ETV Bharat / bharat

Helpline numbers issued : বিহাৰৰ ৰে'ল দুৰ্ঘটনাৰ পাছতে কেইবাটাও ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি - Bihar rail accident

বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লৰ দুৰ্ঘটনা । লাইনচ্যুত কেইবাটাও ডবা । ফলত বহু ৰে'ল বাতিল আৰু ষ্টেচন ষ্টেচনে আৱদ্ধ বহু ৰে'ল । বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও ষ্টেচনত হেল্পলাইন নম্বৰ মুকলি ।

Helpline numbers issued
বিহাৰৰ ৰে'ল দুৰ্ঘটনাৰ পাছতে কেইবাটাও ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:08 PM IST

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : আনন্দ বিহাৰৰ পৰা কামাখ্যা অভিমুখে আহি থকা ১২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ বুধবাৰে নিশা প্ৰায় ৯:৩৫ মান বজাত বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ৰে'ল ষ্টেচনৰ সমীপৰত দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত ৰে'লখনৰ কেইবাটাও ডবা লাইনচ্যুত হয়, আনহাতে ৩ টা ডবা সম্পূৰ্ণৰূপে উলটি যায় । দুৰ্ঘটনাটোত ৪ গৰাকী যাত্ৰী নিহত হয় আৰু ১০০ ৰো অধিক আহত হয় । যাৰ বাবে উত্তৰ ৰে'লৱেই কামাখ্যালৈ গৈ থকা এই ৰে'লখনৰ ষ্টেচনবোৰৰ বাবে হেল্পলাইন নম্বৰ জাৰী কৰিছে । যাতে লোকসকলে ৰে'লখনত ভ্ৰমণ কৰা তেওঁলোকৰ পৰিয়ালৰ বা আত্মীয়ৰ সদস্যৰ বিষয়ে তথ্য লাভ কৰিব পাৰে ।

দুৰ্ঘটনাটোৰ পাছত ৰে'লৱে চিকিৎসা দলে বিষয়াসকলৰ সৈতে নিশাই দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছিল । ঘটনাটোৰ ফলত ৰে'ল চলাচল বন্ধ হৈ পৰাত পথটোৰ সকলো ষ্টেচনত কেটাৰিং ষ্টল চলাবলৈ নিৰ্দেশনা দিয়া হৈছে যাতে ৰে'লৰ যাত্ৰা পলম হ'লেও যাত্ৰীসকলে খাদ্যৰ সমস্যাত নপৰে ।

ইফালে দুৰ্ঘটনাটোৰ পাছতে বিহাৰৰ ৰঘুনাথপুৰ ৰে'ল ষ্টেচনৰ পৰা যোৱা ৰে'লসমূহৰ চলাচল স্থগিত ৰখা হৈছে । যাৰ বাবে নতুন দিল্লী আৰু আনন্দ বিহাৰৰ পৰা যোৱা ৰে'লবোৰ সময়মতে গন্তব্যস্থানত উপনীত হ'ব নোৱাৰিব । ৰে'লৱে বিষয়াসকলে জনোৱা মতে বিক্ৰমশিলা ভাগলপুৰ গৰীৱ ৰথ, সীমাঞ্চল এক্সপ্ৰেছ, বাবা বৈদ্যনাথ ধাম দেওগড় চুপাৰফাষ্ট এক্সপ্ৰেছ, আগৰতলা তেজছ ৰাজধানী এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে । এই ৰে'লসমূহ দীনদয়াল উপাধ্যায় জংচন, চাচাৰাম জংচন আৰু আৰা ৰে'ল ষ্টেচনৰ পৰা গন্তব্যস্থানলৈ যাত্ৰা কৰিব ।

ৰে'লৱেৰ বিষয়াসকলৰ মতে বিহাৰত সংঘটিত দুৰ্ঘটনাৰ ফলত তাত ৰে'লসমূহৰ চলাচলত অধিক সমস্যাৰ সৃষ্টি হৈছে । বহুতো ৰে'ল বাতিল কৰা হৈছে আৰু বহুতো ৰে'লৰ পথ সলনি কৰা হৈছে । দিল্লীলৈ যোৱা ৰে'লসমূহ ডাইভাৰ্চনৰ কাৰণে পলমকৈ উপস্থিত হ'ব ।

হেল্পলাইন নম্বৰ :

দিল্লী সংমণ্ডলৰ সামূহিক হেল্পলাইন নম্বৰ : ৯৭১৭৬৩৩৭৭৯

নতুন দিল্লী ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০১১২৩৩৪১০৭৪ / ৯৭১৭৬৩১৯৬০

আনন্দ বিহাৰ ৰেল ষ্টেচন হেল্পলাইন নম্বৰ : ৯৭১৭৬৩২৭৯১

প্ৰয়াগৰাজ ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০৫৩২-২৪০৮১২৮ /০৫৩২-২৪০৭৩৫৩/ ০৫৩২-২৪০৮১৪৯

ফটেহপুৰ ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০৫১৮০-২২২০২৬ /০৫১৮০-২২২০২৫/ ০৫১৮০-২২২৪৩৬

কানপুৰ ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০৫১২-২৩২৩০১৬ /০৫১২-২৩২৩০১৮/০৫১২-২৩২৩০১৫

ইটাৱা ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ৭৫২৫০০১২৪৯

টুণ্ডলা ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০৫৬১২-২২০৩৩৮ /০৫৬১২-২২০৩৩৯ /০৫৬১২-২২০৩৩৭

আলিগড় ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ০৫৭১-২৪০৯৩৪৮

পাটনা জংচন : ৯৭৭১৪৪৯৯৭১

দানাপুৰ ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ৮৯০৫৬৯৭৪৯৩

আৰা ৰে'ল ষ্টেচন হেল্পলাইন নম্বৰ : ৮৩০৬১৮২৫৪২

চান্দৱাল - ৭৭৫৯০৭০০০৪

লগতে পঢ়ক :Express Train Derailed in Buxar : বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ , ৫ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.