ETV Bharat / bharat

মুম্বাইত প্ৰবল বৃষ্টিপাতৰ বাবে স্তব্ধ কেন্দ্ৰীয় ৰে'লৱে - Heavy rainfall at maharastra

প্ৰবল বৃষ্টিপাতৰ বাবে মুম্বাইত ৰে’ল সেৱা ব্যাহত । দূৰণিবটীয়া প্ৰায়বোৰ ৰে’ল আৱদ্ধ হৈ আছে মুম্বাইত । কেইবাটাও ষ্টেচন প্লাৱিত ।

Railway traffic in Mumbai
প্ৰৱল বৃষ্টিপাতৰ বাবে মুম্বাইত কেন্দ্ৰীয় ৰেল সেৱা ব্যাহত
author img

By

Published : Jul 22, 2021, 3:46 PM IST

নেশ্যনেল ডেস্ক, ২২ জুলাই : দেশৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ । বৰষুণৰ ফলত বিভিন্ন স্থানত ৰে'লৰ চলাচলত বাধা আহিছে । জানিব পৰা মতে মহাৰাষ্ট্ৰৰ কাচাৰা ঘাট ৰে'লপথ সম্প্ৰতি জলমগ্ন হৈ পৰিছে । ইয়াৰ ফলত কেন্দ্ৰীয় ৰে'লৱেৰ (Central Railway) অধীনৰ ৰে’লসমূহৰ চলাচল ব্যাহত হৈ পৰিছে ।

সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইতিমধ্যে কেন্দ্ৰীয় ৰে'লৱেয়ে খাৰদীৰ পৰা ইগতপুৰী ৰে’ল ষ্টেচনলৈ (Igatpuri railway station) বন্ধ কৰি দিছে ৰে'লৰ চলাচল ৷ ইগতপুৰী ব্লকত একেৰাহে চাৰিদিন ধৰি ধাৰাসাৰ বৰষুণ অব্যাহত আছে । ঘাটমথিয়া, কাচাৰা ঘাট আৰু ৰাজ্যখনৰ পশ্চিমঅংশৰ বহু গাঁৱতো অব্যাহত আছে নেৰানেপেৰা বৰষুণ । যাৰ ফলত পথ আৰু ৰে'লৰ চলাচল ব্যাহত হৈ পৰিছে সেই অঞ্চলবোৰত ।

খাৰদী আৰু ইগতপুৰীৰ মাজৰ ঘাট লাইনটো বানে প্ৰভাৱান্বিত কৰিছে ৷ আনকি ষ্টেচনটোৰ বহু অংশ এতিয়া পানীৰ তলত । ইয়াৰোপৰি ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলবোৰত ব্যাপক ভূমিস্খলন (landslide) হৈছে ।

সেয়েহে কেন্দ্ৰীয় ৰে'ল প্ৰশাসনে বৃহস্পতিবাৰে পুৱা ১০.১৫ বজাত খাৰদী আৰু ইগতাৰপুৰী ৰে'ল ষ্টেচনৰ মাজৰ ৰে'ল সেৱা বন্ধ কৰি দিছে । ফলস্বৰূপে মুম্বাইলৈ অহা-যোৱা কৰা বহুকেইখন দূৰণিবটীয়া মেইল-এক্সপ্ৰেছ ৰে'ল আৱদ্ধ হৈ পৰে । মুম্বাইৰ পৰা যোৱা অমৰাৱতী এক্সপ্ৰেছ খাৰদী আৰু ইগতপুৰী ষ্টেচনৰ মাজত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । উম্বাৰমালীৰ ৰে'লপথত বানৰ ফলত উজনি আৰু নামনিমুৱা ৰে'লৰ যাত্ৰা ব্যাহত হৈছে ।

Railway traffic in Mumbai
প্ৰবল বৃষ্টিপাতৰ বাবে মুম্বাইত কেন্দ্ৰীয় ৰে’ল সেৱা ব্যাহত

ইফালে কাচাৰা ঘাটৰ (Kasara Ghat) ৰে’লপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । কেন্দ্ৰীয় ৰে'ল প্ৰশাসনে ঘাট ডিভিজনৰ এনে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । লগতে অভিযান্ত্ৰিক দল আৰু ৰে'লৱেৰ কৰ্মচাৰীসকলক ঘাট শাখাত (ghat section) নিয়োজিত কৰা হৈছে ।

পুৰণি কাচাৰা ঘাটত হোৱা ভূমিস্খলনৰ ফলত মুম্বাই-নাচিক ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । অৱশ্যে তৎপৰতাৰে শিলবোৰ আঁতৰ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে । মুম্বাই-আগ্ৰা ঘাইপথৰ (Mumbai-Agra highway) ললিত কোম্পানীৰ সন্মুখৰ সমগ্ৰ ঘাইপথটো জলমগ্ন হৈ পৰাৰ ফলত যান-বাহনৰ চলাচল স্থবিৰ হৈ পৰিছে ।

লগতে পঢ়ক: আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগনামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.