নেচনেল ডেস্ক,১১জুলাই: তেলেংগানাত দেওবাৰে পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ হৈ থকাত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে (Red alert for Telangana)। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে সোমবাৰে আৰু মঙলবাৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। বিজ্ঞান বিভাগৰ তথ্য় অনুসৰি নিজামাবাদ, জগতিলা আৰু নিৰ্মল জিলাত ৬১ ছেমি বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে পুৱাৰে পৰা সন্ধিয়ালৈকে ৭ খন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে ।
হায়দৰাবাদ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক ড০ কে নাগাৰত্নই 'ইটিভি ভাৰত'ক কয় যে নিম্ন চাপৰ প্ৰভাৱৰ বাবে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Director of Hyderabad Meteorological Department Dr K Nagaratna)। তেওঁ ৰাজ্য়খনৰ লোকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতে, জয়শংকৰ ভূপালাপল্লী জিলাৰ কলেশ্বৰম অঞ্চলত জুলাইত আটাইতকৈ বেছি বৰষুণ হৈছে । শনিবাৰে পুৱাৰ পৰা দেওবাৰে পুৱালৈ ৩৫ ছেমি বৰষুণ হৈছে। এয়া যোৱা দহ বছৰৰ ভিতৰত বৰষুণ হোৱাৰ সৰ্বোচ্চ অভিলেখ ।
ইপিনে, হায়দৰাবাদ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি ৰাজ্যখনৰ সাতটা অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে । সমগ্ৰ ৰাজ্যতে ৩৪৪ ঠাইত ১ ছেমিৰ পৰা ১০ ছেমিলৈকে বৰষুণ হোৱাত জনজীৱন হৈ পৰিছে স্তব্ধ । হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদৰ লগতে দেওবাৰে ৰাজ্যজুৰি বৰষুণ হয় । আচিফাবাদ জিলাত ধাৰাষাৰ বৰষুণ হোৱাত একাংশ গাঁৱৰ আন ঠাইৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে । কোটাপল্লী মণ্ডলৰ লক্ষ্মীপুৰত হোৱা বানৰ বাবে ৬৩ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা খহি যোৱাত মহাৰাষ্ট্ৰলৈ যান-বাহন চলাচলত ব্য়হত হৈ পৰিছে ।
আনহাতে, এন মুলুগু জিলাৰ শনিগাকুন্তা, চাপ্টাত বানপানী হৈছে । ভূপালাপল্লী জিলাৰ মহামুত্তৰম মণ্ডলত, নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে ২৪ খন গাঁৱত যান-বাহন চলাচল বন্ধ হোৱা বুলি জানিব পৰা গৈছে । তদুপৰি বিগত তিনিদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত জগীতালা জিলাৰ ভেলগাথুৰ মণ্ডলৰ জগদেৱুপেটৰ জাংগলনালা প্ৰকল্পত পানী প্ৰৱেশ কৰিছে।
বৰষুণৰ ফলত ৰাজ্যখনৰ দুখন জিলাত দুগৰাকী মহিলাৰ মৃত্যু হৈছে । দেওবাৰে ভদ্ৰদ্ৰী কোঠাগুডেম জিলাৰ ডুমমুগুডেম মণ্ডলৰ চুন্নামবাট্টি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ ডাক বিভাগৰ সহকাৰী শাখাৰ পোষ্টমাষ্টাৰ বৰা আদিলক্ষ্মী (36)ৰ মৃত্যু হয়। ইপিনে,দেওবাৰে মুলুগু জিলাৰ গোবিন্দা ৰাওপেটা মণ্ডলৰ গান্ধীনগৰত বৰষুণৰ ফলত গছ খহি পৰাত এগৰাকী বৃদ্ধা জয়ম্মাৰ (৬৫) মৃত্যু হয়।
লগতে পঢ়ক:Heavy rain in Karnataka: কেইবাখনো জিলাত ৰেড এলাৰ্ট ঘোষণা