈ হিমাচলৰ দ্বিতীয় বৃহত্তম চিকিৎসালয় টাণ্ডাৰ ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ চিকিৎসা মহাবিদ্যালয়ত ৰেগিং সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ তাৰ পাচতে মহাবিদ্যালয় প্ৰশাসনে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । এই তদন্তৰ অন্তত মহাবিদ্যালয় প্ৰশাসনে ১২ গৰাকী অভিযুক্ত জ্যেষ্ঠ ছাত্ৰক নিলম্বন কৰে ।

১২ গৰাকী জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীক নিলম্বিত :

তথ্য অনুসৰি এই ১২ জন অভিযুক্তক ৩ মাহৰ বাবে কলেজৰ পৰা আৰু ৬ মাহৰ বাবে হোষ্টেলৰ পৰা নিলম্বিত কৰা হৈছে । ইয়াৰ উপৰিও এই অভিযুক্তসকলক ৫০ হাজাৰ টকাকৈ জৰিমনা বিহাও হৈছে । টাণ্ডা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভানু অৱস্থীয়ে কয় যে তেওঁৰ ফ্লাইং স্কোয়াডে হোষ্টেলত বসবাস কৰা শিক্ষাৰ্থীৰ ৰুটিন চেকিং কৰা সময়তে এই ১২ জন অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ উত্থাপন হয় ।

ৰুটিন পৰীক্ষাৰ সময়ত প্ৰকাশ পোৱা গোচৰ :

ডাঃ ভানু অৱস্থীয়ে জনোৱা মতে, ফ্লাইং স্কোয়াডে হোষ্টেল পৰীক্ষা কৰাৰ সময়ত কনিষ্ঠ ছাত্ৰ-ছাত্ৰীৰ সৈতে জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ কেইবাখনো বহী পোৱা গৈছিল । এই বিষয়টো ফ্লাইং স্কোয়াডে গুৰুত্বসহকাৰে লৈ তদন্ত চলাইছিল । তদন্তৰ প্ৰতিবেদন এণ্টি ৰেগিং কমিটীলৈ প্ৰেৰণ কৰাও হৈছিল ৷

সোমবাৰে যেতিয়া প্ৰথম প্ৰতিবেদন আহিছিল, তেতিয়া ৬ জন জ্যেষ্ঠ শিক্ষাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । লগতে মাক-দেউতাককো কলেজলৈ মাতি অনা হৈছিল । বুধবাৰে দ্বিতীয়টো প্ৰতিবেদন অহাৰ পিচত আৰু ৬ গৰাকী শিক্ষাৰ্থীক দোষী সাব্যস্ত কৰা হয় । ইয়াৰ পিচতে কলেজ পৰিচালনা সমিতিয়ে ১২ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক নিলম্বিত কৰে ।

পোহৰলৈ আহিছে ৰেগিঙৰ গোচৰ :

কিছুদিনৰ আগতে নেৰ’ চ’ক মেডিকেল কলেজতো ৰেগিঙৰ এটা গোচৰ পোহৰলৈ আহিছিল । এই সন্দৰ্ভত কঠোৰ সচেতন হৈ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে ৪ অভিযুক্ত ছাত্ৰ আৰু ২ গৰাকী ছাত্ৰীক নিলম্বন কৰিছিল । ইয়াৰ পূৰ্বে আই আই টি মণ্ডিত কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ এটা গোচৰো পোহৰলৈ আহিছিল । য’ত ৭২ জন জ্যেষ্ঠ শিক্ষাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । ইয়াৰ উপৰিও ১০ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থীক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছিল । আনহাতে, আন কেবাজনো জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীক জৰিমনা বিহা হৈছিল ।

পূৰ্বেও টাণ্ডাত ৰেগিঙৰ এটা গোচৰ পোহৰলৈ আহিছিল :

তথ্য অনুসৰি ইতিমধ্যে টাণ্ডা মেডিকেল কলেজত ৰেগিঙৰ এটা গোচৰ পোহৰলৈ আহিছে । ২০০৯ চনত ৰেগিঙৰ বাবেই এজন প্ৰশিক্ষাৰ্থী চিকিৎসকে আত্মহত্যা কৰিছিল । এতিয়া আকৌ এবাৰ টাণ্ডা মেডিকেল কলেজত ৰেগিঙৰ গোচৰ পোহৰলৈ আহিছে । এই সন্দৰ্ভত মহাবিদ্যালয় প্ৰশাসন কিছু সজাগ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Hilsa in Durga Puja market: দুৰ্গা পূজাৰ বতৰত ভাৰতলৈ ৰপ্তানি হ’ব প্ৰায় ৪ হাজাৰ মেট্ৰিক টন বাংলাদেশৰ ইলিছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.