ETV Bharat / bharat

মহামাৰীৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই : স্বাস্থ্য মন্ত্ৰালয়

ক'ভিড-১৯(COVID-19) মহামাৰীৰ ত্ৰাস এতিয়াও দেশত অব্যাহত আছে । অসাৱধান নহ'বলৈ সকলোকে সকীয়াই দিলে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে(Lav Agarwal) । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, মহামাৰীৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই । স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰা তথ্য মতে, ৮ জুলাই পৰ্যন্ত দেশৰ ১৭ খন ৰাজ্যৰ ৬৬ খন জিলাত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্তৰ হাৰ ১০ শতাংশতকৈ অধিক আছিল ।

Health Ministry says pandemic is far from over and there is no room for complacency
ক'ভিড মহামাৰীৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী
author img

By

Published : Jul 9, 2021, 10:55 PM IST

নেশ্যনেল ডেস্ক, ৯ জুলাই : বিগত বৰ্ষৰ আৰম্ভণিৰ পৰাই ক'ভিড-১৯(COVID-19)ৰে যুঁজি আছে সমগ্ৰ দেশে । মহামাৰীয়ে বহুতৰ জীৱন শেষ কৰিছে, বহু শিশুক নিথৰুৱা কৰিছে । হাজাৰ হাজাৰ লোকে এতিয়াও মৃত্যু যন্ত্ৰণাত চিকিৎসালয়ৰ বিচনাত চটফটাই আছে । এতিয়াও পৰিস্থিতি সম্পূৰ্ণৰূপে সুস্থিৰ হোৱা নাই ।

শুকুৰবাৰে পুনৰ জনসাধাৰণক সাৱধনতা অৱলম্বন কৰি থাকিবলৈ পৰামৰ্শ দিলে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে(Lav Agarwal) । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, মহামাৰীৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই । জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে, ভাৰতে এতিয়াও মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দি আছে আৰু এনে পৰিস্থিতিত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ শেষ হৈছে বুলি ভৱাটো ভুল হ'ব । কেন্দ্ৰীয় চৰকাৰে পূৰ্বে পৰ্যটন স্থলীৰ বৰ্তমানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল ।

কিয়নো, ক'ভিড প্ৰট'কল ভংগ কৰি মানুহে পৰ্যটন ক্ষেত্ৰত সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে । এয়া এক চিন্তাজনক বিষয় বুলিও বিভাগে কৈছিল । শুকুৰবাৰে সংবাদমেলত স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে ৰাছিয়া আৰু ইংলেণ্ডকে ধৰি কিছুমান দেশত শেহতীয়াকৈ বৃদ্ধি হোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছিল ।

মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি ক'ভিড প্ৰট'কল কঠোৰভাৱে মানি চলিবলৈও পৰামৰ্শ দিয়ে আগৰৱালে । তেওঁ কয় যে, যোৱা সপ্তাহত ভাৰতত মুঠ ক'ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ আধাতকৈও অধিক ৰোগী মহাৰাষ্ট্ৰ আৰু কেৰালাৰ । মহাৰাষ্ট্ৰত আক্ৰান্তৰ হাৰ ২১ শতাংশ আৰু কেৰালাত আক্ৰান্তৰ হাৰ আছিল ৩২ শতাংশ । বিষয়াজনে লগতে কয় যে, ভাৰতত নতুনকৈ হোৱা আক্ৰান্তৰ ঘটনাৰ ৮০ শতাংশ ঘটনা ১৫ খন ৰাজ্যৰ ৯০ খন জিলা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হোৱা পৰিলক্ষিত হৈছে ।

তেওঁ লগতে কয় যে, ৮ জুলাই পৰ্যন্ত যোৱা সপ্তাহত দেশৰ ১৭ খন ৰাজ্যৰ ৬৬ খন জিলাত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্তৰ হাৰ ১০ শতাংশতকৈ অধিক আছিল । শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ৪৩,৩৯৩ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । বৰ্তমানলৈকে ৩,০৭,৫২,৯৫০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।

আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪,৫৮,৭২৭ জন । নতুনকৈ মৃত্যু হোৱা ৯১১ জন লোকসহ এতিয়ালৈকে দেশত ৪,০৫,৯৩৯ জনলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা । নীতি আয়োগৰ সদস্য(স্বাস্থ্য) ভি কে পলে কয় যে, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ক'ভিড-১৯ মহামাৰীয়ে বিপদাশংকা বৃদ্ধি কৰিব পাৰে আৰু সেয়ে, প্ৰতিষেধক গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক:নতুন গোপনীয়তা নীতি সন্দৰ্ভত হোৱাটছএপে কি ক'লে দিল্লী উচ্চ ন্যায়ালয়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.