ETV Bharat / bharat

Himachal Pradesh rains : হিমাচলত বানত উটিল দলং; অৰ্ধশতাধিক আবদ্ধ লোকক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:26 PM IST

হোৱা ডাৱৰ বিস্ফোৰণত ৰাস্তা আৰু ঘাইপথত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত প্ৰায় ৫০ জন লোক আবদ্ধ হৈ পৰিছিল । তেওঁলোকক এনডিআৰএফে উদ্ধাৰ কৰা বুলি শুকুৰবাৰে বিষয়াসকলে কয় ।

Himachal Pradesh rains
Himachal Pradesh rains

নিউজ ডেস্ক, ২৫ আগষ্ট : হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ৫০ জনৰো অধিক লোক আবদ্ধ হৈ পৰে । এনডিআৰএফে উদ্ধাৰ অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰে । শুকুৰবাৰে প্ৰশাসনৰ সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে বৃহস্পতিবাৰে শ্বেহনু গৌনি গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । ইয়াৰ লগতে হোৱা ভূমিস্খলনৰ ফলত বহু ঠাইত পথ অৱৰুদ্ধ হৈ পৰে ।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) এটা দলে ১৫ টা শিশুকে ধৰি আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ ১৫ কিলোমিটাৰ পথ খোজকাঢ়ি যাবলগা হয় বুলি বিষয়াসকলে কয় । আনহাতে, বৰষুণৰ বাবে সংঘটিত আন এটা ঘটনাত, ধাৰাসাৰ বৰষুণৰ বাবে বালাদ নদীৰ পানীৰ প্ৰবল সোঁতে শুকুৰবাৰে ঔদ্যোগিক অঞ্চল বাড্ডি আৰু পিঞ্জাউৰ সংযোগী বাড্ডিৰ মৰাণৱালা দলংখন খহি পৰে ।

এই ঘটনাত অৱশ্যে কোনো লোকৰ প্ৰাণহানিৰ খবৰ পোৱা নাই বুলি প্ৰশাসনে জনাইছে । "মৰাণৱালা দলংখন খহি পৰে আৰু কালকা-কালুঝাণ্ডা-বাৰোটিৱালা পথৰ মাজেৰে যান-বাহনৰ পথ সলনি কৰা হৈছে ।" বাড্ডিৰ আৰক্ষী অধীক্ষক মোহিত চাৱালাই কয় । "আমি মোহালিৰ এছপি, ৰূপনগৰৰ (পঞ্জাব) এছপি আৰু পঞ্চকুলাৰ ডিচিপিলৈ চিচৱান আৰু মৰাণৱালা হৈ চণ্ডীগড়ৰ পৰা অহা গধুৰ বাহনৰ প্ৰৱেশ পুৱা ৭.৩০ বজাৰ পৰা পুৱা ১০.২০ বজালৈ আৰু আবেলি ৪.৩০ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ বন্ধ কৰিবলৈও পত্ৰ লিখিছোঁ ।"

"বৰষুণৰ ফলত বাড্ডিৰ দলংসমূহ ক্ষতিগ্ৰস্ত হৈছে আৰু বিকল্প পথৰ জৰিয়তে যান-বাহন নিয়ন্ত্ৰণ কৰা হৈছে ।" তেওঁ লগতে কয় । ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ ফলত ৭০৯ টা পথ বন্ধ হৈ গৈছে । ২৪ জুনৰ পৰা ২৪ আগষ্টলৈকে ৰাজ্যখনত বাৰিষা আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে বৰষুণ সম্পৰ্কীয় ঘটনাত ২৪২ জন লোকৰ মৃত্যু হৈছে আৰু কেৱল লোক নিৰ্মাণ বিভাগে ২,৮২৯ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Badrinath Highway Blocked : প্ৰকৃতিৰ তাণ্ডব; ধ্বংসাৱশেষৰ বাবে আৱদ্ধ বদ্ৰীনাথ ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.