ETV Bharat / bharat

Hi-Tech Bus Stop: মহিলাক হাৰাশাস্তি কৰিলে বাজিব ছাইৰেন !

বাছ আস্থানত যুৱতী তথা মহিলাক জোকোৱা অভ্যাস আছে নেকি ! যদি আছে তেন্তে শীঘ্ৰেই পৰিহাৰ কৰক এই অভ্যাস ৷ কাৰণ বাছ আস্থানত যুৱতী তথা মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহীও হ’বলগীয়া হ’ব পাৰে আপুনি(Hi-tech bus station) ৷

author img

By

Published : Jan 6, 2023, 6:44 PM IST

Updated : Jan 6, 2023, 7:53 PM IST

Hi-Tech Bus Stop in Karnataka
মহিলাক হাৰাশাস্তি কৰিলে বাজিব ছাইৰেন
হাই-টেক বাছ ষ্টেচন

নিউজ ডেস্ক, 6 জানুৱাৰী : সাধাৰণতে বাছ ষ্টপ বুলি ক’লে আমি বাছ ৰখোৱা স্থানকে বুজো । কোনো কোনো বাছ ষ্টপত যাত্ৰী বহাৰ বা ৰোৱাৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হয় যদিও বিশেষ কোনো আন্তঃগাঁথনি দেখিবলৈ পোৱা নাযায় । এনে সময়তে এটা বাছ আস্থানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কাৰণ অত্যাধুনিক সুবিধাৰে তৈয়াৰ কৰা হৈছে এই হাই-টেক বাছ ষ্টেচনটো(Hi-Tech Bus Stop in Karnataka) ৷ সুসজ্জিত বাছ আস্থানটোত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হৈছে ৷

কৰ্ণাটকৰ দক্ষিণ কানাড় জিলাৰ চুৰাটকালত নিৰ্মাণ কৰা হৈছে এই হাই-টেক গোবিন্দা দাস বাছ ষ্টেণ্ডটো ৷ মাংগালুৰু-উদুপী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই বাছ ষ্টেচনটো । ই ৰাজ্যখনৰ প্ৰথমটো সুসজ্জিত হাই-টেক বাছ ষ্টেণ্ড । স্মাৰ্ট আৰু ডিজিটেল চুৰাটকাল আঁচনিৰ অধীনত এই বাছ ষ্টেচনটো ডিজাইন কৰা হৈছে । মাংগালুৰু নগৰ উন্নয়ন প্ৰাধিকৰণে (এমইউডিএ) নিৰ্মাণ কৰা হাই-টেক বাছ ষ্টেণ্ডৰ এলেকা প্ৰায় 200 বৰ্গফুট ।

বাছ ষ্টেচনটো নিৰ্মাণৰ বাবে প্ৰায় ৩০ লাখ টকা খৰচ কৰা হৈছে । পৰিষ্কাৰ খোৱাপানী, 5 চিচি কেমেৰা, বিনামূলীয়া ৱাই-ফাই ব্যৱস্থা, এছ অ’ এছ বুটাম, ফেন, চিটি বাছৰ সময় আৰু তথ্য প্ৰদৰ্শন, অগ্নি নিৰ্বাপক ব্যৱস্থা, এল ই ডি লাইট, ছেলফি পইণ্ট, ম'বাইল আৰু লেপটপ চাৰ্জিং পইণ্টৰো ব্যৱস্থা ইয়াত আছে ।

Hi-Tech Bus Stop
মহিলাক হাৰাশাস্তি কৰিলে বাজিব ছাইৰেন

বাছ ষ্টেচনটো মহিলাৰ সুৰক্ষাৰ প্ৰতিও বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে(Women Safety in Public transport) ৷ মহিলাক নিৰ্যাতন তথা হাৰাশাস্তি কৰিলে SOS বুটামত ক্লিক কৰিলে লগে লগে বাজিব ছাইৰেন ৷ ইয়াৰ ওপৰি ষ্টেচনৰ ভিতৰৰ সমগ্ৰ দৃশ্যাংশ পোনপটীয়াকৈ আৰক্ষীলৈ প্ৰেৰণ হ'ব । চুৰাটকাল আৰক্ষী থানা, ষ্টেচন ইন্সপেক্টৰ, আৰক্ষী আয়ুক্ত, আইন-শৃংখলা বিভাগৰ ডিচিপি, 112 নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ হ'ব বাৰ্তা । তদুপৰি সমগ্ৰ দৃশ্যাংশ ৰেকৰ্ড হ’ব চিচি টিভিত ।

এই হাই টেক বাছ ষ্টপটো মাংগালুৰু উত্তৰৰ বিধায়ক ড৹ ৱাই ভাৰত চেট্টীৰ উদ্যোগতে স্থাপন কৰা হৈছে ৷ তেওঁ বাংগালুৰুলৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু নিশাৰ যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্চ-প্ৰযুক্তিৰ বাছ আস্থানটো নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আস্থানটোত বিনামূলীয়া ৱাই-ফাইৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ সদৰী কৰে ৷

একেদৰে মহিলা তথা শিশুৰ সুৰক্ষাৰ বাবে ষ্টেচনটোত SOS বুটাম দিয়াৰ কথা তেওঁ ব্যক্ত কৰে ৷ এই SOS বুটামটো টিপিলে বিপদত পৰা মহিলাৰ উদ্ধাৰৰ বাবে সময়মতে আৰক্ষী উপস্থিত হ’ব পাৰিব ৷ আৰক্ষীৰ লোক উপস্থিত হৈহে চাবিৰ জড়িয়তে এই চাইৰেন বন্ধ কৰিব পাৰিব ।

লগতে পঢ়ক: Doubtful citizens notice to retired army : প্ৰাক্তন সেনা জোৱানলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী

Last Updated : Jan 6, 2023, 7:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.