নিউজ ডেস্ক,27 জুনঃ হেৰা পঞ্চমী ভাৰতৰ ওড়িশা ৰাজ্যৰ অন্তৰ্গত ৷ পুৰী চহৰৰ জগন্নাথ মন্দিৰৰ এটি বিখ্যাত উৎসৱ হ'ল হেৰা পঞ্চমী ৷ এই উৎসৱটি ৰথ যাত্ৰা উৎসৱৰ এটি প্ৰধান অংগ ৷ এই উৎসৱটি দেৱী লক্ষ্মীৰ উৎসৱ ৰূপে পৰিচিত ৷
হিন্দু বিশ্বাস মতে, ৰথযাত্ৰা উপলক্ষ্যে ভাতৃ বলৰাম আৰু ভগ্নী সুভদ্ৰাক লৈ গুণ্ডিচা মন্দিৰলৈ ৰথেৰে গৈছিল প্ৰভু জগন্নাথ ৷ জগন্নাথৰ পত্নী মহালক্ষ্মী মন্দিৰতেই আছিল ৷ এই কথাত জগন্নাথৰ ওপৰত পত্নী লক্ষ্মীৰ খং উঠি তেওঁ ৰথ যাত্ৰাৰ পঞ্চম দিনা পাল্কীৰে গুণ্ডিচা মন্দিৰলৈ যাত্ৰা কৰে ৷
ভগৱান দৰ্শনৰ বাবে যাওঁতে দেৱী লক্ষ্মীয়ে নিজকে সুন্দৰকৈ সজাই তুলিছিল ৷ মন্দিৰত আৰতি কৰে দেৱী লক্ষ্মীয়ে ৷ এই আৰতিৰ তৎকালীন প্ৰভাৱ পৰিল ভগৱান জগন্নাথৰ ওপৰত ৷ তেওঁ দেৱী লক্ষ্মীক এগৰাকী সেৱকৰ জৰিয়তে আজ্ঞা মালা প্ৰদান কৰে ৷ লগতে তেওঁ এই আশ্বাস দিয়ে যে, প্ৰভু জগন্নাথ উভতিব তিনিদিনৰ ভিতৰত ৷ সন্ধ্যাৰ সময়চোৱাত জগন্নাথে দেৱীক লগ দিব পৰা নাছিল আৰু এই কথাতে ক্রোধান্বিত হৈ লক্ষ্মী দেৱীয়ে ভগৱান জগন্নাথৰ ৰথৰ পৰা এডাল কাঠৰ টুকুৰা ভাঙি পেলাইছিল ৷
দেৱী লক্ষ্মীৰ এই ক্ৰোধিত ৰূপ দেখি তেওঁৰ আৱেদন ৰক্ষা কৰি পিছদিনাই উভতনি যাত্ৰা কৰে প্ৰভু জগন্নাথে ৷
লগতে চাওকঃ পুৰীৰ সমুদ্ৰ তীৰত ভগৱান জগন্নাথ, বলভদ্ৰা আৰু সুভদ্ৰাৰ মূৰ্তি