নেচনেল ডেস্ক, 12 মে’: বৃহস্পতিবাৰে ৰায়পুৰ বিমানবন্দৰত এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ইতিমধ্যে দুজন পাইলট নিহত হোৱাৰ কথা জানিব পৰা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, অৱতৰণৰ সময়তে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছিল। ৰায়পুৰ বিমানবন্দৰৰ সঞ্চালক ৰাকেশ চাহাইয়ে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা নিশ্চিত কৰে।
হেলিকপ্টাৰখনত থকা দুয়োজন পাইলট নিহত হৈছে। এই ঘটনাৰ পিছত, স্বামী বিবেকানন্দ বিমানবন্দৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন আছিল ৰাজ্য চৰকাৰৰ। দুৰ্ঘটনাটোৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ।
লগতে পঢ়ক: 4 হাজাৰতকৈও অধিক দাঁতৰ নমুনা উপলব্ধ হোৱা এখন বিশেষ সংগ্ৰহালয়