ETV Bharat / bharat

হিমাচল প্ৰদেশত ১০ দিনৰ বাবে লক ডাউন জাৰি

author img

By

Published : May 6, 2021, 7:36 PM IST

বৰ্ধিত কৰ'ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত লক ডাউন জাৰি কৰিছে হিমাচল প্ৰদেশ চৰকাৰে । ১০ দিনৰ বাবে লক ডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত । ৭ মে'ৰ পৰা এই লক ডাউন কাৰ্যকৰী হ'ব ।

Himachal Government announced curfew
হিমাচল প্ৰদেশত ১০ দিনৰ বাবে লকডাউন জাৰি

নেশ্যনেল ডেস্ক,৬ মে': দেশৰ বিভিন্ন ৰাজ্যৰ লগতে হিমাচল প্ৰদেশতো বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বুধবাৰে ৰাজ্যজুৰি লক ডাউন জাৰি কৰে হিমাচল প্ৰদেশ চৰকাৰে । ৭ মে'ৰ পুৱা ৬ বজাৰ পৰা ১৭ মে'ৰ পুৱা ৬ বজালৈ লক ডাউন বাহাল থাকিব ।

এই সময়চোৱাত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলো কাৰ্যালয় বন্ধ থাকিব । হিমাচল চৰকাৰে জনোৱা মতে, এই লক ডাউনৰ মুখ্য উদ্দেশ্য হৈছে ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা । চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকৰ প্ৰৱেশ সীমিত কৰা হ'ব ।

লগতে আৰটি-পি চি আৰ পৰীক্ষাৰ নিগেটিভ ফলাফলৰ প্ৰমাণপত্ৰ নথকা লোকক ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । ইয়াৰ উপৰিও ৰাজ্যখনত দশম শ্ৰেণীৰ পৰীক্ষাও বাতিল কৰা হৈছে আৰু সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ হিচাপে ধৰা হ'ব । বৰ্তমান দেশত মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে ।

দেশজুৰি প্ৰায় ৩,৮২,৩১৫ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । বুধবাৰে হিমাচল প্ৰদেশত ৩,৮৪২ টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে আৰু ৩২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰে ৰাজ্যিক স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত জব্দ প্ৰায় ৭ কিল’গ্ৰাম ওজনৰ ইউৰেনিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.