ETV Bharat / bharat

Margadarshi cases: মাৰ্গদৰ্শী চিট ফাণ্ড গোচৰৰ শুনানি স্থগিত

author img

By

Published : Aug 9, 2023, 12:47 PM IST

বুধবাৰে মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডেৰ গোচৰৰ শুনানি স্থগিত ৷ ৰাজহুৱা জাননীক প্ৰত্যাহ্বান জনাই মাৰ্গাদৰ্শী চিটফাণ্ড কোম্পানীয়ে দাখিল কৰিছিল আবেদন ৷ সেই আবেদনৰ শুনানি বুধবাৰে স্থগিত ৰাখে আদালতে ৷

Margadarshi cases
মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডেৰ গোচৰৰ শুনানি স্থগিত

নেশ্যনেল ডেস্ক, 9 আগষ্ট: মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডেৰ গোচৰৰ শুনানি স্থগিত ৷ অন্ধপ্ৰদেশৰ চি আই ডিয়ে মাৰ্গদৰ্শী চিটফাণ্ড কোম্পানীত বিত্তীয় অনিয়মৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছিল ৷ এই অভিযোগৰ পাচতে মাৰ্গদৰ্শী চিট ফাণ্ড প্ৰাইভেট লিমিটেডেৰ বিৰুদ্ধে ৩০ জুলাইত জাৰি কৰিছিল এখন ৰাজহুৱা জাননী ৷

সেই জাননীক প্ৰত্যাহ্বান জনাই মাৰ্গাদৰ্শী চিটফাণ্ড কোম্পানীয়ে দাখিল কৰা আবেদনৰ ওপৰত বুধবাৰে শুনানি স্থগিত ৰাখে আদালতে ৷ ইফালে গ্ৰাহকসকলক চৰকাৰী ৱেবছাইটত ৰখা চিট গ্ৰুপ সন্দৰ্ভত ওজৰ আপত্তি উত্থাপন কৰিবলৈ কোৱা হৈছিল । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন জয়সূৰ্যই মঙলবাৰে এই সন্দৰ্ভত নিৰ্দেশ দিছিল।

ৰজহুৱা জাননীখন ভিত্তিহীন আখ্যা দিয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ নাগামুথুৱে কয়। এম চি এফ পি এলৰ হৈ যুক্তি প্ৰসংগত নাগামুথুৱে কয় যে, আইনৰ বিধি অনুসৰণ নকৰাকৈ চিট গ্ৰুপটোক বন্ধ কৰাৰ জাননী দিয়া হৈছিল ।

আনহােত কোম্পানীটোৱে অন্ধ্ৰ প্ৰদেশৰ অপৰাধ তদন্ত বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, তেওঁলোকে গ্ৰাহকসকলক “সম্পূৰ্ণ কল্পিত আৰু মিছাৰ ভিত্তিত জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰিছে । চিট ফাণ্ড ব্যৱসায়ৰ বাবে নিৰ্ধাৰিত নিয়মৰ ভিতৰত কোম্পানীটোৱে নিজৰ ব্যৱসায় ভালদৰে চলাই আহিছে । আমাৰ বিত্তীয় অনুশাসন হৈছে আমাৰ শক্তি আৰু আমি কোনো সময়তে নিয়ম উলংঘনৰ কোনো সুযোগ এৰি নিদিওঁ" ৷ এই দৰে কোম্পানীটোৱে বিবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিছিল ৷

‘‘চিআইডিয়ে তেওঁলোকৰ গোপনীয়তাত হস্তক্ষেপ কৰা উচিত নাছিল ৷ মাননীয় আদালতৰ নিৰ্দেশ থকাৰ পিচত চি আই ডিয়ে ব্যৱসায়ীক প্ৰতিষ্ঠানটোক অস্থিৰ কৰাৰ বৃহৎ ষড়যন্ত্ৰৰ কৰিছে ৷ ফলত সমগ্ৰ ৰাজ্যৰ গ্ৰাহকক হাৰাশাস্তিৰে, কোম্পানীটোক বদনাম কৰাৰ একমাত্ৰ লক্ষ্য আছিল নেকি !’’

লগতে পঢ়ক: Margadarsi Chitfund : মাৰ্গদৰ্শী চিট গ্ৰুপৰ নিলম্বনক প্ৰত্যাহ্বান জনাই অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.