ETV Bharat / bharat

Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা হিমাচলৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 26, 2023, 8:37 AM IST

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ ৷ তেওঁ কয়, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পদক্ষেপ চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ উদাহৰণ, এইয়া গণতন্ত্ৰৰ কণ্ঠত আক্ৰমণ কৰা হৈছে (Rahul Gandhi disqualification) ৷

HP CM on Rahul Gandhi disqualification
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ: সুখবিন্দৰ সিং সুখু

নিউজ ডেস্ক, 26 মাৰ্চ: অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ এদিন পিচতে শনিবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, কেৰালাৰ ৱায়নাদ সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ এই পদক্ষেপ চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ উদাহৰণ (Rahul Gandhi disqualification) ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, "এয়া চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ উদাহৰণ ৷ কেৱল ৰাহুল গান্ধীক আক্ৰমণ কৰা হোৱা নাই, এইয়া গণতন্ত্ৰৰ কণ্ঠত আক্ৰমণ কৰা হৈছে" ৷ তেওঁ আৰু কয় যে ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ কাৰণ; ৰাহুল গান্ধীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পৰা ৰাষ্ট্ৰীয় নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে (HP CM on Rahul Gandhi disqualification) ৷

"আদালতৰ ৰায়দানৰ পিচত, 24 ঘণ্টাৰ ভিতৰতে ৰাহুল গান্ধীৰ সাংসদপদ খাৰিজ কৰা কাৰ্যই ইয়াকে প্ৰমাণ কৰে যে বিজেপিয়ে তেওঁৰ বৰ্ধিত জনপ্ৰিয়তাৰ বাবে যথেষ্ট শংকিত হৈ পৰিছে ৷ কিয়নো কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তেওঁৰ পদ যাত্ৰাৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনাইছিল জনতাই ৷ ৰাহুল গান্ধীয়ে ভাৰতৰ জনসাধাৰণৰ হৃদয়ত স্থান দখল কৰিছে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দিতা দিব পৰা ৰাষ্ট্ৰীয় নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে ৰাহুলে ৷ সেই কথা উপলব্ধি নকৰাকৈয়ে বিজেপিয়ে ৰাহুল গান্ধীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা পৰীক্ষা কৰিবলৈ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল ।" মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় (Bharat Jodo Yatra)৷

বৃহস্পতিবাৰে চূৰাটৰ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘মোডী উপাধি’ৰ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৷ 2019 চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত তেওঁ মন্তব্য কৰিছিল যে "কেনেকৈ সকলো চোৰে মোডীক উমৈহতীয়া উপাধি হিচাপে লৈছে"। আদালতে ৰাহুল গান্ধীৰ জামিনত অনুমোদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাকৈ 30 দিনৰ বাবে তেওঁ শাস্তি স্থগিত ৰাখে ৷ উল্লেখযোগ্য যে, আদালতৰ ৰায়দানৰ পাচতেই কেৰালাৰ ৱায়নাদ সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছিল (Rahul Gandhi Modi surname issue)৷

শুকুৰবাৰে কংগ্ৰেছ দলে ৰাহুল গান্ধীক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক “গণতন্ত্ৰৰ ডিঙি চেপি ধৰা” বুলি অভিহিত কৰাৰ লগতে আস্থা প্ৰকাশ কৰে আৰু উচ্চ আদালতৰ দ্বাৰা স্থগিতাদেশৰ জৰিয়তে সাংসদপদ খাৰিজৰ ঘোষণা বাতিল কৰা হ'ব বুলি আস্থা প্ৰকাশ কৰে (Plea in SC challenging automatic disqualification) ৷

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শনিবাৰে ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত মন্তব্য কৰে যে, এই পদক্ষেপ সংসদত আদানি বিষয়ত প্ৰশ্নৰ ৰক্ষা পৰিবৰ বাবে শাসকীয় দলৰ এক কৌশল ৷

"বিজেপিয়ে আদানি বিষয়ক প্ৰশ্নটো এৰাই চলিব বিচাৰে ৷ বিৰোধীপক্ষক বাদ দি প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ সংসদ নীৰৱ হৈ আছে । তেওঁলোকে (বিজেপি) ৰাহুলৰ ওপৰত সকলো ধৰণৰ অভিযোগ উত্থাপন কৰিছে ৷ কিন্ত গৌতম আদানিৰ মালিকানাধীন শ্বেল কোম্পানীবোৰত কাৰ ধন বিনিয়োগ কৰা হৈছিল আৰু ইয়াৰ তদন্ত কিয় কৰা হোৱা নাই সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নীৰৱ হৈ আছে," প্ৰিয়ংকা গান্ধীয়ে টুইটত এইদৰে কয় ।

উল্লেখযোগ্য যে, ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ প্ৰতিবাদত জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে দেওবাৰে ৰাজ ঘাটত সংকল্প সত্যাগ্ৰহত অংশগ্ৰহণ কৰিব (congress protest against Rahul Gandhi disqualification) ৷

লগতে পঢ়ক:Rahul Gandhis Disqualification : স্বয়ংক্ৰিয় অযোগ্যতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.